জলছবি (গ্ৰন্থ)
অৱয়ব
জলছবি অসমীয়া গল্পকাৰ, ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ এখন উপন্যাস।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- অতি সাধাৰণ বুলি ভবা কিছুমান শব্দ পাঠকৰ মনত ৰৈ যায়।
- জ্ঞান, অনুভূতি আৰু ইচ্ছা এই তিনিটা আমাৰ মনৰ প্ৰধান প্ৰক্ৰিয়া। এই তিনি প্ৰক্ৰিয়াৰ সুসমন্বয়ৰ অভাৱ ঘটিলেই মনোজগতৰ ভাৰসাম্য নোহোৱা হয়।[১]
- আমাৰ সমাজত বৃদ্ধৰ শাৰীৰিক পৰীক্ষাৰ প্ৰতি অধিক গুৰুত্ব দিয়া হয়, ঠিকেই, কিন্তু মানসিক দিশটো সম্পূৰ্ণ উলাই কৰা হয়।
- বিচ্ছেদৰ মাজেৰেহে বন্ধনক উপলব্ধি কৰিব পাৰি।
- এই পৃথিৱীত অসম্ভৱ বুলি একো কথা নাই, অন্তৰত যদি বিশ্বাসৰ দৃঢ়তা থাকে, মানুহৰ প্ৰাৰ্থনা পৃথিৱীৰ সকলো উৎকৃষ্ট ঔষধতকৈ ফলদায়ক হৈ পৰে।
- কোনো মানুহৰ ঘৰ একেদৰে নাথাকে, সময়ৰ সোঁতে সলাই নিয়ে আপোন ঘৰ, আপোন মানুহ, চিনাকি বাট তেতিয়া অচিনাকি হৈ যায়। এয়াই সত্য জীৱনৰ।
- Life is stranger than fiction.[১]
- জীৱনত যদি সুৰ নাই,ছন্দ নাই,তাল নাই, তেন্তে জীৱনৰ সুখ-আনন্দ ক’ত? [১]
- আচলতে মানুহে একো পাহৰি নাযায়। পাহৰিব খোজাখিনি ৰৈ থাকে মনৰ আন্ধাৰৰ এচুকত।
- সকলো পৰিস্থিতিৰে নিশ্চয় কিছুমান নিয়ন্ত্ৰণ ৰেখা থাকে।[১]
- আমাৰ সমাজত ধৰ্ম, আধ্যাত্মিকতা, অন্ধবিশ্বাস সকলো একাকাৰ হৈ গৈছে। আধ্যাত্মিকতা পৃথক বিষয়। এক সুন্দৰ, ইতিবাচক জীৱন সন্ধান কৰিব পৰাটোহে আধ্যাত্মিকতা। ইয়াৰ বাবে আত্মপ্ৰেমৰ প্ৰয়োজন, আত্মপ্ৰেমৰ উদাৰ দৃষ্টিভংগীৰে পৃথিৱীৰ প্ৰেমত নিমজ্জিত হোৱা; এয়াই আধ্যাত্মিকতা।[১]
- মৃত্যু প্ৰত্যেক জীৱৰ ছাঁ, কেতিয়াবা হঠাতে, কেতিয়াবা লাহে লাহে আহে। জীৱনৰ লোভ ত্যাগ কৰাটো বৰ কঠিন, সেয়েহে মৃত্যুৰ বাবে ইমান ভয়। এই ভয় জয় কৰিব পাৰিলেই জীৱন আৰু মৃত্যু সমানেই অৰ্থময়। মৃত্যু নিৰৰ্থক নহয়। মৃত্যু আমাৰ পৰম সখা, যি জন্ম মুহূৰ্তৰ পৰা কাষে কাষে থাকে। [১]
- এই দুনিয়াত প্ৰকৃততে সম্পৰ্ক কাৰ সৈতে। আজিৰ দুনিয়াত স্বাৰ্থই সম্পৰ্ক। সেয়ে কওঁ স্বাৰ্থ আৰু মোহৰ পৰা ওলাই আহা, পৃথিৱীৰ ৰূপ সুধাত নিমগ্ন হোৱা। দীন-দুখীক সহায় কৰা বিনাস্বাৰ্থে। গছ-বিৰিখক আপোন বুলি ভাবা, চৰাই-চিৰিকটিৰ সৈতে বন্ধুত্ব স্থাপন কৰা, এই সকলোবোৰে তোমাক কেতিয়াও অকলশৰীয়া নকৰে, বিশ্বাসঘাতকতা নকৰে।[১]
- শৰীৰৰ মৃত্যু মানেই জীৱনৰো অন্ত, এই বৈজ্ঞানিক সত্যৰ পিছতো পৃথিৱীত থাকি যায় জীৱনৰ ভগ্নাৱশেষ।
- পৃথিৱী কাহানিও নিঃসংগ নাছিল, মানুহো নিঃসংগ কোনোকালেই হ’ব খোজা নাছিল। প্ৰতি মানুহেই বুকুত মৰিশালি পাতি, মানুহৰ সৈতেই জীয়াই থাকিব খোজে চিৰকাল।[১]
- তাৰমানে জুইৰো বাৰ্ধক্য থাকে! অলপ আগলৈকে মাৰ মৃত শৰিৰটো পুৰি শেষ কৰিবলৈ ৰঙা, সোণবৰণীয়া ৰূপ ধৰি তগবগাই জুইকুৰা ওপৰলৈ উঠিছিল৷ যেন পাৰিলে আকাশ চুব৷ এতিয়া বুঢ়া মানুহটোৰ শোতোৰা ছালৰ দৰে আধাপোৰা খৰিবোৰ, ক’লা বগা, ধোঁৱা ৰঙৰ৷ যেন মৃত্যুৰ অপেক্ষাত৷ কিছুপৰ পিছত এয়াও নিঃচিহ্ন হ’ব৷ নতুন চিতা জ্বলিব ইয়াত৷ সকলোৰে যিদৰে আৰব্ভ থাকে, অন্তও থাকে৷[১]
- তেওঁৰ প্ৰিয় স্বজন-বন্ধু প্ৰায় সকলো যেনেতেনে আহি তেওঁৰ মৃত্যুৰ খবৰ কৰি গৈছিল৷ তেওঁলোক যদি মানুহজনী জীয়াই থাকোঁতে এইদৰে আহিলেহেঁতেন৷[১]
- সন্দেহ, ঈৰ্ষা, খং এইবোৰ মানুহৰ চৰিত্ৰত থকা স্বাভাৱিক গুণ-দোষ৷ কিছুমান মানুহ স্বভাৱতেই সন্দেহপৰায়ণ৷ কিছুমান মানুহ অতি ঈৰ্ষাপৰায়ণ৷[১]
- পৃথিৱীখন বৰ ডাঙৰ, পৃথিৱীৰ পাঠশালাৰ তুলনাত স্কুল কলেজবোৰ বৰ ক্ষুদ্ৰ৷[১]
- প্ৰত্যেকজন মানুহৰ বাবে মাতৃবোৰ একোখন আইনা৷ মাক হেৰাই যোৱা মানে জীৱনৰ প্ৰতিচ্ছবি হেৰাই যোৱা৷ মাতৃ বিয়োগৰ সৈতে হেৰায় একোজন পূৰ্ণাংগ মানুহৰ জন্মঠিকনা, শৈশৱ-কৈশোৰ৷[১]
- যৌৱনক প্ৰাধান্য দি জীৱন বিচাৰ কৰা সকলক মই জ্ঞানী বুলি নাভাবোঁ৷[১]