সমললৈ যাওক

কিশোৰ মনজিৎ বৰা

ৱিকিউদ্ধৃতিৰ পৰা

কিশোৰ মনজিৎ বৰা অসমৰ এজন শিক্ষক, সাহিত্যিক। তেখেতে কবিতা আৰু উপন্যাসৰ মাজেদি অসমীয়া সাহিত্যলৈ যৎকিঞ্চিত অৰিহণা আগবঢ়াইছে। হৃদয় এখন মহাকাব্য আৰু আহ লক্ষ্মণ সৰযু পাৰ হৈ যাওঁ তেখেতৰ দুখন উপন্য্যস। বৰাৰ চাৰিখন ভিন্নসুৰী কাব্যগ্ৰন্থ হৈছে মাটিগোসাঁনী,বুদ্ধক বিচৰা ৰাতি,মহাগাথা আৰু বিস্মৃত উপত্যকা

হৃদয় এখন মহাকাব্য

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  1. যৌৱনে কেৱল উৰিব খোজে;যি উত্তৰণৰ লগত একাকাৰ হৈ আছে অন্বেষণ আৰু কৃচ্ছ্ৰসাধনাৰ স্বৰ্ণ-স্বাক্ষৰ।যৌৱনৰ মাজত অনুভূত হয় জীৱনৰ নিবিড় কথন,প্ৰাণৱন্ত প্ৰজ্ঞা আৰু সৃষ্টিৰ কুন্দত কটা উন্মাদনা।[]
  2. পৃথিৱীত এদিন মানুহৰ ভাব প্ৰকাশৰ আটাইবোৰ ভাষা শেষ হৈ যাব পাৰে।কিন্তু তাৰ পাছতো মানুহ থাকিব।হৃদয় থাকিব।নীৰৱতা বাজিব।চকুপানী সৰিব।...স্মৃতিভাৰাতুৰ মানুহে চকুলোৰে সাগৰ বোৱাব।আৰু সেই সাগৰেদি এদিন নিৰিবিলি জোনাক নিশা উভতি আহিব জাক জাক স্বপ্নৰ নাৱিক-প্ৰেমৰ বাবে।সৃষ্ট হ'ব হৃদয়ৰ চিৰায়ত মহাকাব্য।পৃথিৱীত মানুহৰ চকুপানীৰ ভাষা কোনোকালে লুপ্ত হৈ নযায়।[]
  3. সময়ৰ প্ৰবাহ কোনেও ৰুদ্ধ কৰিব নোৱাৰে।আজিৰ গান গোৱা চৰাই কাইলৈ সোঁৱৰণি;তথাপি গানৰ মৃত্যু নাই,মৃত্যু নাই জীৱনৰ প্ৰবহমান শিল্পৰ।পুৱাৰ নিয়ৰৰ অস্তিত্ব দুপৰীয়ালৈ হেৰাই গ'লেও নিয়ৰৰ স্বমহিমা কোনোকালে ম্লান পৰি নাযায়।সময়ৰ কোবাল সোঁতত জীৱন হেৰাই যাব পাৰে,কিন্তু তাৰ মাজতো ক'ৰবাত নহয় ক'ৰবাত ৰৈ যায় কলাত্মক জীৱনৰ অনন্য গৰিমা;সমুদ্ৰই বুকুত দুৰ্লভ মুকুতা লৈ নীৰৱে প্ৰবাহিত হৈ থকাৰ দৰে।দুৰ্বাৰ গতিৰে।[]
  4. মানুহৰ চেতনাৰ নিৰৱধি নদী স্তব্ধ কৰি কেতিয়াবা এক প্ৰগাঢ় দুখবোধে মৰ্মপ্ৰদেশ চুই যায়।কিন্তু এনে দুখো কিছুমান বিশেষ মুহূৰ্তত গান হৈ বাজিব পাৰে,যদি তাত প্ৰেমৰ অনিন্দ্যকান্তি অনুভূতি নিহিত হৈ থাকে।[]
  5. ক'ৰবাত নহয় ক'ৰবাত কোনোবা এজন আছেই;যি আকুলতাৰে চুই যাব পাৰে হৃদয়ৰ সুগভীৰ প্ৰান্তৰ।যিজনে আহাৰমহীয়া নিজান হাবিত জিলিৰ মাতৰ দৰে ৰি-ৰিয়াই জগাই তুলিব পাৰে মানৱ প্ৰাণৰ বিষাদৰ আটাইবোৰ সুপ্ত চেতনাস্ৰোত।জীৱনৰ একান্ত নিৰ্জন পৰত এনে এক তীব্ৰ আলোড়নময় ৰহস্য-কোষেৰে মানুহে স্পৰ্শ কৰে পৰম কাৰুণিক সেই দৈৱিক অঞ্জলি।[]
  6. আচলতে আধুনিক জীৱনত আমি প্ৰত্যেকেই একোজন কৰ্ণ।নিজৰ ভাগ্য নিজেই ৰচনা কৰি ল'ব লাগিব।উত্তৰণৰ বাট কোনোদিন সহজ নহয়।কিন্তু আমাক উত্তৰণ লাগিব:আত্মিক সততা আৰু নিজৰ কৃচ্ছ্ৰসাধনাই আনি দিয়া উত্তৰণ।[]
  7. বৰষুণৰ ৰাতি প্ৰতিজন মানুহেই এবাৰলৈ হ'লেও নিজৰ সৈতে কথা পাতে;আৰু নিৰৱচ্ছিন্ন আত্মালাপে দুচকুৱেদি বোৱাই আনে চকুলোৰ বন্যা।চকুলোৰ বৰষুণত অৱগাহন কৰা মানুহৰ হৃদয় আকাশৰ দৰেই উদাৰ,অব্যক্ত আৰু যন্ত্ৰণাকাতৰ।[]