সমললৈ যাওক

এম কামালুদ্দিন আহমেদ

ৱিকিউদ্ধৃতিৰ পৰা

এম. কামালুদ্দিন আহমেদ একাধাৰে অসমৰ এগৰাকী কবি, সমালোচক,অনুবাদক তথা অধ্যাপক। তেখেত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ কবি হিচাপে একবিংশ শতিকাটোৰ তেওঁ এজন উল্লেখযোগ্য কবি৷[] তেখেতৰ কবিতা উত্তৰ লক্ষীমপুৰ (স্বায়ত্বশাসিত) মহাবিদ্যালয় আৰু নগাঁও মহাবিদ্যালয়(স্বায়ত্বশাসিত)ৰ অসমীয়া বিভাগৰ পাঠ্যক্ৰমত অন্তভুৰ্ক্ত হৈছে৷ তেখেত সাহিত্য অকাডেমিৰ অসমীয়া উপদেষ্টা সমিতিৰ সদস্য (২০১২-২০১৭) আছিল৷ সেইদৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ বৰ্ড অভ ষ্টাডিজৰ সদস্য (২০২০-২০২৩)৷ ভাৰতীয় সংবিধান স্বীকৃত আটাইবোৰ ভাষালৈ তেখেতৰ কবিতা অনুবাদ হৈছে৷ ইংৰাজী আৰু ফৰাচী ভাষালৈও কবিতাৰ অনুবাদ হৈছে৷ []

  1. পাঠ্যক্ৰমৰ বাহিৰতহে কবিতা বা সাহিত্যৰ সমাদৰ অধিক হ'ব লাগে ।[]
  2. আধুনিক কবিতা জটিল বুলি ক'লেহে অধিক ৰজিতা খাই পৰিব, যদিও এইটো সদায় নহ'বও পাৰে।[]
  3. সামাজিক মাধ্যমত কবিতাৰ বহুল চৰ্চা সম্পৰ্কে মই আশাবাদী নহয়। গভীৰতা আৰু সূক্ষ্মতা ব্যাহত হয়।[]
  4. অসমীয়া কবিতাৰ ভৱিষ্যত সম্পৰ্কে মই আশাবাদী।[]
  5. সৃষ্টিশীল সাহিত্যৰ অনুবাদৰ বাবে লক্ষ্য, ভাষা। মূল ভাষাৰ যথাযথ‌ জ্ঞান অনুবাদকৰ প্ৰয়োজন হ'ব।[]
  6. কবিতা অন্যায়ৰ প্ৰতিবাদ হ'ব পাৰে।[]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ এম কামালুদ্দিন আহমেদৰ সৈতে সাক্ষাৎকাৰ. সাক্ষাৎকাৰ পৃষ্ঠা: ১৩-১৭. প্ৰকাশক: কথা কাঞ্চন (জানুৱাৰী, ২০২৪). আহৰণ কৰা হৈছে: 28 মে' 2024.
  2. ডেকা, হৰেকৃষ্ণ। পানীৰ মাজেৰে। বনলতা, পৃষ্ঠা:১১-২২।