সমললৈ যাওক

কুৰ্ট লেৱিন

ৱিকিউদ্ধৃতিৰ পৰা

কুৰ্ট জাডেক লেৱিন (ইংৰাজী: Kurt Zadek Lewin ; ৯ ছেপ্তেম্বৰ, ১৮৯০ – ১২ ফেব্ৰুৱাৰী, ১৯৪৭) এজন জাৰ্মান-আমেৰিকান মনোবিজ্ঞানী। তেওঁ সামাজিক মনোবিজ্ঞান, সাংগঠনিক মনোবিজ্ঞান আৰু প্ৰয়োগমূলক মনোবিজ্ঞানৰ আধুনিক পথ প্ৰদৰ্শক হিচাপে পৰিচিত। তেওঁক প্ৰায়ে সামাজিক মনোবিজ্ঞানৰ প্ৰতিষ্ঠাপক হিচাপে স্বীকৃতি দিয়া হয়। তেওঁ গোট গতিশীলতা আৰু সাংগঠনিক বিকাশৰ বিষয়ে প্ৰথম অধ্যয়ন কৰা লোকসকলৰ ভিতৰত অন্যতম আছিল।

  1. এজন সফল ব্যক্তিয়ে সাধাৰণতে তেওঁৰ পৰৱৰ্তী লক্ষ্যটো তেওঁৰ অন্তিম সাফল্যতকৈ কিছু ওপৰত ৰাখে, কিন্তু যথেষ্ট ওপৰতো নাৰাখে। এইদৰে তেওঁ নিয়মীয়াভাৱে তেওঁৰ অভিলাষৰ স্তৰক উন্নীত কৰে।
  2. ব্যক্তিৰ সাদৃশ্য বা বৈসাদৃশ্যই এটা গোট গঠন নকৰে, বৰঞ্চ ভাগ্যৰ আন্তঃনিৰ্ভৰশীলতাইহে গঠন কৰে।
    • "হোৱেন ফেচিং ডেঞ্জাৰ" (১৯৩৯), ৰিজলভিং ছচিয়েল কনফ্লিক্ট, লণ্ডন: হাৰ্পাৰ এণ্ড ৰ'
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: