সমললৈ যাওক

ছিগমুণ্ড ফ্ৰয়েড

ৱিকিউদ্ধৃতিৰ পৰা

ছিগমুণ্ড ফ্ৰয়েড (ইংৰাজী: Sigmund Freud; ৬ মে' ১৮৫৬ – ২৩ ছেপ্টেম্বৰ ১৯৩৯) আছিল এজন অষ্ট্ৰিয়ান স্নায়ুবিজ্ঞানী আৰু মনোবিশ্লেষণৰ প্ৰতিষ্ঠাপক। ফ্ৰয়েডৰ জন্ম হৈছিল অষ্ট্ৰিয়া সাম্ৰাজ্যৰ মোৰাভিয়াৰ ফ্ৰেইবাৰ্গ চহৰত। ১৮৮১ চনত ভিয়েনা বিশ্ববিদ্যালয়ৰ পৰা তেওঁ চিকিৎসক হিচাপে যোগ্যতা অৰ্জন কৰে।

  1. মৃত্যুৰ পিছত আত্মাৰ অস্তিত্ব থাকে নে নাথাকে, সেই বিষয়ে ম‍ই কোনো চিন্তা কৰিব নোখোজোঁ। সকলো প্ৰাণীৰে এদিন নহয় এদিন বিনাশ হ’বই। তেনেস্থলত মৃত্যুৰ পিছত মই কিয় জীয়াই থাকিব লাগে? অমৰত্বৰ প্ৰতি মোৰ কোনো বাসনা নাই।[]
  2. মানুহৰ জীৱনটো হ'ল ইটোৰ পিছত সিটোকৈ আপোচৰ সমষ্টি মাত্ৰ। মানুহৰ জীৱনটো হ'ল অহং আৰু পৰিবেশৰ মাজত অবিৰামভাৱে চলি থকা এক সংঘৰ্ষ মাত্ৰ। এনেস্থলত জীৱনটো অনৰ্থকভাৱে দীঘলীয়া কৰাৰ মাজত ম‍ই একো অৰ্থ বিচাৰি নাপাওঁ। বৰং এনে এটা ইচ্ছাক মই অতি অদ্ভুত আৰু অযুক্তিকৰ বুলিহে ভাবোঁ।[]
  3. যেনেকৈ একোজন মানুহৰ মনতে একে সময়তে প্ৰেম আৰু ঘৃণা দুয়োটাই থকা সম্ভৱ, ঠিক তেনেকৈ মানুহৰ মনতো একে সময়তে অমৰত্বৰ বাসনা আৰু চিৰ-বিলুপ্তিৰ কামনা থকাটোও সম্ভৱ। মৃত্যুৰ ইচ্ছা আৰু জীৱনৰ ইচ্ছা প্ৰত্যেক মানুহৰ অন্তৰত লগালগিকৈ থাকে। মৃত্যু হ'ল প্ৰেমৰ সংগী। দুয়োটাই লগ লাগি পৃথিৱীখন শাসন কৰে।[]
  4. আমি আমাৰ ৰোগীসকলৰ ৰোগসৃষ্টিকাৰী অভিজ্ঞতাবোৰক মনস্তাত্ত্বিক আঘাত হিচাপে ধৰোঁ আৰু তাক শাৰীৰবৃত্তীয় (somatic) আঘাতৰ লগত একেই পৰ্যায়গত দৃষ্টিৰে চাওঁ-- হিষ্টিৰিয়াজনিত পক্ষাঘাতৰ ওপৰত যাৰ প্ৰভাব প্ৰমাণ কৰছিল শাৰ্কো।[]
  5. ৰোগসৃষ্টিকাৰী আকাঙ্ক্ষাৰ আৱেগৰ বিষয়ত নাৰী-পুৰুষ উভয়ৰে ক্ষেত্ৰতেই অসুস্থতাৰ পিছত যাৰ প্ৰভাৱ সকলোতকৈ বেছি তাৎপৰ্যপূৰ্ণ, সি হ’ল যৌন অস্বস্তি।[]
  6. স্বপ্ন বিশ্লেষণৰ ক্ষেত্ৰৰ দৰে ইয়াতো আমি একেই সিদ্ধান্তত উপনীত হৈছোঁ; অৱদমিত অবিনাশী শৈশৱকালীন কামনাৰ আবেগেই একমাত্ৰ উপসৰ্গ সৃষ্টি কৰাৰ ক্ষমতা ৰাখে। এই আৱেগৰ অনুপস্থিতিতেই পৰবৰ্তী জীৱনৰ মানসিক আঘাতবোৰ এটি স্বাভাবিক পথেৰে পৰিক্ৰমা কৰে। কিন্তু শৈশৱৰ এই শক্তিশালী কামনাৰ আৱেগক ব্যতিক্ৰমহীনভাবেই যৌনতামূলক বুলি কোৱা যায়।[]
  7. এই কল্পনাবোৰ ৰোগীৰ ব্যক্তিত্বৰ মূল সুৰ আৰু তাৰ বেছিখিনি অৱদমিত আৱেগৰ অবলম্বনতেই গঠিত হয়।[]
  8. … সম্পূৰ্ণ যৌনশক্তিয়েই তাৰ উদ্দিষ্ট লক্ষ্যৰ পৰা বিচ্যুত কৰাৰ বাবে সচেষ্ট হোৱা অনুচিত। আমি কেতিয়াও এনে কোনো প্ৰচেষ্টাত সফল নহ’ম আৰু যদি যৌনতাৰ ওপৰত থকা বিধি-নিষেধক খুব বেশি প্ৰসাৰিত কৰা হয়, তেনেহলে মাটিৰ উৰ্বৰতা হেৰুওৱাৰ দৰে অবশ্যম্ভাবী বিষময় পৰিণতি তাৰ লগত আহিব।[]
  9. “মানুহৰ মনটো বৰফৰ পৰ্বতৰ দৰে; তাৰ এটা সৰু অংশহে দেখা যায়, বাকী অংশ লুকাই থাকে।”[]
  10. “নিজৰ সৈতে সম্পূৰ্ণ সৎ হোৱা এটা ভাল অভ্যাস।”[]
  11. “অপ্ৰকাশিত অনুভূতিসমূহ কেতিয়াও মৰি নাযায়।”[]
  12. “এদিন পিছলৈ চালে, সংগ্ৰামৰ বছৰবোৰেই তোমাৰ আটাইতকৈ সুন্দৰ যেন লাগিব।”[]
  1. ১.০ ১.১ ১.২ হোমেন বৰগোহাঞি, গীতিমালিকা নেওগ (২০০৩)। জীৱন-জিজ্ঞাসা, পৃষ্ঠা:৫২-৫৩।
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ মনোবিশ্লেষণ. আহৰণ কৰা হৈছে: 21 এপ্ৰিল 2025.
  3. সপোনৰ অৰ্থ আৰু অৱচেতন মনৰ ব্যাখ্যা।প্ৰথম প্ৰকাশ: ১৮৯৯।
  4. Introductory Lectures on Psychoanalysis.প্ৰথম প্ৰকাশ:১৯১৭।
  5. হিস্টেৰিয়া নামৰ মানসিক ৰোগ আৰু তাৰ চিকিৎসা পদ্ধতি।প্ৰথম প্ৰকাশ: ১৮৯৫,সহ-লেখক: Josef Breuer.
  6. সপোনৰ অৰ্থ আৰু অৱচেতন মনৰ ব্যাখ্যা।প্ৰথম প্ৰকাশ: ১৮৯৯।