গৌৰৱ গগৈ
অৱয়ব

গৌৰৱ গগৈ (জন্ম: ৪ ছেপ্টেম্বৰ ১৯৮২) ভাৰতৰ এজন ৰাজনীতিক তথা লোকসভাৰ এগৰাকী সাংসদ। ২০২০ চনৰ পৰা তেওঁ লোকসভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ উপ-নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। [১]তেওঁ লোকসভাত ২০১৪ চনৰ পৰা ২০২৪ চনলৈ কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰে আৰু ২০২৪ চনত ১৮ নং যোৰহাট সমষ্টিৰ পৰা লোকসভালৈ মনোনীত হয়।[২] গগৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- লাহে লাহে পৰিৱেশ যেতিয়া সুস্থ হ’ব, ছবিখন অধিক স্পষ্ট হ’ব ৷ মানুহে গম পাব যে পৰৱৰ্তী সময়ত ৰাইজৰ চৰকাৰ এখন আহিব ৷ পৰৱৰ্তী সময়ত অহংকাৰবোৰ দুৰ্বল হ’ব ৷ ৰাজনীতি এতিয়া বজাৰ হৈ গৈছে ৷ সেয়া আমি নাইকিয়া কৰিবলৈ বিচাৰোঁ ৷ নৱ প্ৰজন্ম অহাৰ পিচত ৰাজনীতি নিকা কৰিবলৈ বিচাৰোঁ ৷ পৰিৱেশটো যেতিয়া সঠিক হ’ব, আপোনালোকে দেখিবলৈ পাব যে ৰাইজে অহা বিধানসভা নিৰ্বাচনত আমাক ভোট দিবলৈ সাজু হৈ আছে ৷ আমি মাত্ৰ ডেৰবছৰ ৰ’বলৈ অনুৰোধ জনাইছোঁ৷[৩]
- "অসমৰ ৰাজনীতিত ভয় আৰু আতংকৰ ৰাজনীতি চলি আছে।" (অসমত ‘politics of fear’ সন্দৰ্ভত সংবাদ সাক্ষাৎকাৰত কৰা মন্তব্য। উৎস: NDTV)
- "অসম বহু জাতি আৰু সম্প্ৰদায়ৰ মিলিত সমাজ, ইয়াক একত্ৰ কৰি আগুৱাই নিয়াটো নেতৃত্বৰ দায়িত্ব।" (অসমৰ বৈচিত্ৰ্য আৰু নেতৃত্বৰ বিষয়ে সাক্ষাৎকাৰত কৰা মন্তব্য। উৎস: The Week)
- "হিন্দুৰ অৰ্থ সত্য আৰু নিৰ্ভয়তা, কিন্তু ৰাজনীতিত সেই মূল্যবোধবোৰ দেখা নাযায়।" (অসমৰ ৰাজনৈতিক বিতৰ্কত কৰা মন্তব্য। উৎস: India Today NE)
মন্তব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]তথ্য সূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ "Assam CM's son Gaurav Gogoi files nomination for LS polls"
- ↑ Gaurav Gogoi vs Topon Gogoi Jorhat Elections Result Live Updates. প্ৰকাশক: The Indian Express.
- ↑ গৌৰৱ গগৈ. আহৰণ কৰা হৈছে: 31 জুলাই 2024.