সমললৈ যাওক

জন মেইনাৰ্ড কেইন্স

ৱিকিউদ্ধৃতিৰ পৰা

জন মেইনাৰ্ড কেইন্স (ইংৰাজী: John Maynard Keynes) এগৰাকী ব্ৰিটিছ অৰ্থনীতিবিদ আৰু গণিতজ্ঞ যাক সমষ্টিবাদী অৰ্থনীতিৰ জনক হিচেপেও জনা যায়। দ্য জেনেৰেল থিয়'ৰি অৱ এম্প্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি তেওঁৰ দ্বাৰা লিখিত এক জনপ্ৰিয় গ্ৰন্থ।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মই এনে এখন চৰকাৰৰ বাবে কাম কৰোঁ যাক মই ঘৃণা কৰোঁ, এনে উদ্দেশ্যেৰ বাবে যাক মই অপৰাধী জ্ঞান কৰোঁ (ডাংকান গ্ৰাণ্টলৈ চিঠি, ১৫ ডিচেম্বৰ ১৯১৭)।
  2. সেয়েহে, মই তেওঁলোকৰ সৈতে সহানুভূতিশীল যিয়ে দেশসমূহৰ মাজত অৰ্থনৈতিক বান্ধোনক ন্যূনীকৃত কৰিব বিচাৰে, তেওঁলোকৰে সৈতে নহয় যিয়ে বৃহদায়িত কৰিব বিচাৰে (নেশ্য়নেল চে'ল্ফ চাফিচিয়েঞ্চি, ডাব্লিনৰ ইউনিভাৰ্চিটি কলেজত ফিনলে' বক্তৃতা, ১৯৩৩)।
  3. শব্দ অলপ বন্য হোৱা উচিত, কাৰণ ই চিন্তন নকৰা মানুহৰ ওপৰত চিন্তাৰ আক্ৰমণ ( নেশ্যনেল চেল্ফ চাফিচিয়েঞ্চি, নিউ ষ্টেট্‌ছমেন এণ্ড নেশ্যন, ১৯৩৩)।
  4. শ্ব আৰু ষ্টেলিন এতিয়াও পুঁজিবাদৰ মাৰ্ক্সে আগবঢ়োৱা ছবিৰে সন্তুষ্ট, তেওঁলোকে পাছলৈ চাই, পুঁজিবাদ কি আছিলে তালৈ, আগলৈ নহয়, পুঁজিবাদ কি হ'ব ধৰিছে তালৈ (ষ্টেলিন-ৱেল্স টক: দ্য ভাৰ্বেটিম ৰিপ'ৰ্ট এণ্ড এ' ডিস্কাছন, জি বি শ্ব, কেইন্স এট অল, লণ্ডন, দ্য নিউ ষ্টেটছমেন এণ্ড নেশ্যন, ২৯৩৪)।
  5. অৰ্থনীতি হ'ল আৰ্হি-ভিত্তিক চিন্তনৰ বিজ্ঞান আৰু সমকালীন বিশ্বৰ বাবে প্ৰাসংগিক আৰ্হি চয়নৰ কলাৰ সংযোগ (ৰয় হেৰডলৈ চিঠি, ১৯৩৮)।
  6. বেংকৰ পৰা ১০০০ পাউণ্ড ঋণ লোৱা আৰু তুমি বেংকৰ দয়াত জিয়াই থাকিবা, এক নিযুত পাউণ্ড ঋণ লোৱা আৰু সম্বন্ধটো তাৰ বিপৰীত হ'ব (দ্য ইকনমিষ্ট, ১৯৮২)।
  7. সেই দিন দূৰত নাই যেতিয়া অৰ্থনৈতিক সমস্যাই পাছৰ স্থান গ্ৰহণ কৰিব, য'ত ই থকা উচিত, আৰু মন আৰু মগজুত স্থান দখল -- বা পুনৰ্দখল-- কৰিব প্ৰকৃত সমস্যাবোৰে: জীৱন আৰু মানৱ সম্বন্ধ, সৃষ্টি আৰু ব্যৱহাৰ আৰু ধৰ্মৰ সমস্যাই (ফাৰ্ষ্ট এনুৱেল ৰিপ'ৰ্ট অৱ দ্য আৰ্টছ কাউঞ্চিল, ১৯৪৫ আৰু ৪৬)।
  8. নিউটন যুক্তিৰ যুগৰ প্ৰথম মানুহ নাছিল। তেওঁ অন্তিম জাদুগৰহে আছিল (নিউটন দ্য মেন, ৰয়েল চচাইটিত ভাষণ, ১৯৪২)।
  9. চৌপাশৰ সৈতে অভ্যস্ত হোৱা মানৱ জাতিৰ এক বিশেষ গুণ (দ্য ইকনমিক কঞ্চিকুৱেঞ্চেছ অৱ পিছ, ১৯১৯)।
  10. ইতিহাসৰ ডাঙৰ ঘটনাবোৰ প্ৰায় জনসংখ্যাৰ দীৰ্ঘকালীন পৰিৱৰ্তন আৰু আন আন মৌলিক অৰ্থনৈতিক কাৰণত ঘটে, যি সাধাৰণতে সমকালীন পৰ্যবেক্ষণকাৰীৰ চকুত নপৰে, [সেয়ে তেনে ঐতিহাসিক ঘটনাৰ বাবে] ৰাজনেতা বা নাস্তিকসকলক দায়ী কৰা হয় (দ্য ইকনমিক কঞ্চিকুৱেঞ্চেছ অৱ পিছ, ১৯১৯)।
  11. মানুহ সদায় মূক অৱস্থাত নমৰে (দ্য ইকনমিক কঞ্চিকুৱেঞ্চেছ অৱ পিছ, ১৯১৯)।
  12. সমাজৰ বৰ্তমানৰ ভিত্তিক বিনষ্ট কৰিবলৈ মুদ্ৰাক ধ্বংস কৰাতকৈ সূক্ষ্ম আৰু নিশ্চিত মাধ্যম নাই (দ্য ইকনমিক কঞ্চিকুৱেঞ্চেছ অৱ পিছ, ১৯১৯)।
  13. সুদূৰ ভৱিষ্যত বৰ্তমানৰ নিৰ্ণয় লোৱাৰ বাবে এক বিভ্ৰান্তিকৰ পথপ্ৰদৰ্শক। সুদূৰ ভৱিষ্যতত আমি সকলো মৃত (এ' ট্ৰেক্ট অন মনিটেৰি ৰিফৰ্ম, ১৯২৩)।
  14. অৰ্থনীতি এক অতিকৈ বিপজ্জনক বিজ্ঞান (ৰবাৰ্ট মালথুছ, দ্য ফাৰ্ষ্ট অৱ দ্য কেম্প্ৰিজ ইকনমিষ্টছ)।
  15. নতুন ধাৰণাত নহয়, পুৰণি ধাৰণা ত্যাগ কৰাতহে জটিলতা আছে, যি আমাৰ দৰে ডাঙৰ হোৱা মানুহৰ বাবে, মনৰ প্ৰতিটো কোণ প্ৰলম্বিত কৰে (দ্য জেনেৰেল থিয়্ৰি অৱ এম্প্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি, ১৯৩৬)।
  16. অৰ্থনীতিবিদ আৰু ৰাজনৈতিক দাৰ্শনিকসকলৰ বিচাৰসমূহ, শুদ্ধই হওক বা ভুলেই, সাধাৰণতে ভবাতকৈ বহু অধিক শক্তিশালী। প্ৰকৃতপক্ষে, বীশ্বৰ পৰিচালন ইয়াৰ বাদে আন একোৱেই নকৰে। ব্যৱহাৰিক মানুহবোৰ, যিয়ে নিজক সকলো বৌদ্ধিক প্ৰভাৱৰ ঊৰ্দ্ধত বুলি ভাবে, বাস্তৱত কোনো মৃত অৰ্থনীতিবিদৰ দাসহে। বঁতাহত মাত শুনা পোৱা ক্ষমতাসীন পাগলে নিজৰ উন্মত্ততাৰ পাতন কেইবছৰমান আগৰ একাডেমিক স্ক্ৰিব্লাৰৰ পৰা কৰে। মই নিশ্চিত যে নিহিত স্বাৰ্থৰ শক্তিক অতিশয়োক্তিৰেহে আগঅঢ়োৱা হয়, চিন্তাৰ ক্ৰমিক অতিক্ৰমণৰ তুলনাত।.... নিহিত স্বাৰ্থ নহয়, চিন্তাহে ভাল বা বেয়াৰ বাবে সংকটৰ (দ্য জেনেৰেল থিয়্ৰি অৱ এম্প্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি, ১৯৩৬)।
  17. অৰ্থনীতিৰ অধ্যয়নৰ বাবে উচ্চ মানত কোনো বিশেষ উপহাৰৰ দৰকাৰ নাই। দৰ্শনৰ উচ্চ শাখা আৰু প্ৰাকৃতিক বিজ্ঞানৰ তুলনাত ইয়াক এক সহজ বিষয় গণ্য কৰা নহয়নে? তথাপিও, ভাল, বা দক্ষ অৰ্থনীতিবিদ আতাইতকৈ বিৰল পখী। এনে এটি সহজ বিষয়, যাক খুব কম মানুহেহে ভালকৈ বুজিব পাৰে! এই বিৰোধাভাসৰ উত্তৰ আংশিকভাৱে এই কথাত পোৱা যায় যে এগৰাকী অৰ্থনীতিবিদ হ'বলৈ গুণৰ এক বিৰল সংমিশ্ৰণৰ দৰকাৰ। তেওঁ কেইবাটাও দিশত উচ্চ মান লভিব লাগে, আৰু এনে গুণৰ সমূহ একত্ৰিত কৰিব লাগে যি সাধাৰণতে একেলগে পোৱা নাযায়। তেওঁ এগৰাকী গণিতজ্ঞ, ইতিহাসবিদ, ৰাজনেতা আৰু দাৰ্শনিক হ'ব লাগে -- কিছু কিছু পৰিমাণে। তেওঁ বুজিব চিহ্নৰ সহায়ত লাগে কিন্তু কথা শব্দৰ সহায়ত ক'ব লাগে। তেওঁ নিৰ্দিষ্টক সাধাৰণৰ পৰিপ্ৰেক্ষিতত চাব লাগে, আৰু একেই চিন্তাতে বিমূৰ্ত্ত আৰু মূৰ্ত্তক সামৰিব লাগে। তেওঁ অতীতৰ ভিত্তিত বৰ্তমানক অধ্যয়ন কৰিব লাগে ভৱিষ্যতৰ বাবে। মানুহ আৰু মানুহৰ সংস্থাৰ কোনো অংশ তেওঁৰ বিবেচনাৰ বাহিৰত থাকিব নালাগে। তেওঁ একে সময়তে স-উদ্দেশ্য আৰু উদাসীন হ'ব লাগে, এগৰাকী শিল্পীৰ দৰে নিৰ্লিপ্ত আৰু অক্ষয় অথচ কেতিয়াবা ৰাজনীতিবিদৰ দৰে পৃথিৱীৰ কাষত থাকিব লাগে (এল্ফ্ৰেড মাৰ্ছেল, ১৯২৪)।

লগতে চাওক[সম্পাদনা কৰক | উৎস সম্পাদনা]