এজন ঈশ্বৰৰ সন্ধানত (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

এজন ঈশ্বৰৰ সন্ধানত হৈছে অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা দুখন উপন্যাসিকাৰ সংকলন। ইয়াৰে এখন হৈছে "এজন ঈশ্বৰৰ সন্ধানত" আৰু আনখন হ'ল "নিৰ্বাসিত গোলাপ"। উপন্যাসিকা সংকলনখন প্ৰথম প্ৰকাশিত হয় নৰ্থ-ইষ্ট বুক ফেয়াৰত, ১৯৯৮ চনত। কিতাপ আকাৰে প্ৰকাশিত হোৱাৰ পূৰ্বে উপন্যাসিকা দুখন ক্ৰমে ১৯৫৭ চনৰ "অসম বাণী"ৰ ৰঙালী বিহু সংখ্যা আৰু ১৯৯৬ চনৰ "দৈনিক জনমভূমি"ৰ শাৰদীয় সংখ্যাত প্ৰকাশ পাইছিল।[১]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • মানুহৰ জীৱনত প্ৰয়োজন এজন বিশ্বাসী বন্ধুৰ। যাৰ আগত অকপটে স্বীকাৰ কৰিব পাৰি সমস্ত গোপনীয়তা।[২]
  • সাধাৰণ মানুহৰ স্বাৰ্থত কোনো দিনেই সংবাদ-পত্ৰই দায়িত্ব পালন নকৰে আজিকালি। কৰিব যদিহে সম্পাদক অত্যন্ত ব্যক্তিত্বসম্পন্ন, বুদ্ধিদীপ্ত আৰু জনসাধাৰণৰ নিৰপেক্ষ বিচাৰক হয়। মালিক পক্ষই দিয়া সুখ-সুবিধা আৰু ৰাজনীতিৰ মুনাফাৰ প্ৰতি নিৰ্মোহ হয়।[৩]
  • কিছুমান মানুহে হৃদয়ত এনে এক প্ৰতিচ্ছবিৰ সৃষ্টি কৰি যায় যে লগ নাপালেও তেওঁৰ প্ৰতিটো কথাৰ সৈতে কথা পাতি ভাল লাগে নীৰৱে। কাষত নাথাকিলেও অস্তিত্বৰ পৰশ লাগি থাকে মগজুত।[৪]
  • মানুহৰ চিন্তা আৰু দৰ্শনো কেতিয়াবা আৱদ্ধ পানীৰ দৰে স্থবিৰ হয়। তীখাৰ দৰে কঠিন, ইস্পাটৰ ধাৰৰ দৰে তীক্ষ্ণ। মৃত শৰীৰৰ আচ্ছাদনেৰে লুকুৱাই থয় বহু ৰহস্যময় ক্ষণ।[৫]
  • আমি প্ৰত্যেকেই প্ৰত্যেকৰ ওচৰত অচিনাকি... চিনি পাওঁ বুলি ভুল কৰি ভাল লাগে মাজে মাজে...।[৬]
  • দুৰ্বলৰ ওপৰত অত্যাচাৰ, দম্ভ দেখুওৱাটো সাহস নহয়, অন্যায় প্ৰতিবাদ কৰিব পৰাটোহে সাহসী মানুহৰ কথা।[৭]
  • হওকনা বেসুৰা কণ্ঠ, হৃদয় যেতিয়া সুৰেৰে উপচি পৰে; কণ্ঠত সুৰ নাহিলেইবা ক্ষতি কি?[৮]
  • বিপ্লৱ আহিব পৃথিৱীৰ যিকোনো প্ৰান্তৰৰে... যিদিনা মানুহে স্বাধীনতা শব্দটো লিখিবলৈ শিকিব... মানুহে মানুহৰ হৃদয়ৰ উত্তাপেৰে সাজিব বাৰুদ...[৯]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. গ্ৰন্থ:এজন ঈশ্বৰৰ সন্ধানত; লেখিকা:অনুৰাধা শৰ্মা পূজাৰী; প্ৰকাশ:নৱম প্ৰকাশ, মাৰ্চ ২০১৮; প্ৰকাশন: জ্যোতি প্ৰকাশন।
  2. এজন ঈশ্বৰৰ সন্ধানত ২০১৮, পৃষ্ঠা. ৭.
  3. এজন ঈশ্বৰৰ সন্ধানত ২০১৮, পৃষ্ঠা. ১০.
  4. এজন ঈশ্বৰৰ সন্ধানত ২০১৮, পৃষ্ঠা. ১১.
  5. এজন ঈশ্বৰৰ সন্ধানত ২০১৮, পৃষ্ঠা. ১৮.
  6. হৃদয় এক বিজ্ঞাপন ২০২২, পৃষ্ঠা. ২২.
  7. হৃদয় এক বিজ্ঞাপন ২০২২, পৃষ্ঠা. ২৫.
  8. হৃদয় এক বিজ্ঞাপন ২০২২, পৃষ্ঠা. ২৯.
  9. হৃদয় এক বিজ্ঞাপন ২০২২, পৃষ্ঠা. ৪৭.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]