সমললৈ যাওক

জয়ন্ত মাধৱ বৰা

ৱিকিউদ্ধৃতিৰ পৰা

জয়ন্ত মাধৱ বৰা অসমৰ এগৰাকী গল্পকাৰ আৰু ঔপন্যাসিক।'মৰিয়াহোলা' নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা বৰাদেৱে গৱেষণামূলক গ্ৰন্থ,শিশু সাহিত্য,নাটক,অনুবাদ ইত্যাদি সৃষ্টিকৰ্মতো মনোনিৱেশ কৰি আছে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

নামত মাজুলী কহয় সৱে

  • অসমৰ বাহিৰে অন্য ক'ৰবাত এনেকে সেলেঙি বোৱাই তামোল খোৱা দেখিছা?নেদেখা।সেই আহোম স্বৰ্গদেউসকলৰ দিনৰে পৰা অতিথি আহিলেই তামোলৰ বটাটো আগবঢ়াই দিয়াটো অসমীয়া মানুহৰ এটা পৰম্পৰাই হৈ আছে।[১]
  • মানুহৰ কল্যাণৰ বাবে কাম কৰোঁতে সমাজৰ এটা চামে তেতিয়াও বাধা দিছিল,আজিও দি আছে।নীতি-অনীতিৰ এই সংগ্ৰাম,স্বাৰ্থ-নিস্বাৰ্থৰ এই সংগ্ৰাম পোহৰ আৰু আন্ধাৰৰ দৰে শ্বাশ্বত আৰু চিৰন্তন।যুগ যুগান্তৰৰ পৰা চলি আহিছে,হয়তো চলি থাকিব।যিজনে বাধা নেমানি অক্লান্ত হৈ নিজ কৰ্তব্য কৰি গৈ থাকে তেওৱেঁই যুগপুৰুষ।[২]
  • সাঁতুৰিবলৈ হ'লে নিজৰ গাত জোৰ থাকিব লাগিব।নহ'লে কোবাল সোঁতে উটুৱাই নিয়াৰ সময়ত সকলোৱে ইচ্‌ ইচ্‌-আচ্‌ আচ্‌ কৰিব,পানীৰ পৰা উঠাই আনিবৰ বাবে নিজৰ জীৱন বিপন্ন কৰি কোবাল সোঁতত কোনেও জাঁপ নামাৰে।[৩]
  • আত্মবিশ্বাস আৰু ভগৱৎ বিশ্বাসৰ মাজত কোনো পাৰ্থক্য নাই।পৃথিৱীলৈ আহি এই মাটি আৰু মানুহলৈ পিঠি দি মায়া-মোহ ত্যাগ কৰি ঈশ্বৰৰ নাম লৈ থকাত কোনো মহত্ব নাই।যুধিষ্ঠিৰক সৰ্বকালৰ এজন ধাৰ্মিক পুৰুষ বুলি আখ্যা দিয়া হৈছে,কিন্তু যুধিষ্ঠিৰে ক'তো কোনো বিগ্ৰহৰ সন্মুখত বহি পূজা কৰি থকা নাছিল।কোনো স্থানত বহি ঈশ্বৰৰ নাম গাই থকা নাছিল।তেওঁ সদায় সঁচা কথা কৈছিল,কাৰো অনিষ্ট নকৰিছিল,সকলোকে সহায় কৰিছিল,নীতিত আছিল,সেই কাৰণেই তেওঁ ধাৰ্মিক।[৪]
  • লক্ষ্যই যদি নাথাকে,জীৱনটো যাপন কৰিবা কেনেকৈ?কোনফালে যাবা সেইটোৱেই যদি নাজানা,জীৱনৰ বাটত খোজ দিবা কেনেকৈ?মনুহে জীৱনত প্ৰতিষ্ঠা লাভ কৰিব নোৱৰাৰ এটা ডাঙৰ কাৰণ হৈছে মানসিক শক্তিৰ লগত নিজৰ কামৰ বিসংগতি।সফলতা নাপালেই দোষ দিয়ে ভাগ্যক।কয়-কপালৰ লিখন খণ্ডাব কোনে?ভাগ্যক ধিয়াই বহি থকটোৱেই কি জীৱনৰ লক্ষ্য?এয়া কপালৰ লিখন বুলি পৰিস্থিতিয়ে যি ফালে লৈ যায় সেইফালে গুচি যোৱাটোৱেই কি জীৱনৰ উদ্দেশ্য?[৫]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক | উৎস সম্পাদনা]