সমললৈ যাওক

জয়ন্ত দাস

ৱিকিউদ্ধৃতিৰ পৰা

জয়ন্ত দাস অসমৰ এজন অভিনেতা আৰু বোলছবি পৰিচালক আছিল।[] মুনিন বৰুৱা পৰিচালিত ৰামধেনুকে ধৰি আদি অনেক অসমীয়া চলচ্চিত্ৰত তেওঁ অভিনয় কৰিছিল।[][][][][][] এজন পেছাদাৰী অভিনেতা হিচাপে সেন্দূৰ নামৰ ছবিৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল।[] মুকুতা ছবিত তেওঁ এজন শিশু শিল্পী হিচাপে অভিনয় কৰিছিল।[]

  1. আমাৰ দিনৰ ক্ৰিকেট আজিৰ দৰে প্ৰফেচনেল নাছিল৷ আমি ফূৰ্তিৰ বাবে খেলিছিলো৷ মই ষ্টেট্, ইউনিভাৰ্চিটী, জ’নেল আদিত খেলিছোঁ। কিন্তু সেয়া প্ৰফেছন নাছিল, সেয়া আছিল নিচা৷ খেলি ভাল লাগিছে, খেলি গৈ আছোঁ। কিন্তু যেতিয়া নাটকৰ জগতত নামিলোঁ, তেতিয়া অনুভৱ হ’ল যে এইটোহে আচল টেষ্ট৷ মই ভাবোঁ যে মোক যদি সেই সময়ত কি কৰিম বুলি সুধিলেহেঁতেন, তেন্তে মই হয়তো উত্তৰ দিব নোৱাৰিলোহেঁতেন৷ কিন্তু নাটক কৰাৰ পিছত বুজিলোঁ, আচলতে এইটোহে মোৰ জীৱনৰ লক্ষ্য৷[]
  2. নাটক বা চিনেমা কৰোঁতে মই এটা ভাল সুযোগ পালোঁ যে মই গোটেই সময়খিনিত এই ক্ষেত্ৰবোৰৰ লগত জড়িত গুণী জ্ঞানী ব্যক্তিসকলৰ লগত কাম কৰাৰ আৰু কাম শিকাৰ সুযোগ পালোঁ। মই এতিয়াও শিকিয়েই আছোঁ। কিন্তু সেই আৰম্ভণিৰ “অ আ ক খ” খিনি মই বৰ ভাল মানুহৰ পৰা শিকাৰ সুযোগ পালোঁ।[]
  3. মই যিকোনো চৰিত্ৰই উপভোগ কৰোঁ। মই নিজে যদি চৰিত্ৰটোত অভিনয় কৰি আনন্দ নাপাওঁ, তেনেহ’লে মই নকৰোঁ।[]
  4. যি চৰিত্ৰই হওক, আমি শ্ৰদ্ধা আৰু নিষ্ঠাৰে কৰিবই লাগিব আৰু চৰিত্ৰটোক ন্যায় দিবই লাগিব।[]
  5. মোৰ কাম কৰাৰ ধৰণ বেলেগ৷ মই আঠ বজাৰ পিছত কাম নকৰো৷ মেক আপ কৰাৰ লগে লগে মই বেলেগ কামত মন নিদিওঁ, কেৱল অভিনয়তেই মন দিম৷ মেক আপ গুচোৱাৰ লগে লগে মই অভিনয়ৰ কথা পাহৰিলো, তেতিয়া মই এজন ঘৰুৱা মানুহ৷ এজন দেউতাক, এজন স্বামী, এজন বৰদেউতাক ইত্যাদি।[]
  6. হাস্য-ব্যঙ্গ এটা এনে বস্তু, যিয়ে সমাজ সলনি কৰি দিয়াৰ ক্ষমতা ৰাখে। আৰু যাক লৈ ব্যঙ্গ কৰা হয়, তেওঁ যদি সেয়া হজম কৰি দিব পাৰে, তেন্তে সেয়াটো আৰু সাংঘাতিক।[]
  7. এতিয়া আমাৰ এটা ৰূঢ় জীৱন, কঠুৱা জীৱন৷ ইয়াৰ মাজত হাঁহিবোৰ হেৰাই গৈছে৷ মানুহবোৰ স্বাৰ্থপৰ হৈ গৈছে৷ সকলোকে কেৱল লাগে টকা৷ নথকাই নাই বুলি কান্দিছে৷ থকাজনক আৰু লাগে৷ তাৰ মাজত যিজনৰ ৰসবোধ আছে যিয়ে সত্যটো বুজি পায় যে ইমানগাল টকাৰে মই কি কৰিম, যাওঁতেতো মই কাপোৰ এখনো লৈ যাব নোৱাৰিম, সেইচামৰ বাবে হাস্য-ব্যঙ্গটো অতি প্ৰয়োজনীয়৷ কাৰণ তেওঁলোকেও জীয়াই থাকিব লাগিব৷ সমাজখন বেলেঞ্চ হৈ থাকিব লাগিব৷[]
  8. মই ভাবো কোনেও মোক মনত নাৰাখক, সেইটোৱেই মই বিচাৰিম৷ সেইবাবেই মই মোৰ শেষ ইচ্ছাৰ টোকা এটা সাজু কৰি থৈছোঁ। মই মৰিম, ডাইৰেক্ট কাট টু শ্মশান৷ এই ট্ৰাকত উঠাই ঘূৰোৱা, নাটক কৰা, ক্লাবলৈ নিয়া, এইবোৰ নহয়৷ মই নিজে জানো মই কি বা কিমানৰ মানুহ৷ মই মনত ৰাখিবলগীয়া প্ৰাণী নহয়।[]
  9. মই আচলতে কলপটুৱা, বাকী মোৰ লগত কাম কৰা বাকীসকল তুলসী৷ তুলসীৰ লগত কলপটুৱাৰ মুক্তি৷ তেওঁলোকে ভাল কৰিবই, মই কেৱল তাল মিলাই গ’লেই হ’ল৷ তাল মিলাই গ’লোঁ বাবেই ইমানদিন চলি গ’লোঁ।[]
  10. বাহিৰৰ পৰা অভিনেতা দুজনমান আনে৷ চিনেমাখনে গৈ বাংলাদেশ বা নেপালত প্ৰাইজ পাব৷ ইয়াতে দৰ্শকে তেনে আগ গুৰি নোহোৱা চিনেমা নাচালে কুকুৰ বুলি গালি পাৰিব, চিনেমা চাব নাজানে বুলি গালি পাৰিব৷ কিন্তু আপুনি সেই পৰিচালকজনক সোধকচোন আপুনি পৰিচালক হোৱাৰ আগতে কেইখন চিনেমাত সহ-পৰিচালকৰূপে কাম কৰিছে৷ উত্তৰ জিৰ’৷ এইবোৰ কেমেৰামেনে বনাই দিয়া পৰিচালক৷ এইসকলেও ডুবাইছে৷ দৰ্শকক মই দোষ নিদিওঁ৷ অসমীয়া দৰ্শকৰ দৰে ৰুচিবোধ থকা দৰ্শক বিৰল৷ দৰ্শকক দোষ দিয়াতকৈ নিজকে বিশ্লেষণ কৰা, তুমি নিজে কিমান জানা৷ এটা মাথা মুণ্ড বুজি নোপোৱা বিষয় লৈ চিনেমা কৰিলে মুখথেকেচা খাবই। যিয়ে কেৱল দৰ্শকক দোষ দিয়ে সি মূৰ্খ, তাতকৈ গাধা পৃথিৱীত নাই৷ []
  11. মোৰ দৃষ্টিত অসমীয়া চিনেমাত সাঁচ বহাবলৈ সক্ষম হোৱা পাঁচজন ব্যক্তি বিজু ফুকন, বিষ্ণু খাৰঘৰীয়া, মৃদুলা বৰুৱা, বিদ্যা ৰাও আৰু হিৰণ্য ডেকা। []
  1. ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ ১.১০ ১.১১ অভিনেতা জয়ন্ত দাসৰ সৈতে এটি সন্ধিয়া. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (১ ছেপ্তেম্বৰ, ২০১৭). আহৰণ কৰা হৈছে: 24 মে' 2024.
  2. Desk, Sentinel Digital (27 May 2018). Comedy Central - Sentinelassam (en ভাষাত). প্ৰকাশক: The Sentinel Assam.
  3. Jayanta Das Biography , Filmography & Movie List (en ভাষাত). প্ৰকাশক: BookMyShow.
  4. Jayanta Das on Moviebuff.com. প্ৰকাশক: Moviebuff.com.
  5. Jayanta Das movies, filmography, biography and songs - Cinestaan.com. প্ৰকাশক: Cinestaan. Archived from the original on 2021-05-12.
  6. Jayanta Das (en ভাষাত). প্ৰকাশক: IMDb.
  7. Assamese Serial Bharaghar (ভাড়াঘৰ) | Watch All Episodes (en-US ভাষাত). প্ৰকাশক: Magical Assam.
  8. জীৱনৰ ৰংগমঞ্চৰ পৰা বিদায় মাগিলে জয়ন্ত দাসে.
  9. Template error: argument title is required.