সমললৈ যাওক

জিতেন্দ্ৰ নাথ গোস্বামী

ৱিকিউদ্ধৃতিৰ পৰা

জিতেন্দ্ৰ নাথ গোস্বামী (ইংৰাজী: Jitendra Nath Goswami) এগৰাকী অসমীয়া বিজ্ঞানী। তেওঁ ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান-১ৰ মুখ্য বিজ্ঞানী, এই অভিযানৰ পৰিকল্পনা আৰু ৰূপায়ণতো তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল।[১][২] চন্দ্ৰযান-২ আৰু মংগলযান অভিযানৰ লগতো তেওঁ জড়িত। তেওঁ ভৌতিক গৱেষণাগাৰ (Physical Research Laboratory)ৰ সঞ্চালকৰ দায়িত্ব পালন কৰিছিল। এইজন অসমীয়া বিজ্ঞানীৰ জন্ম হয় অসমৰ যোৰহাট জিলাত।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. আমেৰিকাৰ বিজ্ঞানীসকলে প্ৰথমে এটা আৰ্হিৰে পৰিকল্পনা প্ৰস্তুত কৰে। যেতিয়া পৰিকল্পনাটোৰ অনুমোদন হয়, তেতিয়া তাত থকা ব্যৱসায়িক বা শৈক্ষিক কিছুমান অনুষ্ঠানে এই সঁজুলিসমূহ প্ৰস্তুত কৰে। কিন্তু আমাৰ দেশত এনে ব্যৱস্থা নাই। ইয়াত যিজনে এনে সঁজুলি বনোৱাৰ প্ৰস্তাৱ আগবঢ়ায়, তেঁৱেই সেই সামগ্ৰী প্ৰস্তুত কৰিবলগীয়া হয়।[৩]
  2. মংগল অভিযানত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ বাবে ৫টা আহিলা আছিল। আমি প্ৰথম পদক্ষেপতে মংগল গৈ পোৱাই নহয়, তাৰ চাৰিওফালে আমাৰ মংগল-যানখনে যথেষ্ট সক্ষমতাৰে পৰিভ্ৰমণ কৰিব পাৰিলে। উল্লেখ্য যে মংগলৰ চাৰিওফালে পৰিভ্ৰমণ কৰাত একেবাৰতে কৃতকাৰ্য হোৱা এইটোৱে আছিল পৃথিৱীৰ প্ৰথম অভিযান।[৩]
  3. আন্তৰ্জাতিক প্ৰযুক্তি অংশীদাৰকৰণ এনে ধৰণৰ অভিযানৰ বাবে অত্যন্ত জৰুৰী। Synthetic Aperture RADAR (SAR) যাৰ সহায়ত মাটিৰ তলৰ ভাগৰো বিশ্লেষণ (Analysis) কৰিব পাৰি, তেনে এক আহিলা NASAই আমাক দিছিল। এতিয়া আহমেদাবাদৰ মহাকাশ বিভাগে নিজেই এই প্ৰযুক্তি উদ্ভাৱন কৰিলে আৰু ‘চন্দ্ৰায়ান-২’ত ভাৰতীয় SAR থাকিব। অৱশ্যে কোনো কোনো ক্ষেত্ৰত আমি আন্তৰ্জাতিক সহযোগিতা আৱশ্যক হ’লে গ্ৰহণ কৰাটো যুক্তিসংগত হ’ব বুলিয়েই ভাবোঁ।[৩]
  4. এতিয়ালৈকে ব্যৱহাৰ কৰা যানসমূহৰ ভিতৰত PSLV আটাইতকৈ সফল যান বুলি প্ৰমাণিত হৈছে। এনেধৰণৰ বৃহৎ অভিযানত অকৃতকাৰ্য হোৱাটো গ্ৰহণযোগ্য নহয়। মংগল অভিযানত আমাৰ মহাকাশ যানখনে পৃথিৱীৰ চাৰিওফালে কেইপাকমান ঘূৰি অধিক শক্তি লাভ কৰিহে চন্দ্ৰ অভিমুখে গতি কৰে। PSLV যানখনেহে এই ক্ৰিয়াৰে গতি কৰি ‘চন্দ্ৰায়ান-১’ অভিযান সমাধা কৰিলে। মংগলযানৰ ক্ষেত্ৰতো যানখনে এক বহু দীৰ্ঘ পথেদি ভ্ৰমণ কৰিবলগীয়া হৈছিল, য’ত যোগাযোগৰ ক্ষেত্ৰতো অসংখ্য সমস্যা আহি পৰাৰ সম্ভাৱনা আছিল।[৩]
  5. মংগল গ্ৰহ পোৱাৰ আগতেই যদি যানখনে দেখে যে ই সঠিক পথত অহা নাই, তেতিয়া ই স্বয়ংক্ৰিয়ভাৱে নিজৰ দিশ ঠিক কৰি ল’ব আৰু বেগৰো পৰিৱৰ্তন কৰি ল’ব। মংগল গ্ৰহৰ ওচৰ পোৱাৰ আগতে যানখনৰ বেগ কমাব লগা হৈছিল। এইটো কৰিবলৈ যানখন ওলোটামুখী কৰিব লগা হয়। এই সকলোখিনি কাম যানখনে স্বয়ংক্ৰিয়ভাৱেই কৰিছিল। এই ক্ষেত্ৰত আমাৰ সফল প্ৰযুক্তিৰ বিষয়ে সকলোৱে প্ৰশংসা কৰিছিল আৰু TIME আলোচনীখনে ২০১৪ চনত হোৱা উল্লেখনীয় ঘটনাৰ ভিতৰত আমাৰ ‘মংগলয়ান’ৰ সফলতাৰ বিষয়টো বিশেষভাৱে উল্লেখ কৰিছিল।[৩]
  6. দলগত সহযোগিতা খুবেই প্ৰয়োজন। মহাকাশ সম্পৰ্কীয় যিকোনো প্ৰস্তুতিতে প্ৰত্যেকটো বিভাগকে বেলেগ বেলেগ কাম ভগাই দিয়া হয়। প্ৰত্যেকেই নিজৰ নিজৰ দায়িত্বত থকা কামখিনি সময়মতে আৰু শুদ্ধকৈ এনেধৰণেৰে কৰি দিব লাগে যাতে এই সকলো কাম এককৃত কৰোঁতে কোনো অসুবিধা নহয়।[৩]
  7. চীনৰ লগত প্ৰযুক্তি বিষয়ত প্ৰতিযোগিতা কৰা বৰ্তমান আমাৰ বাবে সহজ নহ’ব। আমি আমাৰ গতিত আগবাঢ়িছোঁ আৰু তেওঁলোকে তেওঁলোকৰ মতে গতি কৰিছে। তেওঁলোকেও এইটো জানে যে অন্ততঃ চন্দ্ৰ অভিযানৰ ক্ষেত্ৰত বিজ্ঞানৰ নতুন কথা আৰু তাৰ ব্যাখ্যা সম্পৰ্কে আমি যথেষ্ট আন্তঃৰাষ্ট্ৰীয় সমাদৰ পাইছোঁ। প্ৰতিযোগিতাৰ প্ৰশ্ন এই ক্ষেত্ৰত নাহে।[৩]
  8. এইটো মানিবই লাগিব যে আজিকালি স্কুল-কলেজত পঢ়া ল’ৰা-ছোৱালীয়ে একেবাৰে সৰু অৱস্থাৰে পৰা ভবিষ্যতৰ কথা চিন্তা কৰে। তেওঁলোকে নিজৰ লক্ষ্য সৰুতেই স্থিৰ কৰি লয়। সেই কাৰণে আমি মহাকাশ বিজ্ঞানৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আকৰ্ষণ কেনেকৈ বঢ়াব পাৰি সেই বিষয়ে পৰিকল্পনা কৰিব লাগিব। এতিয়াই যদি কোনোবা এজন ছাত্ৰই মহাকাশ বিজ্ঞান অথবা মহাকাশ প্ৰযুক্তিৰ পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ ইচ্ছা কৰে, তেন্তে প্ৰশ্ন হ’ব যে এই পাঠ্যক্ৰম শেষ কৰি তেওঁ কি কৰিব। শ্বিলঙত North-East Space Application Centre (NESAC) বুলি ISROৰ এটা অনুষ্ঠান হৈছে। তেওঁলোকে Satellite Remote Sensingৰ সকলো স্তৰতে তথ্য বিশ্লেষণৰ প্ৰশিক্ষণ দিছে। চৰকাৰী খণ্ডতো তেওঁলোকে প্ৰশিক্ষণ দিয়া প্ৰাৰ্থীক মনোনীত কৰাৰ ব্যৱস্থা কৰিছে। এনেকুৱা ব্যৱস্থাৰ ভাল প্ৰসাৰ হোৱা প্ৰয়োজন।[৩]
  9. একো নজনা অৱস্থাৰ পৰা অৰ্থাৎ প্ৰাথমিক স্কুলৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত মই এনে কিছু নমস্য শিক্ষাগুৰুক লগ পাইছিলো যিসকলে মোৰ বিদ্যায়তনিক দিশত অভিভাৱকসকলৰ দৰেই যত্ন লৈছিল।[৩]
  10. মই নিজৰ অভিজ্ঞতাৰ পৰা ভাবোঁ যে নিজৰ মনত যি বিষয়তে পঢ়া বা কাম কৰাৰ ইচ্ছা থাকে সেইটোৱেই কৰা উচিত। কিন্তু এনে এটা বাছনি কৰাৰ আগতে চিন্তা কৰিব লাগে যে ইয়াৰ বাবে নিজৰ সম্যক জ্ঞান আৰু অনুভূতি আছেনে নাই। এই কথা মুকলিকৈ নিজৰ বন্ধুৰ লগত আলোচনা কৰাৰ লগতে এজন Mentorৰো প্ৰয়োজন, যিজনক নিজৰ Strength আৰু দুৰ্বলতাৰ সম্বন্ধে কৈ পৰামৰ্শ বিচাৰিব পৰা যায়।[৩]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. The Chandrayaan Team. প্ৰকাশক: Zee News. আহৰণ কৰা হৈছে: জুলাই 24, 2013.
  2. Indian Fellow. প্ৰকাশক: Indian National Science Academy. আহৰণ কৰা হৈছে: জুলাই 24, 2013.
  3. ৩.০০ ৩.০১ ৩.০২ ৩.০৩ ৩.০৪ ৩.০৫ ৩.০৬ ৩.০৭ ৩.০৮ ৩.০৯ ড° প্ৰশান্ত কুমাৰ বৰদলৈ. "চন্দ্ৰায়ান-১ৰ মুখ্য বিজ্ঞানী প্ৰফেছৰ জিতেন্দ্ৰ নাথ গোস্বামীৰ সৈতে এটি সাক্ষাৎকাৰ", আমাৰ অসম (১ মাৰ্চ, ২০১৬). আহৰণ কৰা হৈছে ২২ মে' ২০২৪.