ক্ষীৰধৰ বৰুৱা
অৱয়ব
ক্ষীৰধৰ বৰুৱা অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখক। তেখেতে বিশ্বনাথ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে তেখেতে অসমৰ বিভিন্ন বাতৰি কাকত-আলোচনীত নিয়মীয়া প্ৰবন্ধ লিখাৰ উপৰি ‘বিজ্ঞান জেউতি’, ৰসায়ন শিক্ষা আদি আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৪ চনত তেখতেক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি এছ চি’ উপাধি প্ৰদান কৰে৷[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মোৰ দৃষ্টিত সৰল অৰ্থত, যি বিশ্বাসৰ বৈজ্ঞানিক ভিত্তি নাই, সেয়ে অন্ধবিশ্বাস (superstition)৷[২]
- বিজ্ঞানী আৰু বিজ্ঞান জগতৰ অন্ধবিশ্বাসমূলক কাম-কাজেও কেতিয়াবা জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে৷[২]
- নাটক প্ৰদৰ্শনো অন্ধবিশ্বাসৰ বিপৰীতে বৈজ্ঞানিক মানসিকতাৰ প্ৰচাৰৰ উত্তম মাধ্যম হ’ব পাৰে৷[২]
- ব্যক্তিগতভাৱে, ধৰ্মীয় ধ্যান-ধাৰণা আৰু ঈশ্বৰ বিশ্বাসৰ ওপৰত মোৰ কোনো আস্থা নাই৷[২]
- ঈশ্বৰ আৰু ধৰ্মবিশ্বাস যুক্তিবাদ বা বিজ্ঞান-মনস্কতাৰ পৰিপন্থী বুলি অনুভৱ কৰোঁ৷[২]
- অসমত বিজ্ঞান শিক্ষাৰে শিক্ষিত ব্যক্তিৰ সংখ্যা বৃদ্ধি হোৱাৰ তুলনাত বিজ্ঞান লেখকৰ সংখ্যা বঢ়া নাই৷[২]