সমললৈ যাওক

গীতাশ্ৰী তামুলী

ৱিকিউদ্ধৃতিৰ পৰা

গীতাশ্ৰী তামুলী (ইংৰাজী: Gitashree Tamuly) অসমৰ এগৰাকী লেখিকা৷ তেওঁ বি. বৰুৱা কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক৷

সাহিত্য আৰু সমালোচনা

  1. অষ্টাদশ শতিকাৰ সামৰণি পৰ্যন্ত ঔপনিৱেশিক ইংৰাজ শাসকসকলে ভাৰতত ইংৰাজী শিক্ষা প্ৰচলনৰ বাবে কোনো উদ্যোগ লোৱা নাছিল। বৰঞ্চ চৰকাৰী বিষয়াসকলকহে ভাৰতীয় ভাষাসমূহ শিকি লোৱাৰ বাবে নিৰ্দেশ দিছিল। []
  2. অসমীয়া প্ৰাচীন সাহিত্যত ৰসৰ পৰিস্ফুটনৰ প্ৰতি কবিসকলৰ বিশেষ ধ্যান থাকিলেও ৰসতত্ত্বৰ আলোচনা পোৱা নাযায়।[]
  3. আধুনিক সমালোচক হ'বৰ কাৰণে যেনেকুৱাখিনি মানসিক সম্বলৰ আৱশ্যক, সকলোখিনি বাণিকান্ত কাকতিৰ আছিল। সৰুটিৰে পৰা তেওঁ আশাশুধীয়া ছাতৰ; বিশেষকৈ ভাষা-সাহিত্যৰ সৌন্দৰ্যৰ প্ৰতি তেওঁৰ চকু কম বয়সৰে পৰা। সকলো কথাৰ তললৈকে ভেদ কৰিব পৰা আৰু তাৰ মৌলিক কথা আৰু গুণবোৰ পলকতে চালি-জাৰি উলিয়াব পৰা শক্তি গভীৰ জ্ঞানান্বেষী বিদ্যাৰ্থীৰূপেই তেওঁ আহৰণ কৰিছিল।[]
  4. বাণীকান্ত কাকতিৰ সাহিত্য-সমালোচনাৰ অধ্যয়নত ঔপনিৱেশিক পটভূমি আৰু জাতীয়তাবাদী প্ৰতিৰোধ এই দুয়োটা শক্তিৰ সবল উপস্থিতি ধৰা পৰে। তেওঁ ব্যৱহাৰ কৰা সাহিত্যিক-নন্দনতাত্ত্বিক পৰিভাষাসমূহ চালে ধাৰণা হয় কাকতি মূলতঃ পশ্চিমীয়া সাহিত্যশালত গঢ় লোৱা চিন্তক।[]
  5. বেজবৰুৱাৰ জীৱনচৰ্যাৰ কেন্দ্ৰীয় ধাৰণা অসম আৰু অসমীয়া নামৰ পৰিচয় দুটাৰ জন্ম আধুনিকতাৰ উদ্‌দ্গমৰ সৈতে জড়িত হৈ আছে।[]