সমললৈ যাওক

কৃষ্ণ ৰয়

ৱিকিউদ্ধৃতিৰ পৰা

কৃষ্ণ ৰয় হৈছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী প্ৰবীণ আৰু পুৰোধা শিল্পী, আগশাৰীৰ নাট্যদল আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক। তেওঁ বৰপেটা জিলাৰ পাঠশালাৰ এটা কৃষক পৰিয়ালত জন্ম লৈ অসমত নাটক, নাটকৰ চৰ্চাক ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰূপত এটা সফল ব্যৱসায়িক মডেল হিচাপে গঢ় দিছিল। তেওঁ কথাছবিৰ প্ৰযোজক হিচাপে 'দীনবন্ধু' ছবিখনৰ বাবে 'ৰজত কমল' বঁটা লাভ কৰিছিল।[১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সৰুৰেপৰা মোৰ নাটকৰ প্ৰতি এটা ধাউতি বা এক প্ৰকাৰৰ টান এটা আছিল। আমাৰ ইয়াত যথেষ্ট যাত্ৰা পাৰ্টি আছিল।[১]
  2. থিয়েটাৰৰপৰা আঁতৰি আহি জীৱনটো ঠিকা কৰি টুকটাককৈ চলি আছিল যদিও মোৰ ভাগ্যলিপিত হয়তো থিয়েটাৰৰপৰা বেছিদিন আঁতৰি থকাটো লিখা নাছিল।[১]
  3. থিয়েটাৰ পৰিচালনাৰ লগত দীৰ্ঘ সময় জড়িত থকাৰ পাছত মই নতুনকৈ শিকিব লগা তেনেকৈ বিশেষ একো নাছিল। শুভাকাংক্ষীসকলৰ সহযোগিতা আৰু সমগ্ৰ অসমৰ ৰাইজৰ মৰম চেনেহেৰে আৱাহনে জন্মৰ বছৰটোৰপৰাই সফলতা পালে। অসমৰ ইতিহাসৰ সেই ৰক্তাক্ত সময়ছোৱাত এখন নতুন থিয়েটাৰ খুলি সমগ্ৰ অসমতে নাট প্ৰদৰ্শন কৰি ঘূৰি ফুৰাটো মুখৰ কথা নাছিল।[১]
  4. আৱাহনৰ আত্মপ্ৰকাশৰ ঠিক আগে আগে ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ “সন্ধ্যাৰাগ” ছবিখন ওলাইছিল। তেতিয়াৰপৰাই মোৰ মানুজনৰ প্ৰতি এটা অদম্য কৌতূহল আছিল। এজন বিশ্ববিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষকে চিনেমা বনাইছে! তাকো কলাগত দিশৰপৰা ইমান উচ্চ পৰ্য্যায়ৰ চিনেমা। এই কথাটোৱে মোক আচৰিত কৰিলে। ইয়াৰ আগতো অৱশ্যে তেখেতৰ অনাতাঁৰ নাটসমূহৰ মই নিয়মীয়া শ্ৰোতা আছিলোঁ। মই তেতিয়া ভাৱিলোঁ কেনেবাকৈ যদি এই মানুহজনক মোৰ থিয়েটাৰত কিবা প্ৰকাৰে জড়িত কৰাব পাৰোঁ তেন্তে এইটো এটা মোৰ বাবে অনন্য সফলতা হ’ব। মই তেখেতৰ লগত যোগাযোগ কৰা আৰম্ভ কৰিলোঁ কিন্তু মোৰ আপ্ৰাণ চেষ্টায়ো তেখেতক থিয়েটাৰলৈ অনাত বিশেষ একো কৰিব নোৱাৰিলে। তেখেতক মই কোনো পধ্যেই মান্তি কৰাবপৰা নাছিলোঁ।শেষত এনেকুৱা অৱস্থা হ’ল যে, মই তেখেত ঘৰত নথকা অৱস্থাত তেওঁৰ ঘৰলৈ গৈ বাইদেউক লগ কৰা আৰম্ভ কৰিলোঁ। ছাৰ থকা অৱস্থাত কোনোবা দিনা গ’লে তেখেতে মোক তেখেতৰ ঘৰৰ বাৰান্দালৈকে উঠিবলৈ নিদিয়া হ’ল। চোতালৰপৰাই মোক ব্যস্ত আছোঁ বুলি বিদায় দিয়ে (হাঁহি) কিন্তু মই চেষ্টা এৰা নাছিলোঁ আৰু অৱশেষত এদিন মোৰ এই নেৰানেপেৰা চেষ্টাই কাম দিলে আৰু হঠাৎ তেখেতে এদিন মোক বাৰাণ্ডাতে মূঢ়া এটাত বহিবলৈ দিলে। তেওঁ কাষতে চকী এখন লৈ বহিল। তেওঁ সুধিলে মোক তোমাক কেনেকুৱা নাটক লাগে? মই ক’লোঁ কেনেকুৱা নাটক লাগে আপোনাক ক’বলৈ ছাৰ মই কোন? তথাপিও মোৰ থিয়েটাৰৰ বাবে নিভাঁজ অসমীয়া, অসমৰ মাটিৰ গোন্ধ থকা এখন নাটক মই আপোনাৰপৰা আশা কৰোঁ। তেতিয়া তেখেতে মোক বহি বহিয়েই দুটা গল্প ক’লে। এটা আছিল 'ৰাৱণ' আৰু এটা আছিল 'ৰামধেনু'। মই দুয়োটা গল্প শুনি 'ৰামধেনু' গল্পটো ভাল পাইছোঁ বুলি ক’লোঁ। তেখেতে তেতিয়া সেই গল্পটোৰপৰা একেনামৰ 'ৰামধেনু' নামৰ নাটখন লিখি দিলে। পাঠশালালৈ আহি নিজে নিৰ্দেশনাও দি গ’লহি।মানুহে বৰ ভালকৈ নাটখন আঁকোৱালি ল’লে আৰু সমান্তৰালভাৱে সমগ্ৰ অসমত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ভ্ৰাম্যমাণলৈ আগমনৰ বিষয়টো চৰ্চা হ’বলৈ ধৰিলে কাৰণ ড° শইকীয়াৰ দৰে মানুহ এজন ভ্ৰাম্যমাণৰ দৰে সম্পূৰ্ণ পেছাদাৰী ব্যৱস্থা এটাৰ লগত সংযুক্ত হ’ব বুলি বহুতে কল্পনাও কৰা নাছিল।[১]
  5. ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ দৰে মানুহ এজনক ইমান চেষ্টা আৰু অনুৰোধৰ পাছত মই থিয়েটাৰলৈ অনাৰ পাছত অহৰ্নিশে এইটো লক্ষ্য ৰাখিবলৈ ল’লোঁ যে ছাৰে যাতে কোনো কাৰণতে অসুবিধা নাপায়। ছাৰৰ দৰে এক চেকেণ্ডৰ হিচাপ ৰখা মানুহ এজনৰ জীৱন শৈলী থিয়েটাৰলৈ আহি যাতে কোনো কাৰণতে বাধাগ্ৰস্ত নহয় এই দিশটোত মই সদা সচেতন আছিলোঁ।[১]
  6. ড° ভৱেন্দ্ৰ নাথ শইকীয়াই বহুতে ভবাৰ দৰে কেৱল আৱাহনৰেই চিন্তা কৰা নাছিল। সামগ্ৰিকভাৱে অসমৰ এই আপুৰুগীয়া সম্পদ ভ্ৰাম্যমাণ থিয়েটাৰৰ উত্তৰণৰ বাবে তেখেতৰ পৰিকল্পনা আছিল।[১]
  7. পৰিৱৰ্তনশীল জগতখনত সকলোফালেই পৰিৱৰ্তন অৱশ্যম্ভাৱী। আপুনি ভাল পাওক কিম্বা বেয়া পাওক, ইয়াৰ গত্যন্তৰ আছে জানো?[১]
  8. ভ্ৰাম্যমাণৰ বাবেই দৰ্শকৰ পচন্দেই সকলো, দৰ্শকেই ভগৱান।[১]
  9. “থিয়েটাৰ অৰ্থনীতি”ত প্ৰযোজকৰ বিনিয়োগ ঘূৰি অহাটো আৰু ইয়াৰ লগত প্ৰতক্ষ্যভাৱে জড়িত থকা প্ৰায় ১৫০ জন মানুহ আৰু পৰোক্ষ ভাৱে থকা তেওঁলোকৰ পৰিয়ালৰ বৰ্তমান আৰু ভৱিষ্যতটোহে মূখ্য। ইয়াৰ উপৰি অসমৰ চুকে কোণে থকা প্ৰতিখন আহ্বায়ক সমিতিয়ে দুপইচা পোৱা কথাটোও গুৰুত্বপূৰ্ণ।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ কৃষ্ণ ৰয়ৰ সৈতে অন্তৰংগ আলাপ. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (ফেব্ৰুৱাৰী, ২০২১). আহৰণ কৰা হৈছে: 29 মে' 2024.