সমললৈ যাওক

কেশৱানন্দ দেৱগোস্বামী

ৱিকিউদ্ধৃতিৰ পৰা

কেশৱানন্দ দেৱগোস্বামী (ইংৰাজী: Keshabananda Debagoswami) হৈছে একাধাৰে এগৰাকী অসমীয়া পণ্ডিত-গৱেষক, শিপ্লী-সংগীতজ্ঞ, লেখক-কবি, গীতিকাৰ-কণ্ঠশিল্পী, অনুবাদক, ঔপন্যাসিক আৰু শিশু সাহিত্যক।[]

অঙ্কীয়া ভাওনা

  1. নাট্য শিল্পৰ প্ৰাচীনতম উৎস বিচাৰি পণ্ডিতসকলে মিছৰত খ্ৰীষ্টপূৰ্ব দুহেজাৰ বছৰৰ আগতে নাট্যাভিনয়ৰ প্ৰচলন আছিল বুলি উল্লেখ কৰিছে। ভাৰতবৰ্ষৰ ক্ষেত্ৰত বৈদিক যুগৰ পৰাই সভ্যতাৰ ইতিহাস অনুসৰণ কৰাটো যুক্তিকৰ বুলি এচাম পণ্ডিতে ক'ব খোজে। বৈদিক যুগটোকে কৃষিভিত্তিক সমাজৰ প্ৰাথমিক অৱস্থা বুলি ধৰা হয় আৰু সেই সমাজৰ ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ পৰিণতিয়েই নাটকৰ জন্ম ইতিহাসৰ গুৰি কথা বুলি এচাম পণ্ডিতে ক'ব খোজে। []
  2. মহাপুৰুষ শঙ্কৰদেৱৰ ছখনি নাটত মুঠতে এশ উনৈশটি গীত আছে। সেইবোৰত ব্যৱহাৰ হৈছে – ঊনত্ৰিশটি ৰাগ। যথা- আশোৱাৰী, ধনশ্ৰী, শ্ৰীগৌৰী, নাটমল্লাৰ, সুহাই, বসন্ত, কেদাৰ, অহিৰ, ভূপালী, মাহুৰ-ধনশ্ৰী, তুৰবসন্ত, সিন্ধুৰা, কানাৰা, কৌ, শ্ৰীগৌৰী, কল্যাণ, বেলোৱাৰ, শ্ৰীগান্ধাৰ, ভাটীয়ালী, পূৰৱী, মাহুৰ, গান্ধাৰ, কাৰুণ্য কেদাৰ, সাৰঙ্গ, নাট, শ্যাম, শ্ৰীপয়াৰ আৰু তুৰ৷ []
  3. ভাৰতৰ অন্যান্য ধৰ্ম সম্প্ৰদায়ৰ সাধন প্ৰণালীৰ দৰেই শংঙ্কৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মও আছিল উৎসৱ প্ৰধান। নানা গীত, বাদ্য, নৃত্যৰ জৰিয়তে সভ্ৰানুষ্ঠানৰ নিত্য নৈমিত্তিক কাৰ্য সমাধা কৰা হৈছিল। সভ্ৰ আৰু নামঘৰৰ দৈনন্দিন প্ৰাৰ্থনা- উপাসনাৰ বেলিকা গীত-বাদ্যৰ প্ৰচলন হেতু সৰ্বসাধাৰণৰ বাবে ইয়াৰ চৰ্চা-অনুশীলনৰ পথ সুগম কৰি তুলিছিল। নৃত্যৰ বিষয়টি সত্ৰৰ দৈনিক কাৰ্যসূচীৰ অন্তৰ্ভুক্ত নাছিল যদিও ওজা, ভাওনা আদিৰ সঘন প্ৰচলনে ইয়াৰো প্ৰসাৰৰ পথ মুকলি কৰিছিল। অসমীয়া ভাওনাত নৃত্যৰ স্থান অপৰিহাৰ্য্য। []
  4. অঙ্কীয়া ভাওনাৰ কেইটিমান লক্ষণ অন্যান্য ভাৰতীয় ৰংগ অনুষ্ঠানৰ লগত মিলে। সাজ-সজ্জা, নৃত্য-গীতৰ লগত কথাবস্তুৰ বিকাশ, পদ্যাত্মক সংলাপ, মুকলি মঞ্চ আৰু নাৰীৰ স্থান নোহোৱা আদিৰ ফালৰপৰা ৰামলীলাৰ লগত ইয়াৰ মিল দেখা যায়। আনহাতে ৰাসলীলাৰ দৰেই ভাওনাতো নাটৰ আৰম্ভণিতে মংগলাচৰণ আৰু শেষত অভিনয় দৰ্শনৰ ফলাফলৰ কথা অসমীয়া নাটত থাকে। অৱশ্যে ৰাসলীলাত দৃশ্য পৰিৱৰ্তনৰ সংকেত নাথাকে যদিও অসমীয়া নাটত সূত্ৰধাৰৰ টিপ্পনীৰ যোগে দৃশ্যান্তৰৰ অৱতাৰণা কৰা হয়। সূত্ৰধাৰে 'ই কথা ৰহোক,' 'তদন্তৰ .... বৃত্তান্ত শুনহ, ইদানীং প্ৰস্তুতমাহ' আদি বাক্যেৰে দৃশ্যান্তৰৰ কথা জনায়। []
  5. শংকৰদেৱৰ দিনত ৰবাব বাদ্য বজাই গীত গোৱাৰ কথা চৰিতত আছে। ভাস্কৰ আতাই এনে ৰবাব বজোৱা শুনিয়েই নাৰায়ণদাস ঠাকুৰ আতা আকৰ্ষিত হোৱাৰ কাহিনী কথা-চৰিতত বৰ্ণিত হৈছে। ৰবাব বাদ্য প্ৰচলনৰ কথাই গুৰু নানকৰ সংগী ৰবাব বাদক মৰদানালৈ সততে মনত পেলায়। ইপিনে আকৌ ৰায় আতাৰ কন্যা কমলপ্ৰিয়া আপিয়ে চাৰেংদাৰত তুলি গীত গোৱা শুনি চিলাৰায় আকৃষ্ট হৈ গুৰুজনাৰ ওচৰত শৰণ লোৱাৰ কথাও চৰিতত আছে। এই চাৰেংদাৰ সাৰিন্দ্ৰা যন্ত্ৰই। দুখৰ কথা; পিছলৈ ভাওনাতে হওক বা অন্য প্ৰসংগতে হওক, এনে স্বৰযন্ত্ৰৰ ব্যৱহাৰ লোপ পালে; আনকি যন্ত্ৰ দুটিয়েই আমাৰ মাজত নোহোৱা হৈ পৰিল।[]
  6. বিৱৰ্তনৰ পথত ভাওনাৰ বিভিন্ন বস্তুৰ অধুনাপ্ৰাপ্তৰূপে অৱক্ষয়ৰ স্বাক্ষৰ বহন কৰিছে; কিন্তু একালত ইয়াক অতিশয় পৱিত্ৰ আৰু বৰ সুফলপ্ৰদ অনুষ্ঠানস্বৰূপে গণ্য কৰা হৈছিল আৰু ব্যক্তিগতভাৱে আয়োজন কৰা এনে ভাওনাত এশ বৰসবাহৰ ফল লাভ হয় বুলিও কোৱা হৈছিল। সেই কথা চৰিত্ৰতো আছে। এইবিধ শিল্পচৰ্চাৰ বাবে ৰজাঘৰীয়া পৃষ্ঠপোষকতা ঘাইকৈ আহোম স্বৰ্গদেউসকলৰ উৎসাহ-উদ্দীপনা উল্লেখযোগ্য।[]