গায়ত্ৰী মহন্ত
অৱয়ব
গায়ত্ৰী মহন্ত হৈছে অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। ১৯৮২ চনৰ ১৪ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা গায়ত্ৰী মহন্তৰ নৃত্য আৰু অভিনয় প্ৰতিভাই সকলোকে আকৰ্ষিত কৰে। তেওঁ ‘প্ৰেম আৰু প্ৰেম’, ‘দীনবন্ধু’, ‘জীৱন তৃষ্ণা’, ‘দেউতা দিয়া বিদায়’, ‘পলে পলে উৰে মন’ আদি বোলছবিত অভিনয় কৰিছে। [১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- পৰিয়ালটো চোৱা চিতা কৰাৰ যি দায়িত্ব, সেয়া কিমান ভালকৈ পালন কৰিব পাৰিছোঁ ময়ো নাজানো। কিন্তু মই সদায় চেষ্টা কৰি আহিছোঁ আৰু আগলৈও চেষ্টা কৰিম যাতে মোৰ বাবে মোৰ পৰিয়ালৰ বা ঘৰৰ আন সদস্যসকলৰ কেতিয়াও অশান্তি নহওক, কেতিয়াও যাতে মোৰ বাবে কোনো সমস্যাৰ সন্মুখীন নহওক, কোনো বিপদৰ সন্মুখীন নহওক, তাৰ প্ৰতি মই সদায় সচেতন। [১]
- মই যিমান পাৰোঁ সকলোকে সুখী কৰিবলৈ, সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ। [১]
- ‘জোনবাই’খন আমি ভবাতকৈ বহুত বেছিকৈ দৰ্শকে আদৰি ল’লে। সেইটোৱেই মোৰ অভিনয় জীৱনৰ এটা টাৰ্ণিং পইণ্ট আছিল। ‘জোনবাই’ৰ ‘জোনালী’ চৰিত্ৰটো মোৰো বৰ ভাল লাগিছিল আৰু দৰ্শকেও বৰ ভাল পালে সেই চৰিত্ৰত মোৰ অভিনয়। এতিয়াও মোৰ মনত পৰে সেই চৰিত্ৰটো আৰু এতিয়াও বহুতেই মোক সেই চৰিত্ৰটোৰ বিষয়ে কৈ প্ৰশংসা কৰে। তেতিয়াৰপৰাই মই ভাবিলোঁ যে, অভিনয়কেই মই পেছা হিচাপে ল’ম। [১]
- কল্পনা কৰি, সপোন দেখি মই খুউব ভাল পাওঁ। বহুত অদ্ভুত অদ্ভুত কল্পনা কৰোঁ মই। সেই কল্পনাবোৰ যে কেতিয়াও পৰিকল্পনালৈ পৰিৱৰ্তন নহয় সেয়া মই ভালকৈয়ে জানো। [১]
- মানুহৰ জীৱনত হাঁহিৰ স্থান অতি গুৰুত্বপূৰ্ণ। কিন্তু আমি কেতিয়াবা কেতিয়াবা এনেকুৱা পৰিবেশত কাম কৰিব লাগে, য’ত হাঁহি উঠিলেও হাঁহিব নোৱাৰি। [১]
- মই কৰ্ম ক্ষেত্ৰত বৰ বেছি গহীন নহয়, কিন্তু মোৰ যি অভিনয়ৰ সংলাপ সেইখিনি নিয়াৰিকৈ ক’বলৈ চেষ্টা কৰোঁ আৰু মোক যি চৰিত্ৰ দিয়া যায়, মই সেই চৰিত্ৰৰ মাজত সোমাই পৰিবলৈ যত্ন কৰোঁ। [১]
- আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত দৰ্শকক অকণমান হাঁহিৰ খোৰাক যোগাব পৰাটো আটাইতকৈ কঠিন কাম বুলিয়েই মই ভাবোঁ। কাৰণ মানুহক তেনেকুৱা এখন পৃথিৱীলৈ লৈ যোৱা য’ত মানুহে ব্যক্তিগত জীৱনৰ সকলো দুখ কষ্ট পাহৰি অকণমান হাঁহি ফূৰ্তিৰে ওপভোগ কৰিব পাৰে, তেনেকুৱা অভিনয় কৰাটো আজিৰ সময়ত আটাইতকৈ কঠিন কাম। [১]
- প্ৰেম শব্দটোত আখৰ মাত্ৰ দুটা, কিন্তু সেই দুটা আখৰৰ শব্দটোৰ মাজত ইমান বিশালতা সোমাই আছে যে তাক মাত্ৰ দুআষাৰ মানত কৈ শেষ কৰিব নোৱাৰি। সকলোৰে প্ৰেমৰ প্ৰতি ধাৰণাও বেলেগ বেলেগ। কোনোবাই বাৰে বাৰে উজুটি খায়ো বাৰে বাৰে প্ৰেমত পৰে, আৰু বাৰে বাৰে উজুটি খাই খাই পৰি পৰিও কিন্তু বিয়া বাৰু নকৰোৱাকৈয়েই থাকে আৰু এনেকৈয়ে তেওঁলোকৰ জীৱনটোও শেষ হয়গৈ। [১]
- মই ভাবোঁ প্ৰেম মানে হ’ল এটা যোগাত্মক চিন্তা, যি মানুহক ভাল কাম কৰিবলৈ আৰু ভাল দিশত আগুৱাই যোৱাত সহায় কৰে। [১]