সমললৈ যাওক

গুণাভিৰাম বৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা

গুণাভিৰাম বৰুৱা (১৮৩৭-১৮৯৪) এগৰাকী অসমীয়া সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰক। তেখেতক ঊনবিংশ শতিকাৰ আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী পথ-প্ৰদৰ্শক ৰূপে গণ্য কৰা হয়। অসমীয়া নাটকৰ আধুনিক ধাৰা প্ৰকৃততে তেওঁৰ "ৰাম-নৱমী" (১৮৫৭)ৰ পৰাই আৰম্ভ হয়৷

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

আসাম বুৰঞ্জী[সম্পাদনা কৰক | উৎস সম্পাদনা]

১৮৮৪, পুনঃমুদ্ৰণ: অসম প্ৰকাশন পৰিষদ

  • পাৰ্ব্বত্য চিৰাপুঞ্জি নগৰত সদাই বড় বৰষুণ হয়। ১৮৬১ সনত সেই নগৰত ৮০৫ ইঞ্চ পৰিমাণ জল বৰ্ষণ হইছিল। তাৰে ৩৬৬ ইঞ্চ অকল জানুয়াৰি মাহত বৰ্ষণ হয়। এনেও হইছে যে ছদিনত ১৫০ ইঞ্চ জল বৰ্ষিছে।
    • পৃষ্ঠা ৩
  • আহোম ৰজাই কামাখ্যা দেৱালয় আৰু কামৰূপৰ অধিকাৰ হোৱাত— কামৰূপেশ্বৰ নাম গ্ৰহণ কৰিলে। কামৰূপৰ প্ৰজাবিলাকক আৰু জয়লব্ধ প্ৰদেশক “ঢেকেৰী” বুলি ঘৃণাজনক ৰূপে কলে। তেতিয়াৰ পৰাহে “ঢেকেৰী” শব্দ এক প্ৰকাৰ ঘৃণাজনক হইছে। কিয়নো পৰাজিত লোক সকলক জেতাৰ পৰা বিভিন্ন কৰিবলৈ “ঢেকেৰী” নাম প্ৰকাশ কৰা হ’ল। প্ৰকৃতে “ঢেকেৰী” শব্দে ঢেকেৰী প্ৰদেশ বা তাৰ লোককহে বুঝায়৷
    • পৃষ্ঠা ৭
  • অনেকে অনুমান কৰে যে পৰশুৰামৰ ভয়ত ক্ষত্ৰিয় সকলে পলাই আহি ইয়াত বাস কৰে। সেই সকলেই “কুল লুপ্তা” বা কলিতা বুলি কয়।
    • পৃষ্ঠা ১৪
  • ভাৰতবৰ্ষ যেতিয়া গোৰি মহম্মদে আক্ৰমণ কৰে, তেতিয়া বখ্‌তিয়াৰ খিলিজি বঙ্গদেশ জয় কৰি এই দেশলৈ আহি ইয়াক আক্ৰমণ কৰে। তেতিয়াই যিবিলাক মানুহ এই দেশত সেই সকল গোৰি মহম্মদৰ অধীন লোক হোৱাৰ কাৰণেই হওক বা গৌৰদেশৰ পৰা অহাৰ নিমিত্তেই হওক গৰীয়া বুলি প্ৰসিদ্ধ হল।
    • পৃষ্ঠা ১৫
  • এনে প্ৰবাদ আছে বোলে যেতিয়া মহন্তসকলক ফুলেশ্বৰী কুঁৱৰীয়ে দুৰ্গতি কৰে তেতিয়া স্বৰ্গদেৱে পূজাঘৰৰ পৰা ওলাই আহি এইকথা শুনি মিটিকাই হাঁহিলে।
    • পৃষ্ঠা ১০০
  • নাপিত—কামৰূপত এই জাতিৰ লোক স্বনামে প্ৰসিদ্ধ। কিন্তু উজনি অঞ্চলত নট বোলে। ওপৰত কোৱা সময়েই ই জাতি অসম দেশলৈ আহে। কামৰূপৰ নীলাচল পৰ্ব্বতত নৰনাৰায়ণ ৰজাই কিছুমান নাপিত ভাটীৰ পৰা আনি বসতি কৰায়। যিসকলে নাপিত বুলি পৰিচয় দিয়ে সিসকলে স্বজাতি ব্যবসায়ো কৰে আৰু কৃষিও কৰে।
    • পৃষ্ঠা ১৭৮

আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

পুনঃমুদ্ৰণ: অসম প্ৰকাশন পৰিষদ, ১৯৭১

  • তেতিয়া অসম দেশ আৰু কামৰূপ কামাখ্যাৰ নাম সেইফালে অপ্ৰচলিত আছিল। লোকে ডাকিনী যোগিনীৰ দেশ বুলিছিল। হলিৰাম ঢেকিয়াল ফুকনে যোগিনীতন্ত্ৰ, কালিকাপুৰাণ প্ৰভৃতি গ্ৰন্থৰপৰা সঙ্কলিত কৰি “কামাখ্যা যাত্ৰা পদ্ধতি” নামে এখানি সংস্কৃত গ্ৰন্থ কৰে।
    • পৃষ্ঠা ২১
  • ফুকনৰ ঘৰৰ প্ৰতি কোনো কোনো লোকৰ এনে ভাৱ আছিল যে তেওঁবিলাকে ইংৰাজৰ দৰে ব্যৱহাৰ কৰে, এই কাৰণে তেওঁবিলাক জাতি সম্পৰ্কে হীনতা পাইছে৷ সাধাৰণতকৈ উচ্চ ভাবে ইংৰাজ কি মুচলমানে সৈতে ব্যৱহাৰ কৰিলে জাতি বিষয়ে হীনতা আনুমান হয়। এওঁবিলাকে ইংৰাজ লোকে সৈতে সমকক্ষৰূপে ব্যৱহাৰ কৰিছিল আৰু কেতবিলাক দোষশূন্য বিদেশীয় আচাৰ আৰু বিদেশীয় বস্তু ব্যৱহাৰ প্ৰথমেই কৰে।
    • পৃষ্ঠা ৫৫
  • নানা উপদেশ-গৰ্ভ ইংৰাজী প্ৰস্তাবৰপৰা সংগ্ৰহ কৰি “অসমীয়া ল’ৰাৰ মিত্ৰ” নামে দুই কাণ্ড পুস্তক ফুকনে অসমীয়াত প্ৰচাৰ কৰিলে। সেই পুস্তক কলিকতাৰ সমাচাৰ চন্দ্ৰিকা যন্ত্ৰলৈ পঠোৱা হয় কিন্তু অসমীয়া ভাষা ছাপাওৱালাই বুজিব নোৱাৰাত কীৰ্ত্তিকান্ত বৰুৱা নামে এজন অসমীয়া লোকক ফুকনে কলিকতালৈ পঠায়। ১৮৪৯ চনত সেই পুস্তক মুদ্ৰিত হয়।
    • পৃষ্ঠা ৬২
  • কলিকতাৰ মেডিকেল কলেজত ইউৰোপীয় বৈদ্যশাস্ত্ৰ শিক্ষা দিয়ে। তাৰ তেতিয়া দুই বিভাগ আছিল। ইংৰাজী বিভাগত ইংৰাজী ভাষাৰে শিক্ষা দিয়ে আৰু মিলিটেৰী বা দেশীয় বিভাগত হিন্দুস্থানী ভাষাৰে শিক্ষা দিয়ে। আমাৰ অসম দেশৰ কেইজনমান ছাত্ৰ দেশীয় বিভাগত পঢ়িছিল। বৰপেটাৰ দীলমহম্মদ আৰু কেৰামত আলী, গুৱাহাটীৰ ৰহমত আলী, মজকৰ হুছেন আৰু আজিম হুছেন, শিৱসাগৰৰ ভকতৰাম, তেজপুৰৰ যজ্ঞৰাম, আৰু ডিব্ৰুগড়ৰ শিৱৰাম, আৰু বিদেশী সিংহ।
    • পৃষ্ঠা ৯৭
  • ব্যাপ্ত মন কেতিয়াও সঙ্কুচিত নহয়। সেই সময়ত অসমীয়া ভাষাৰ বিষয়ে বৰ আন্দোলন হৈছিল। ফুকনেও সেই আন্দোলনত যোগ দিছিল। ইংৰাজী ভাষাত তেওঁ “অসমীয়া ভাষা আৰু অসম দেশৰ দেশীয় ভাষা শিক্ষা” এই বিষয়ে এখানি পুস্তক ৰচনা কৰি ৪০ টকা দি ১০০ খান শিৱসাগৰৰ ব্যাপ্তিষ্ট মিচন যন্ত্ৰত ছাপা কৰি বিনামূল্যে দেশৰ প্ৰধান লোকসকলক দিলে। তাৰে এক খণ্ড বঙ্গলা গবৰ্ণমেণ্টলৈ প্ৰেৰণ কৰা হৈছিল৷ সেই পুস্তকত অসমীয়া আৰু বঙ্গলা ভাষাৰ বিভিন্নতা দেখুউৱা হৈছে।
    • পৃষ্ঠা ১২৯

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w: