সমললৈ যাওক

গীতাৱলী ৰাজকুমাৰী

ৱিকিউদ্ধৃতিৰ পৰা

গীতাৱলী ৰাজকুমাৰী হৈছে অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। চলচ্চিত্ৰ, ধাৰাবাহিক আদি বিভিন্ন মাধ্যমত তেওঁ অভিনয় কৰিছে।[১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. স্কুলৰ সময়ত মই বৰ introvert আছিলোঁ। অভিনয় যে কৰিম সপোনতো ভবা নাছিলোঁ। এই জগতখনলৈ খুব আকস্মিক ভাৱে আহিলোঁ, মানুহৰ জীৱনত যে নভবাকৈও কিবাকিবি হয় তেনেকৈয়ে। [১]
  2. কিতাপতকৈ শ্ৰেষ্ঠ বন্ধু নাই, সঁচাকৈ কিতাপ এখনৰ ইমান এক শক্তি থাকে যে মানুহক কন্দুৱাই তুলিব পাৰে। চিনেমা বা নাটকেও কন্দুৱাই কিন্তু সেয়া সাময়িক, কিতাপৰ দৰে সি সাঁচ বহুৱাই যাব নোৱাৰে। কিতাপ পঢ়া মানুহৰ বুজন শক্তি বা আবেগিকভাৱে শক্তিশালী হয় বুলি মই ভাবোঁ। [১]
  3. মই চঞ্চল নাছিলোঁ, মই খুব শান্ত আছিলোঁ। মোক কোনেও আজিও ক’ব নোৱাৰে যে টকা-পইছাৰ কিবা এটা লালসা, কিবা এটা দিলে মই বিচলিত হৈ যাম। [১]
  4. মানুহে আচলতে টকা-পইচা, ধন সম্পত্তি বহুত কৰিব পাৰে, কিন্তু মানুহৰ যিটো মৰম সন্মান সেইটো কিন্তু টকা পইচা যে কিনিব নোৱাৰে। সন্মানটো গোটোৱাটোৱে আটাইতকৈ কষ্টকৰ কাম otherwise টকা-পইছাতো সকলোৰে থাকে। [১]
  5. মই এটা বস্তু খুব believe কৰোঁ, মানুহে যিটো কামেই কৰে honestly কৰিব লাগে আৰু নিজৰ যেতিয়ালৈকে ১০০% দিব নোৱাৰে, তেতিয়ালৈকে মানুহে সেই কামটোত আগবাঢ়িব নালাগে৷ [১]
  6. সদায় সেই মানুহৰহে বদনাম হয় যাৰ নাম থাকে। গতিকে সমালোচনা থাকিবই আৰু সমালোচনা থকাটো ভাল কথা। গঠনমূলক সমালোচনা সদায়ে হ’ব লাগে। যিকোনো বস্তু Constructive হোৱাটো ভাল Destructive হোৱাতকৈ৷ [১]
  7. মই ভাবোঁ সৰু সুৰা সহায় এটাও মানৱ সেৱা হ’ব পাৰে। [১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ১.৭ সাক্ষাৎকাৰ – মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীৰ সৈতে এখন্তেক. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (১ ছেপ্তেম্বৰ, ২০১৯). আহৰণ কৰা হৈছে: 25 মে' 2024.