সমললৈ যাওক

চেতন ভগত

ৱিকিউদ্ধৃতিৰ পৰা

চেতন ভগত (ইংৰাজী: Chetan Bhagat; হিন্দী: चेतन भगत) এজন ভাৰতীয় ঔপন্যাসিক, নিবন্ধকাৰ, বক্তা, আৰু চিত্ৰনাট্যকাৰ। তেওঁ কৰ্মৰাজীৰ ভাষা ইংৰাজী। আই আই টি দিল্লী আৰু আই আই এম আহমেদাবাদৰ প্ৰাক্তন ছাত্ৰ ভগতে তেওঁ প্ৰথম উপন্যাস ফাইভ পইণ্ট চামৱানৰ জৰিয়তে ভাৰতীয়ৰ লগতে বিদেশী পাঠকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলে সক্ষম হয়। বৰ্তমানলৈকে তেওঁৰ দ্বাৰা লিখিত পাঁচোখন উপন্যাসেই বেষ্টছেলাৰৰ খিতাপ লাভ কৰিছে তাৰে মাজৰ দুখনক বলিউডৰ চলচ্চিত্ৰৰ ৰূপো দিয়া হৈছে।

ঔপন্যাসিকৰ লগতে ভগত এজন স্তম্ভ লেখক। তেওঁৰ প্ৰধানতঃ কেৰিয়াৰ, যুবশক্তি, আৰু ৰাষ্ট্ৰীয় উন্নয়নক উদ্দেশ্য কৰি লিখা নিবন্ধসমূহ হিন্দী আৰু ইংৰাজী ভাষাৰ বাতৰি কাকতত নিয়মীয়াকৈ প্ৰকাশ পায়। এনে কেইখনমান উল্লেখযোগ্য কাকত হৈছে দ্য গাৰডিয়ান, টাইম্ছ অফ ইণ্ডিয়া, দৈনিক ভাস্কৰ আদি। ভগত এজন প্ৰেৰণাদায়ী বক্তাও। তেওঁ বহুদেশীয় প্ৰতিষ্ঠান আৰু অন্য অনুষ্ঠানবোৰত তেওঁৰ বক্তিতা প্ৰদান কৰে। ভগতে সম্পূৰ্ণ সময় লেখাত মনোনিবেশ কৰাৰ উদ্দেশ্যে ২০০৯ চনত তেওঁৰ আন্তৰাষ্ট্ৰীয় বেংকিংৰ চাকৰি এৰি দিয়ে।

২০০৮ চনত দা নিউয়ৰ্ক টাইমছে ভগতক "ভাৰতৰ ইতিহাসৰ সৰ্বাধিক বিক্ৰীপ্ৰাপ্ত ইংৰাজী ভাষাৰ ঔপন্যাসিক" ৰূপে মত প্ৰদান কৰে। টাইম আলোচনীয়ে এখেতক ২০১০ চনৰ বিশ্বৰ ১০০ সৰ্বাধিক প্ৰভাৱশালী ব্যক্তিৰ মাজত স্থান দিয়ে।

ভগতে জানুৱাৰী ২০১১ৰ আৰম্ভণিত তেওঁৰ নিবন্ধৰ জৰিয়তে আন্না হাজাৰেৰ জন লোকপাল বিলৰ সপক্ষে মত প্ৰকাশ কৰে।

  • সফল মানুহৰ বন্ধু নাথাকে৷[]
  • আপোনাৰ পিতৃ-মাতৃক আপুনি কিবা এটাত ব্যৰ্থ হোৱা বুলি কোৱাটো প্ৰকৃত ব্যৰ্থতাতকৈ কঠিন৷[]
  • জীৱনটো কঠিন যেতিয়া আপুনি সদায় আপোনাৰ তুলনাত স্মাৰ্ট মানুহৰ লগত কথা পাতি থাকে।[]
  • পৃথিৱীৰ আটাইতকৈ বুদ্ধিমান মানুহ আৰু আটাইতকৈ ডাঙৰ মূৰ্খ-দুয়োজন আমাৰ ভিতৰতে থাকে। আটাইতকৈ বেয়া কথাটো হ’ল, কোনজন কোন সেইটো আমি ক’ব নোৱাৰো। []
  • ঈৰ্ষাৰ আৱেগ যথেষ্ট উপভোগ্য।[]
  • জীৱনটোক গুৰুত্বসহকাৰে ল’ব নালাগে, কিয়নো আমি ইয়াত অস্থায়ী।[]
  • যেতিয়া আপোনাৰ জীৱনলৈ এগৰাকী নাৰী আহে, তেতিয়া কথাবোৰ নিজেই সংগঠিত হৈ পৰে।[]
  • “সফলতাৰ বাবে মানুহক চাৰিটা বস্তুৰ প্ৰয়োজন: মধ্যমীয়া বুদ্ধিমত্তা, অলপ কল্পনাশক্তি, আত্মবিশ্বাস আৰু বিফলতা।” []
  • “যদি আমি ভাবোঁ যে পৰীক্ষাত নকল কৰা ঠিক, ট্ৰেইনত টিকট পৰিদৰ্শকৰ আগত আমাৰ ল’ৰা-ছোৱালীৰ বয়সৰ বিষয়ে মিছা কোৱা ঠিক, আৰু ডাঙৰ যান-জটত জৰিমনা ৰেহাই পাবলৈ অলপ ধন দি বাচি যোৱা ঠিক—তেন্তে স্পষ্ট যে কিছুমান স্তৰত আমি দুর্নীতি দূৰ কৰাত বৰ বেছি চিন্তা নকৰো।”[]
  • “সম্ভৱতঃ তুমি যেতিয়া কাৰোবাক ভাল পাবলৈ আৰম্ভ কৰা, তেতিয়া তেওঁৰ সকলোবোৰ কথা তোমাৰ ভাল লাগিবলৈ আৰম্ভ কৰে।” []
  • “জীৱনত কেতিয়াও ভয় খায় পিছ হুহকি নাহিবা, চেষ্টা কৰি গৈ থাকিবা।” []
  • “প্ৰশংসা ক্ষণস্থায়ী, কিন্তু প্ৰেম স্থায়ী।”[]
  • “কেতিয়াবা জীৱনটো তুমি কি কৰিব বিচৰা তাৰ বিষয়ে নহয়, বৰং তুমি কি কৰা উচিত তাৰ বিষয়ে হয়।” [১০]


  1. Revolution 2020, Page 5
  2. Revolution 2020, Page 32
  3. The 3 Mistakes of My Life (2008), Page 5
  4. ৪.০ ৪.১ ৪.২ ৪.৩ Chetan Bhagat(2 States: The Story of My Marriage (en ভাষাত). প্ৰকাশক: www.goodreads.com.
  5. One Night at the Call Center,(২০০৫) ।
  6. Making India Awesome, (২০১৫) ।
  7. Half Girlfriend, (২০১৪)।
  8. The 3 Mistakes of My Life, (২০০৮)।
  9. The 3 Mistakes of My Life,(২০০৮) ।
  10. Revolution (2020)