সমললৈ যাওক

জিতেন বেজবৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা

জিতেন বেজবৰুৱা অসমৰ এজন লেখক, গৱেষক৷ তেওঁৰ শেহতীয়া এখন গ্ৰন্থ হ’ল- ‘প্ৰসংগ : এল জি বি টি’৷

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ‘কা’ আন্দোলনটো কেৱল গুৱাহাটী বা জিলা সদৰত হোৱা উপৰুৱা আন্দোলন নহয় – ই হ’ল সমাজখনৰ চুক-কোণ সকলো ঢৌৱাই যোৱা এটা প্ৰকৃতাৰ্থত গণ আন্দোলন। এই গণ আন্দোলনত অসমৰ, বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনপ্ৰিয় মনটো তাৰ গভীৰতম স্তৰলৈকে আলোড়িত হৈ উঠিছে।[১]
  2. কেবৰ বিৰুদ্ধে গণ আন্দোলনটো ঘাইকৈ এটা স্বতঃপ্ৰণোদিত আৰু অসংগঠিত গণ জাগৰণ। কিন্তু সি লাহে লাহে মূলসুঁতিৰ জাতীয়তাবাদী সংগঠনসমূহৰ প্ৰভাৱাধীন হৈ পৰিবলৈ ধৰে। [১]
  3. অসমত গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিসমূহৰ ট্ৰেজেডি এইটোৱেই যে নিজে আৰম্ভ কৰা কোনো আন্দোলন সিবিলাকে নিজৰ হাতৰ মুঠিত ধৰি ৰাখিব নোৱাৰে – মাজবাটতে মূলসুঁতিৰ জাতীয়তাবাদী শক্তিসমূহে তাক গাইব কৰি পেলায়। [১]
  4. অসমৰ জাতীয়তাবাদী ৰাজনীতিৰ প্ৰধান চৰিত্ৰটোৱেই হ’ল এই যে সি নিজকে অৰাজনৈতিক বুলি দাবী কৰে। তাৰ অৰ্থ হ’ল, জাতি ৰাজনীতিৰ ঊৰ্ধত, আৰু যিটো জাতীয় সেইটো ৰাজনৈতিক হ’ব নোৱাৰে। জাতীয়তাবাদী শক্তিবিলাকে জাতীয় পৰিসৰটোত অৱস্থান কৰে আৰু জাতীয় স্বাৰ্থৰ ৰক্ষা কৰে। [১]
  5. অসম গণ পৰিষদৰ কথা কিছুমানে কোৱা দেখো, কিন্তু সেইটো দলৰ নাম লোৱাটোৱেই আচলতে সময়ৰ অপব্যয়ৰ বাদে আন একো নহয়।[১]
  6. প্ৰকৃতাৰ্থত অসমৰ সংসদীয় ৰাজনীতিত বিদ্যমান দল-সংগঠনবিলাকে যিমানেই যোগ-বিয়োগ, পূৰণ-হৰণ নকৰক লাগিলে, তাৰপৰা বিকল্প শক্তিৰ জন্ম নহয়। মূলসুঁতিৰ জাতীয়তাবাদী শক্তিবিলাকে মিলিজুলি এটা দ্বিতীয় অগপৰ জন্ম দিব পাৰে – কিন্তু সেইটোৰ ভাগ্যও যে প্ৰথম অগপৰ দৰেই হ’বগৈ সেইটো খাটাং।[১]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক | উৎস সম্পাদনা]