কামত কৃতিত্ব লভিবৰ সংকেত (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

কামত কৃতিত্ব লভিবৰ সংকেত হ’ল লক্ষ্মীনাথ বেজবৰুৱা-ৰ দ্বাৰা ৰচিত এখন শিশু উপযোগী উপদেশমূলক গ্ৰন্থ। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯০৩ চনত। সফল জীৱন গঢ়াত মন দিবলগীয়া ৫০ টা উপযোগী সংকেত দি পুথিখন ৰচনা কৰা হৈছে। ক্ষুদ্ৰাকৃতিৰ এই গ্ৰন্থখনক এখন ’পকেট বুক’ বুলিয়ে বেজবৰুৱাই উল্লেখ কৰিছে। জীৱনমুখী বা চৰিত্ৰ গঠনত সহায়ক এই সংকেতসমূহৰ কিছুমানত ব্যাখ্যা আৰু কিছুমান ব্যাখ্যাবিহীনভাৱে দাঙি ধৰা হৈছে।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সদায় সঁচা কথা ক’বা।[১]
  2. বিশ্বাসৰ পাত্ৰ হ’বলৈ সদায় লক্ষ্য ৰাখিবা।[১]
  3. কেতিয়াও কৰ্তব্য কৰিবলৈ নিপিছুৱাবা।[১]
  4. কথা জুখি ঠিককৈ ক’বা।[১]
  5. নিজৰ দোষ ততালিকে স্বীকাৰ কৰিবা।[১]
  6. আত্মসন্মান সদায় অতি যতনেৰে ৰাখি চলিবা।[১]
  7. ক্ষুদ্ৰ বিষয়তো সৰল অকপট আৰু এহাশুধীয়া হ’বা।[১]
  8. সত্য পথত থাকি, আপোন অভিপ্ৰায় নিষ্কলংক ৰাখি ধন ঘটিবলৈ পুৰুষাৰ্থ কৰিবা।[১]
  9. ধনৰ সদস্তুব্যয় কৰিবা।[১]
  10. তোমাৰ নিৰ্দিষ্ট কামত সদায় উপস্থিত থাকিবা।[১]
  11. নিৰূপিত কালত সদায় কামলৈ আহিবা আৰু কাম কৰিবা।
  12. কি ঘৰুৱা জীৱন, কি বেহা বেপৰুৱা জীৱন, কি চাকৰীয়া জীৱন, নিতৌ তাক সুব্যৱস্থিত আৰু সুগঠিত কৰি ৰাখিবা।
  13. কাৰ্যৰ বৰ-সৰু, লাগতিয়াল-অলাগতিয়াল, আগেয়ে কৰিবলগীয়া, পিছত কৰিবলগীয়া, ততালিকে বিবেচনাক কৰি তাক কৰিবলৈ মনক শিকনি দিবা।
  14. এধাডুখৰীয়া নহ’বা। এধাকেঁচেলীয়া বিদ্যা, এধাকেঁচেলীয়া কামৰ ফল, সময়, শৰীৰ আৰু সময় নষ্ট।
  15. কোনো কাৰ্য সিদ্ধি নোহোৱা পৰ্যন্ত তাত নেৰানেপেৰাকৈ লাগিবা।
  16. কাম পেলাই নথৈ তৎক্ষণাত কৰিবা।
  17. যি কামৰ ভাৰ তোমাৰ গাত পৰে, তাক মন দি মুকলি অন্তঃকৰণেৰে সৈতে কৰিবা।
  18. কৰিবলগীয়া কামৰ এটা তালিকা দিনৌ লেখি চকুৰ আগত থৈ দিবা।
  19. সদায় চোলাৰ মোনাত নোটবুক আৰু পেন্সিল ৰাখি সকলো আৱশ্যকীয় কথা আৰু কাম তাত লেখি থ'বা।
  20. লোকৰ কথা মন দি শুনিবা, ভাল কিতাপ মন দি পঢ়িবা আৰু তাৰ অসাৰুৱা ভাগ বাদ দি সাৰুৱা ভাগ জুকিয়াই মনত থ'বা।
  21. তোমাৰ দোষ শুধৰাবলৈ আৰু গুণ বঢ়াবলৈ দৃঢ়প্ৰতিজ্ঞ হ'বা।
  22. তোমাৰ যি ক্ষমতা আছে, অদৃষ্টক নুদূষি তাকে কামত সম্পূৰ্ণৰূপে প্ৰয়োগ কৰিবা।
  23. আহৰি কালৰ সদ্ব্যৱহাৰ কৰিবা।

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ কামত কৃতিত্ব লভিবৰ সংকেত, বেজবৰুৱা ৰচনাৱলী, নগেন শইকীয়া (সম্পাদিত), বনলতা, ডিব্ৰুগড়, ২০১০, ষষ্ঠ খণ্ড, পৃষ্ঠা ১৪২-১৫৫


বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]