জীয়াই থকাৰ আনন্দৰ প্ৰধান উৎস স্বাস্থ্য
'জীয়াই থকাৰ আনন্দৰ প্ৰধান উৎস স্বাস্থ্য'স্বাস্থ্যৰ বিষয়ে লিখা বহুতো প্ৰবন্ধ একত্ৰিত কৰি এই কিতাপখন প্ৰস্তুত কৰা হৈছে। লেখক সাহিত্যিক হোমেন বৰগোহাঞি।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- যিটো বিষয় তুমি সম্যকভাৱে নাজানা, সেই বিষয়ে কথা ক’বলৈ মুখ নেমেলিবা।কাৰ লগত কথা পাতিছা বা কাক উদেশ্য কৰি কথা কৈছা, সেই কথাও বিশেষভাবে মনত ৰাখিবা।
- সদালাপ হ'ল দুজন মানুহৰ হৃদয় আৰু মনৰ মাজত হোৱা যুগলবন্দী।
- প্ৰকৃত সদালাপী হ’ল সেইজন মানুহেই-যিজনে কেনেকৈ কথা ক’ব লাগে সেইকথা যিমান জানে, তাতোতকৈ কেনেকৈ আনৰ কথা শুনিব লাগে সেইকথা জানে বেছিকৈ।
- আমি যেনেকৈ এটা বাক্য লিখোঁতে কেইটামান নিৰ্দিষ্ট শব্দৰ মূৰে মূৰে যতি চিহ্ন ব্যৱহাৰ কৰিবল্গা হয়,ঠিক তেনেকৈ আমাৰ কামনা-বাসনাবোৰৰ ক্ষেত্ৰতো ঠায়ে ঠায়ে যতি চিহ্ন ব্যৱহাৰ কৰাৰ প্ৰয়োজন।
- বিবিধতাৰ মাজত সামজ্ঞস্য স্থাপন কৰাটোৱেই হ’ল সহিষ্ণুতা। সহিষ্ণুতা এটা নৈতিক কৰ্তব্য।
- অফুৰন্ত কৰ্মশক্তি হ’ল স্বাস্থ্যৰ প্ৰধান লক্ষণ।
- ধনী মানুহৰ বেমাৰবোৰ যদি পৰিহাৰ কৰি চলিব খোজা, তেন্তে তুমি খাব লাগিব দুখীয়া মানুহৰ আহাৰ। ‘you must eat poor man’s food if you want to avoid rich man’s disease.’
- এটা সুখী পৰিপূৰ্ণ জীৱনৰ কাৰণে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা-দীক্ষা, প্ৰেম আৰু বন্ধুত্বৰ যিমান প্ৰয়োজন ঠিক সিমানেই প্ৰয়োজন নিয়মিত ব্যায়াম আৰু শাৰীৰিক পৰিশ্ৰম।
- ইচ্ছাশক্তিৰ সাধনাই হ’ল জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ন সাধনা।
- কোনো মানুহৰ জীৱনত এনে কোনো দুৰ্ভাগ্য বা যান্ত্ৰণা ঘটিব নোৱাৰে, যিটো সহ্য কৰিবলৈ প্ৰকৃতিয়ে মানুহক প্ৰস্তুত কৰি পঠোৱা নাই।
- সকলো মাছেই বৰশীৰ টোপ নিগিলে। যিবোৰ মাছে টোপ গিলে কেৱল সেইবোৰৰহে মৰণ হয়। জীৱনৰ নৈখনতো কোনোবা এটা অদৃশ্য সত্তাই মানুহ ধৰিবলৈ বৰশীৰ টোপ পেলাই থাকে।
তথ্য সূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ বৰগোহাঞি হোমেন (২০১২)। জীয়াই থকাৰ আনন্দৰ প্ৰধান উৎস স্বাস্থ্য। ষ্টুডেণ্টচ্ ষ্টৰচ্, পৃষ্ঠা:৪০,৪১,৪৩,৪৩,৪৯,৫১,৭৪,১৬০,১৭৩।