সমললৈ যাওক

কেনী দেউৰী বসুমতাৰী

ৱিকিউদ্ধৃতিৰ পৰা

কেনী দেউৰী বসুমতাৰী অসমৰ এগৰাকী অভিনেতা, চলচ্চিত্ৰ পৰিচালক তথা উদীয়মান লেখক। [১]কেনীয়ে গুৱাহাটীৰ এটা আঞ্চলিক টেলিভিছন চেনেলত তিনিবছৰ ধৰি বাতৰি পৰিবেশক হিচাপে কাম কৰিছিল। তাৰপিছত তেওঁ সেই কাম ত্যাগ কৰি অভিনয় কৰাৰ হাবিয়াসেৰে মুম্বাইলৈ যায়। মুম্বাইত ছটা এডভাৰটাইজ আৰু চেনেল ভিৰ হাস্য-ব্যংগ অনুষ্ঠান বলিউদ ননচেনচেক্স (Bollywood Nonsensex) তথা স্কেচ্ছ কমেডি শ্ব' জয় হিন্দত কাম কৰাৰ সুযোগ লাভ কৰে। ২০১৩ চনত কেনীয়ে ন্যূনতম বাজেটেৰে লোকেল কুং ফু নামৰ এখন সমৰ কলা (মাৰ্চিয়েল আৰ্ট) সন্নিবিষ্ট হাস্যমধুৰ অসমীয়া-হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰে। মাত্ৰ ৯৫,০০০ টকাৰ বাজেটত কেনন ৫৫০ডি কেমেৰাৰে নিৰ্মাণ কৰা এই চলচ্চিত্ৰখনে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰাৰ লগতে দৰ্শকৰো ভাল সঁহাৰি লাভ কৰে। [২]

  1. কম বাজেটৰ কথাটোৱেই আমাৰ বাবে বাধা আছিল৷ টকা পইছাৰ অসুবিধা হোৱাৰেই কথা, কিয়নো মোৰ মা-দেউতাৰ কোনো গুটখা ফেক্টৰী নাছিল! পিছে লোকেল কুংফু কথাছবিখন ৰিলিজ দিয়াৰ সময়ত আমি আশাবাদী আছিলোঁ যে মানুহে কথাছবিখন আকোঁ‌ৱালি ল’বই। আমাৰ চিনেমাখনৰ পাইৰেটেড ভাৰ্চন বজাৰত আহি যোৱাৰ লগে লগে সেইখনে ইমান জনপ্ৰিয়তা আৰ্জন কৰিলে, সেইটো আমি কেতিয়াও কল্পনাও কৰা নাছিলোঁ। [১]
  2. প্ৰেমত পৰিলেই নহ’ব, প্ৰেম চলাই যাবলৈ টকাৰো দৰকাৰ৷ [১]
  3. মোৰ অনুৰোধ, সৰু ডাঙৰ সকলো জিলাতে মিনিপ্লেক্স খোলাৰ প্ৰচেষ্টা হ’ব লাগে আৰু যদি কোনো অসমীয়া চিনেমাই ভাল দৰ্শক পায় (যেনে ধৰক প্ৰথম সপ্তাহত ৫০% হাউচফুল), তেন্তে বলিউডৰ চিনেমাৰ প্ৰেচাৰত অসমীয়া চিনেমা এখন আতঁ‌ৰাই দিব নোৱাৰাকৈ কঠোৰ নিয়ম-কানুন হ’ব লাগে। [১]
  4. যদিহে আপোনাৰ PR বাজেট নাথাকে, তেন্তে কিতাপ এখন বেষ্ট-চেলাৰ হোৱাৰ আশা খুব কম। বহু মধ্যমীয়া শৈলীৰ লেখক, যাৰ কিতাপৰ মাৰ্কেটিঙৰ নামত খৰচ কৰিবলৈ যথেষ্ট পইছা থাকে, সেইবোৰ বেষ্ট-চেলাৰ হৈ যায়। [১]
  5. যি সমাজৰ মানুহে –লেখা-পঢ়া নকৰে, সেই সমাজৰ পতন নিশ্চিত। [১]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ সাক্ষাৎকাৰ – কেনী বসুমতাৰী. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (১ আগষ্ট ২০১৭). আহৰণ কৰা হৈছে: 24 মে' 2024.
  2. Http://www.thehindu.com/features/cinema/theres-kung-fu-in-the-air/article5167612.ece