সমললৈ যাওক

খনীন চন্দ্ৰ চৌধুৰী

ৱিকিউদ্ধৃতিৰ পৰা

খনীন চন্দ্ৰ চৌধুৰী হৈছে এজন অসমীয়া গণিত-সাধক, পাঠ্যপুথি প্ৰণয়ক। তেওঁ অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এমেৰিতাছ প্ৰফেছৰ হিচাপে সন্মান পাইছিল।[১] তেওঁ বিমুৰ্ত গণিতত বিশেষকৈ বীজগণিতত বহুলভাৱে কৰা গৱেষণাৰ বাবে পৰিচিত। তেওঁক গল্ডি মডিউলৰ গঠন আৰু গল্ডি নিয়েৰ-ৰিং বুলি কোৱা ধাৰণাটো সম্প্ৰসাৰণ কৰাৰ মান্যতা দিয়া হৈছে।[২]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. গণিতৰ প্ৰতি আকৰ্ষিত হোৱা বিষয়টো মোৰ ক্ষেত্ৰত নাখাটে! প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেণী পৰ্যন্ত পঢ়া-শুনা কিয় কৰিব লাগে একো বুজা নাছিলোঁ। সপ্তম শ্ৰেণীত আহি পৰিছিল জ্যামিতি আৰু ইয়েই আমাৰ জীৱনৰ এটা মোৰ বা 'টাৰ্ণ' বুলি ক'ব পাৰি।[১]
  2. অষ্টম শ্ৰেণী আহি পাইছিলোঁ। কিয় জানো জ্যামিতিৰ সংজ্ঞা আৰু সূত্ৰই আমাৰ মনোজগতত এক কাৰিকৰী-সৌন্দৰ্য আৰু নান্দনিকতাৰ ৰেশ বিয়পাই দিছিল। উপপাদ্যৰ প্ৰমাণৰ মাজত সোমাই ৰোৱা যুক্তিৰ শৃংখলাখিনিয়ে আৰু সাধাৰণ জনজীৱনৰ বোধাত্মক ভাৱ-চিন্তাসমূহে মিলি এক খেলিমেলি আনি নিদিয়াও নহয় পিছে। [১]
  3. আজিও মনত পৰে কেনেকৈ স্কুল ছুটী হোৱাৰ পাছত আমি দুজন বন্ধুৱে আলিবাটৰ কাষতে পোৱা ‘চিনপৰা ভিঠি’ৰ সমুখত আলিবাটতে বহি লৈ থকা চকমাটিৰে জ্যামিতিৰ চিত্ৰ আঁকি চিন্তা কৰিছিলোঁ – একোটা জ্যামিতিৰ অনুশীলনী।[১]
  4. জ্ঞানান্বেষণ কোনো চৌখিনতা নহয় যে – ই প্ৰাণৰ কথা! জ্ঞানান্বেষণ আমাৰ এক তেজত প্ৰবাহিত হৈ থকা স্বভাৱ।[১]
  5. নিজৰ বাবে লাগতিয়ালখিনিকে ভালকৈ শিকাতো কিমান যে প্ৰয়োজনীয়! [১]
  6. নিজকে ফাঁকি দিয়েই আমি আমাৰ সমাজ, পৰিৱেশ আৰু ঘৰখন বিপথে পৰিচালিত কৰোঁ। [১]
  7. পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই সেইখিনিত নম্বৰ লোৱা আৰু ‘সৃষ্টিশীলতা’ এই দুই পূৰা ভিন্ন বিষয়! [১]
  8. গাণিতিক সূক্ষ্ম-বিশ্লেষণ কোনো কিতাপ পঢ়ি অনা কথা নহয়! ই ব্যক্তি বিশেষৰ এক চাৰিত্ৰিক-বৈশিষ্ট্যহে![১]


উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ১.৭ ১.৮ "অধ্যাপক খনীন চন্দ্ৰ চৌধুৰীৰ সৈতে সাক্ষাৎকাৰ". গণিত বিকাশ ৭৬: ৫০-৬৬. জানুৱাৰী-মাৰ্চ ২০২৩. 
  2. Biography of KCC. প্ৰকাশক: People Pill. আহৰণ কৰা হৈছে: 9 October 2020.