জয়ন্ত কুমাৰ বৰা
অৱয়ব
জয়ন্ত কুমাৰ বৰা (ইংৰাজী: Jayanta Kumar Bora) হৈছে এগৰাকী অসমীয়া লেখক, অধ্যাপক, সম্পাদক৷ তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷[১] সাহিত্য সমালোচনা বিষয়ত তেখেতৰ ভালেকইখন গ্ৰন্থ ইতিমধ্যে প্ৰকাশিত হৈছে৷
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]সাহিত্য অভিৰূপা
- অসমীয়া সাহিত্যলৈ মিছনেৰীসকলৰ এটি ডাঙৰ দান হ'ল নতুন গদ্যশৈলীৰ প্ৰৱৰ্তন। শিৱসাগৰকেই মিছনেৰীসকলে ঘাই কৰ্মক্ষেত্ৰ হিচাপে লৈ, ইয়াতেই ছপাশাল প্ৰতিষ্ঠা কৰি ইয়াৰপৰাই 'অৰুনোদই' প্ৰকাশ কৰিছিল। আধুনিক জ্ঞান-বিজ্ঞান, সাহিত্য, সাংবাদিকতাৰ বাবে মিছনেৰীসকলে এটি গদ্যৰীতি নিৰ্মাণ কৰি লৈছিল। এই গদ্যৰীতি শিৱসাগৰ অঞ্চলৰ কথিত ভাষাটোক আধাৰ হিচাপে লৈ গঢ়ি তুলিছিল।[২]
- অৰুনোদই কাকত-আলোচনী প্ৰকাশ, মিছনেৰীসকলে গঢ়ি তোলা ভাষাভিত্তিক জাতীয়-চেতনা, হেমচন্দ্ৰ বৰুৱা-গুণাভিৰাম বৰুৱাৰ সাহিত্য-কৰ্ম আদিৰে অসমীয়া ভাষা-সাহিত্যই পাশ্চাত্য সাহিত্যাদৰ্শৰ সৈতে প্ৰাথমিক সম্পৰ্ক স্থাপন কৰে। এই কথা সত্য যে, ১৮৯৯ চনলৈকে অসমত যিবোৰ ইংৰাজী স্কুল প্ৰতিষ্ঠিত হৈছিল, সেইবোৰে অসমীয়া ভাষা-সাহিত্যত পাশ্চাত্য প্ৰভাৱৰ ক্ষেত্ৰ বহলোৱাৰ সুযোগ দিয়া নাছিল। এতেকে ইংৰাজী সাহিত্য আৰু পছিমীয়া চিন্তা-আদৰ্শৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক স্থাপনৰ বাবে অসম ঊনবিংশ শতিকাৰ শেহৰ ফাললৈ অপেক্ষা কৰিব লগা হৈছিল।[২]
- সাধাৰণতে বিজ্ঞানৰ ধ্যান-ধাৰণা, তত্ত্ব আৰু তথ্যৰে পৰিপুষ্ট ৰচনাকেই বিজ্ঞান- সাহিত্য বুলি অভিহিত কৰা হয়। বিজ্ঞান-সাহিত্যৰ উদ্দেশ্য হ'ল সাহিত্যৰ ৰস আৰু সৌন্দৰ্য সমৃদ্ধ ৰচনাৰে জনসাধাৰণৰ মন বৈজ্ঞানিক জ্ঞানেৰে পুষ্ট কৰা আৰু লগতে সমাজত বিজ্ঞান মানসিকতাৰ প্ৰসাৰ ঘটোৱা।[২]
- বিজ্ঞানে সকলোকে এক নতুন বিশ্ববীক্ষা গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে আৰু এই বিশ্ববীক্ষা হৈ পৰিছে সাহিত্যিকৰ অন্তৰ্দৃষ্টিৰ অংগ। বিজ্ঞানে সাহিত্যিকক আৰু সাহিত্যই বিজ্ঞানীকো মৌলিক চিন্তা কৰিবলৈ প্ৰেৰণা যোগাই আহিছে। প্ৰখ্যাত ভাৰতীয় বিজ্ঞানী চাৰ জগদীশ চন্দ্ৰ বসুৱে সেয়ে কৈছে, 'আনৰ দৃষ্টি য'ত শেষ হয়, তাতো কবিৰ দৃষ্টি ৰুদ্ধ নহয়।..... বিজ্ঞানীৰ পন্থা স্বতন্ত্ৰ হ'ব পাৰে, কিন্তু কবিত্ব সাধনাৰ সৈতে তেওঁৰ সাধনাৰ মিল আছে। দৃষ্টিৰ পোহৰ য'ত শেষ হয়, তাতো তেওঁ পোহৰ বিচাৰি পায়।'[২]
- বেজবৰুৱাই যতেই অসমীয়া ভাষাৰ ভুল প্ৰয়োগ দেখিছে, ত'তেই নিৰ্মম হৈ উঠিছে। অসমীয়া ভাষাক বেজবৰুৱাই অধিক আধুনিক আৰু প্ৰকাশিকা শক্তি সম্পন্ন কৰি তুলিছিল বাঁহী আলোচনীৰ যোগেদিয়েই। অসমীয়া ভাষাৰ ক্ষেত্ৰত তেওঁ উদাৰনীতিও (liberal) গ্ৰহণ কৰি দেখুৱালে।[২]