গোৱিন্দ প্ৰসাদ শৰ্মা
অৱয়ব
গোৱিন্দ প্ৰসাদ শৰ্মা (জন্ম: ১৯৪০ -) এগৰাকী অসমীয়া গৱেষক, সাহিত্য সমালোচক, গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লেখক আৰু সম্পাদক। তেখেতে অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যাপনা কৰি বিভাগীয় মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে। গোৱিন্দ প্ৰসাদ শৰ্মা অসমীয়া কথা-সাহিত্যৰ এগৰাকী উল্লেখযোগ্য সমালোচক। Nationalism in Indo-Anglia Fiction (১৯৭৮) তেওঁৰ উপন্যাস সম্পৰ্কীয় প্ৰথম গৱেষণামূলক গ্ৰন্থ।[১]
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]উপন্যাস আৰু অসমীয়া উপন্যাস
- উপন্যাসৰ বাস্তৱতা আধুনিক অৰ্থৰ বাস্তৱতা। উপন্যাস আধুনিক যুগৰ সাহিত্য। আধুনিক যুগৰ দীঘলীয়া কাহিনী-সাহিত্য যদি উপন্যাস, ইয়াৰ পূৰ্বৰ যুগ মধ্য যুগৰ দীঘলীয়া কাহিনী-সাহিত্য আছিল ৰোমাঞ্চবোেৰ; আৰু তাৰো পূৰ্বৰ যুগ প্ৰাচীন যুগৰ দীঘলীয়া কাহিনী-সাহিত্য আছিল মহাকাব্যবোৰ।[২]
- সপ্তদশ শতাব্দীৰ ইউৰোপত আৰু অষ্টাদশ শতাব্দীৰ ইংলেণ্ডত ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতাহে অকল বাস্তৱ বুলি তাকেই দীঘলীয়া কাহিনীৰ মাধ্যমত তুলি ধৰিবলৈ কৰা প্ৰয়াসতেই হৈছিল উপন্যাসৰ উৎপত্তি। [৩]
- বাস্তৱতাৰ প্ৰতিফলন কৰাই উপন্যাসৰ ধৰ্ম। কিন্তু বাস্তৱতাৰ ধাৰণাও যুগে যুগে বদলি আহিছে। স্বাভাৱিকতে বাস্তৱতাৰ ধাৰণাৰ পৰিৱৰ্তনৰ লগে লগে উপন্যাসৰ প্ৰকৃতিৰো পৰিৱৰ্তন হৈ আহিছে। বিজ্ঞানে আৰু বিজ্ঞানভিত্তিক প্ৰকৃতিৱাদী উপন্যাসে যে সকলো কথা সঠিক আৰু নিশ্চিত ৰূপত পাবলৈ বা চাবলৈ বিচাৰে আৰু পোৱাটো বা চোৱাটো সম্ভৱ বুলি ভাবে, তাৰ বিপক্ষে কুৰি শতিকাৰ আৰম্ভণিৰ লগে লগে সাহিত্যত যি আন্দোলন হৈছিল, সেয়াই আছিল আধুনিকতাৱাদী আন্দোলন।[৪]
- আধুনিকতাৱাদী আন্দোলনৰ মূল ধাৰণাই হ'ল এই যে কোনো কথাকেই নিশ্চিত বা সঠিক ৰূপত আমি জানিব নোৱাৰোঁ বা জনাব নোৱাৰোঁ। সঠিক বা নিশ্চিত ৰূপত আমি এই মুহুৰ্ততে যি পালোঁ বা দেখিলোঁ বুলি ভাবিলোঁ, তাৰ পিছৰ মুহূৰ্ততে সি ভুল বুলি প্ৰতীয়মান হয় বা তাৰ অন্য এটা ৰূপহে ধৰা পৰে। গতিকে সকলো কথাৰ কেন্দ্ৰত আছে কেৱল অনিশ্চয়তা (uncertainty)। ৭১
- অসমীয়া উপন্যাসত আধুনিকতৱাদ প্ৰথম পৰিলক্ষিত হয় প্ৰফুল্লদত্ত গোস্বামীৰ উপন্যাসত। তেখেতৰ প্ৰথম উপন্যাস “শেষ ক'ত” (১৯৪৮) খনেই প্ৰথম অসমীয়া আধুনিক উপন্যাস- বা বেছি সঠিক অৰ্থেৰে ক'ব লাগিলে- প্ৰথম অসমীয়া আধুনিকতাৱাদী উপন্যাস।[৫]
- আকাৰত তেনেই অকণমান যদিও, ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যৰ "মৰুদ্যান” (?) উপন্যাসিকাখনি অসমীয়া সাহিত্যত এক বিশেষ আসন লাভ কৰাৰ যোগ্য। কিয়নো অসমীয়া সাহিত্যত যদিও এতিয়ালৈকে একাধিক সুখ্যাত, অখ্যাত ঔপন্যাসিকে আধুনিকতাৱাদী উপন্যাসৰ অন্যতম আংগিক চেতনা-স্ৰোেত (stream-of-conscious- ness) পদ্ধতিত উপন্যাস লিখিবলৈ প্ৰয়াস কৰি আহিছে, তথাপি আপেক্ষিকভাৱে তৰুণ আৰু নতুন লেখক ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যৰ এইখনি উপন্যাসিকাতহে আমি সেই পদ্ধতিৰ সাৰ্থক প্ৰয়োগ দেখিবলৈ পাইছোঁ।[৬]
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ সম্পাদনা-শোণিত বিজয় দাস, মুনীন বায়ন (2006)। কথা বৰেণ্য, পৃষ্ঠা:২৭৩।
- ↑ উপন্যাস আৰু অসমীয়া উপন্যাস 2012, পৃষ্ঠা. 4.
- ↑ উপন্যাস আৰু অসমীয়া উপন্যাস 2012, পৃষ্ঠা. 24.
- ↑ উপন্যাস আৰু অসমীয়া উপন্যাস 2012, পৃষ্ঠা. 71.
- ↑ উপন্যাস আৰু অসমীয়া উপন্যাস 2012, পৃষ্ঠা. 99.
- ↑ উপন্যাস আৰু অসমীয়া উপন্যাস 2012, পৃষ্ঠা. 161.