সমললৈ যাওক

কৌশিক দাস

ৱিকিউদ্ধৃতিৰ পৰা

কৌশিক দাস(ইংৰাজী: Kaushik Das) লেখক, অধ্যাপক৷ তেওঁ যোৰহাট কৃষি বিশ্ববিদ্যালয়ত Crop Physiology বিভাগৰ অধ্যাপক পদত নিয়োজিত হৈ আছে৷ তদুপৰি তেওঁ মুক্ত চিন্তা ই-আলোচনীখনৰ মুখ্য সম্পাদক৷[১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. বিজ্ঞান এটি বিৰাট-বিপুল বিশ্ববীক্ষাৰ পদ্ধতিগত আধাৰ, কিন্তু প্ৰযুক্তিৰ পৰিসৰ কিছু ভিন্ন আৰু সংকীৰ্ণ। প্ৰযুক্তিৰ স্বৰূপ মূৰ্ত হয় তাৰ প্ৰয়োগত। [২]
  2. বিজ্ঞান হৈছে এক যৌক্তিক বিশ্ববীক্ষাৰ আধাৰ, তাৰ আভ্যন্তৰীণ ক্ষেত্ৰখন বাহ্যিক প্ৰভাৱৰ পৰা মুক্ত। [২]
  3. বিজ্ঞানৰ আভ্যন্তৰীণ ক্ষেত্ৰখন বাহ্যিক কাৰকৰ সাপেক্ষে নিৰপেক্ষ-নিৰ্লিপ্ত হোৱাৰ বিপৰীতে প্ৰযুক্তিৰ প্ৰয়োগ সদায় মানৱীয় তৎপৰতাৰ সৈতে সম্পৰ্কিত হৈ থাকে। প্ৰযুক্তিৰ প্ৰয়োগ মানুহৰ ইচ্ছাধীন। [২]
  4. আমাৰ অসমতো ব্যক্তিগতখণ্ডৰ টেলিভিছন চেনেলৰ সংখ্যা বা‌ঢ়ি অহাৰ লগে লগে বৃদ্ধি পাবলৈ ধৰিছে জ্যোতিষ, অন্ধবিশ্বাসভিত্তিক চিকিৎসা, ৰাশিফল আদিৰ অনুষ্ঠান। তাৰো আগৰে পৰা সমগ্ৰ ভাৰতৰেই নানান ধৰ্মীয় চিৰিয়েলৰ মাধ্যমেৰে মানুহৰ মাজত বিয়পাই দিয়া হৈছিল হৰেক ৰকমৰ অন্ধবিশ্বাসৰ লগতে ধৰ্মীয় অনুভূতিৰ সুৰসুৰণি। [২]
  5. এতিয়াৰ যুগত বৈদ্যুতিন যোগাযোগ প্ৰযুক্তিয়ে বৈপ্লৱিক অগ্ৰগতি লাভ কৰিছে। তাৰ লগে লগে সি ধৰ্মকে ধৰি অন্যান্য অন্ধবিশ্বাসৰ প্ৰচাৰ আৰু প্ৰসাৰত অভূতপূৰ্ব দ্ৰুতি আনি দিছে। তাৰ লগে লগে, কিছুমান চিত্তাকৰ্ষক সামাজিক ঘটনা-পৰিঘটনাৰ ৰেহৰূপো পৰিৱৰ্তিত হৈ পৰিছে। [২]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক | উৎস সম্পাদনা]