সমললৈ যাওক

জন মিল্টন

ৱিকিউদ্ধৃতিৰ পৰা
জন মিল্টনৰ আলোকচিত্ৰ

জন মিল্টন (ইংৰাজী: John Milton, ৯ ডিচেম্বৰ, ১৬০৮ – ৮ নৱেম্বৰ, ১৬৭৪) এজন ইংৰাজ কবি আৰু বুদ্ধিজীৱী আছিল। ১৬৬৭ চনত তেওঁ পেৰাডাইজ লষ্ট নামৰ মহাকাব্য ৰচনা কৰিছিল।

  1. মানুহৰ মন সদায় একে ঠাইতে থাকে। কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে।[১]
  2. মানুহ সদায় সুখী হ’ব বিচাৰে আৰু এই সুখে মানুহৰ জীৱনৰ দৈনিক আৱশ্যকীয় সকলো খোৰাক যোগায়৷[২]
  3. এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন ভাল মানুহক হত্যা কৰা একেই কথা৷[৩]
  4. যি আটাইতকৈ বেছি দুৰ্ভোগ সহ্য কৰিব পাৰে, তেৱেঁই আটাইতকৈ উত্তম কাৰ্যও কৰিব পাৰে৷ কৰ্তব্যবোধৰ দ্বাৰা অনুপ্ৰাণিত হৈ বহুতো মহৎলোকে কৰা কামবোৰ দুখ-কষ্ট আৰু বিপদ-বিঘিনিৰ মাজতেই কৰা হৈছে৷[৪]
  1. নিয়মীয়া বাৰ্তা, ৩১ মে', ২০২১
  2. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং: ৩৬১, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
  3. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং;৭২ বাণী মন্দিৰ, ২০০৩
  4. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ১২৪, বাণী মন্দিৰ, ২০০৩
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: