সমললৈ যাওক

খগেশ সেন ডেকা

ৱিকিউদ্ধৃতিৰ পৰা

খগেশ সেন ডেকা (ইংৰাজী: Khagesh Sen Deka; জন্ম:১৯৫৫- ) এজন একাধাৰে গৱেষক, ব্যাকৰণবিদ আৰু ভাষাবিদ। তেখেতে অসমৰ পূব কামৰূপ কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. পুৰুষানুক্ৰমে চলি অহা অলিখিত মত, বিশ্বাস বা নিয়মেই হ’ল পৰম্পৰা। এনে মত বা বিশ্বাসৰ প্ৰতি গভীৰ আস্থা আৰু সমৰ্থনক পৰম্পৰাবাদ আৰু সেইবোৰক বিনা প্ৰশ্নে মানি লোৱাজনক পৰম্পৰাবাদী আখ্যা দিয়া হয়। পৰম্পৰাক অকল অলিখিত মত বা নিয়ম বুলি সামৰি থোৱাও অসুবিধা। কাৰণ অৰ্থ বিস্তৃতিৰ হেতু ই কেতবোৰ লিখিত ৰীতি-নীতিকো সামৰি লোৱা দেখা গৈছে।[১]
  2. মানৱ-সভ্যতাৰ কেইবা হাজাৰ বছৰীয়া ইতিহাসত সময়ৰ সৈতে খোজ মিলাই ৰীতি-নীতি, বিশ্বাস-আস্থা আদিৰ পৰিৱৰ্তন ঘটিয়েই আছে, ভৱিষ্যতেও ঘটি থাকিব। এনে ক্ষেত্ৰত নতুনকৈ ঘটা প্ৰতিটো পৰিৱৰ্তনেই হৈ পৰিব আধুনিক।[১]
  3. উৎপাদনৰ আহিলা আৰু উৎপাদনৰ সম্পৰ্কৰ সাল-সলনিৰ লগে লগে সমাজৰ অৰ্থনৈতিক গাঁথনিৰ পৰিৱৰ্তন ঘটে আৰু তাৰ অৱশ্যম্ভাবী পৰিণতি স্বৰূপে সমাজ-গাঁথনিৰ ওপৰত বৰ্তি থকা উপৰি সৌধৰূপী চিন্তাৰ জগতখনতো আমূল পৰিৱৰ্তন সংঘটিত হয়। গতানুগতিকভাৱে চলি অহা সমাজৰ জীৱন-প্ৰৱাহলৈ এনে পৰিৱৰ্তনে যি প্ৰাণ-চাঞ্চল্য আনে বহল দৃষ্টিত তাকো আধুনিক বুলিব লাগিব। [১]
  4. আধুনিকতা ধনতান্ত্ৰিক অৰ্থ-ব্যৱস্থা আৰু যন্ত্ৰ-নিৰ্ভৰ উৎপাদন-ব্যৱস্থাৰ অমোঘ পৰিণতি। নগৰ-মহানগৰ ইয়াৰ ঘাই উৎস।[১]
  5. আধুনিক মনৰ গৰাকীজন সমসাময়িক, কিন্তু সমসাময়িকজন আধুনিক নহ’বও পাৰে।[১]

তথ্যসূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]