সমললৈ যাওক

কুল শইকীয়া

ৱিকিউদ্ধৃতিৰ পৰা

কুল শইকীয়া হৈছে ভাৰতীয় আৰক্ষী সেৱাৰ অসম মেঘালয় কেডাৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া[১] আৰু অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক-প্ৰধান (এপ্ৰিল ২০১৮ - নৱেম্বৰ ২০১৯)। তেখেত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক লগতে অসম সাহিত্য সভাৰ সভাপতি আছিল।[২] আৰক্ষী বিভাগত তেওঁ দেখুৱা উৎকৃষ্ট কাৰ্যদক্ষতাৰ বাবে তেখেতে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা দুবাৰকৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰিছে। অসম আৰক্ষী সমাজৰ কল্যাণৰ বাবে তেখেতে "প্ৰজেক্ট প্ৰহৰী" নামৰ এক অভিলাষী প্ৰকল্প আৰম্ভ কৰিছিল।[৩]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ভাববিলাক কি ধৰণে আহে ধৰিবই নোৱাৰোঁ নহয়। আচলতে আমি কাৰ বাবে কাম কৰিছোঁ, কোন আমাৰ লক্ষ্য সেই কাৰকবোৰৰ ওপৰতেই গল্প সমূহ নিৰ্ভৰ কৰে।[১]
  2. আচলতে এই ধৰাত সকলোৱে এক নিজস্ব জগতত বিচৰণ কৰি থাকে, আৰু আমাৰ ভাববোৰ সদায় আধৰুৱা। আমাৰ মনবোৰ আচলতে বৰ অস্থিৰ।[১]
  3. ইমান কথা ভাবোঁ, কিন্তু লিখাৰ ক্ষেত্ৰত দুটামান বাক্যহে ওলাই আহে। কেতিয়াবা হয়তো শব্দৰ অভাৱো এক কাৰণ হ'ব পাৰে।[১]
  4. আমাৰ চাৰিওফালে ঘটি যোৱা বিভিন্ন ঘটনাৰ ওপৰত ভিত্তি কৰিয়েই আমি লিখোঁ। কেৱল সেয়াই নহয়, ফেণ্টাছীৰ ওপৰত ভিত্তি কৰিও লিখোঁ।[১]
  5. নাটকৰ গ্ৰীণ ৰূমৰ পৰিবেশটোৱেই আচলতে লিখকৰ মনৰ ভিতৰখন। কেতিয়াবা ভাব হয়‌ গ্ৰীণৰূমৰ সেই ভিতৰখন কৈ দিব পৰা যায় নেকি। আকৌ ভাব হয় গ্ৰীণ ৰূমৰ কথাখিনি কৈ দিলে গ্ৰীণৰূমটো সেই গ্ৰীণৰূম হৈ নাথাকিব নেকি।[১]
  6. বহু সময়ত এটা গল্পৰ জন্ম কাহিনী গল্পটোতকৈও ডাঙৰ হৈ পৰে।[১]
  7. মানুহৰ দুখটোক public broadcast লৈ লৈ যোৱাটো উচিত নহয়। Media Ethics নহয় এইটো।[১]


উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ১.৭ বিশিষ্ট গল্পকাৰ কুল শইকীয়াৰ সৈতে অন্তৰংগ আলাপ. সাক্ষাৎকাৰ. প্ৰকাশক: সাহিত্য ডট অৰ্গ (জুন, ২০১৪). আহৰণ কৰা হৈছে: 28 মে' 2024.
  2. Assam Police-Nagarik Committees. প্ৰকাশক: www.assampolice.gov.in. Archived from the original on 2016-03-05.
  3. Curbing witch-hunting: An Assam police officers relentless campaign. প্ৰকাশক: www.thestatesman.com.