উৎপল বৰুৱা
উৎপল বৰুৱা (ইংৰাজী: Utpal Baruah) এজন সাংবাদিক আৰু সাহিত্যিক৷ তেওঁৰ জন্ম তেজপুৰ জিলাৰ মিলনপুৰত। পিতৃ-মাতৃৰ নাম দ্বিজেন বৰুৱা আৰু কাবেৰী বৰুৱা৷ তেওঁ অসমৰ সংবাদ-সাহিত্য ক্ষেত্ৰৰ এটা পৰিচিত নাম। বৰুৱা বৰ্তমান 'দৈনিক জনমভূমি' কাকতৰ কাৰ্যবাহী সম্পাদক। তেওঁ দৰং মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি থকাৰ সময়তে প্ৰয়াত ড° পূৰ্ণ নাৰায়ণ সিংহ সম্পাদিত 'মহাজাতি' আৰু ত্ৰৈলোক্য ভট্টাচাৰ্য সম্পাদিত 'সাদিনীয়া সংবাদ' কাকতত সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯১ চনত তেওঁ 'দৈনিক জনমভূমি' কাকতত ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে যোগদান কৰে। ২০০৩ চনৰ পৰা তেওঁ 'দৈনিক জনমভূমি' কাকতৰ প্ৰথম পৃষ্ঠাত 'অপ্ৰকাশ্য' শিতানত অসমৰ জ্বলন্ত সমস্যাসমূহৰ সন্দৰ্ভত মূল্যৱান নিবন্ধ লিখি আহিছে। ২০০৯ চনত বৰুৱাৰ 'অপ্ৰকাশ্য' শিতানৰ একাংশ নিৰ্বাচিত নিবন্ধৰ একত্ৰ সংকলন 'কালক্ষণ' (অনুপ্ৰৱেশ, ইছলামিক মৌলবাদ, সংখ্যালঘু ৰাজনীতি আৰু অন্যান্য) প্ৰকাশ পায়। বৰুৱাই ২০০৭ চনত যুটীয়াভাৱে অসম সমাজ-সাংস্কৃতিক সন্থা, অসম ক্ৰীড়া সন্থা, অসম শিল্পী সম্মিলনী আৰু লৌহপুৰুষ প্ৰেমদাকান্ত শৰ্মা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত দ্বাদশ অসম ক্ৰীড়া-সাংস্কৃতিক উৎসৱ উদ্যাপন সমিতিৰ পৰা বছৰটোৰ শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটাও লাভ কৰে।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]অসমীয়া জাতিৰ ভৱিষ্যৎ গ্ৰন্থ
- বৰ্তমান সময়ত মোৰ এনে ধাৰণা হৈছে যে 'ধৰ্মনিৰপেক্ষতা' আৰু 'সাম্প্ৰদায়িকতা' শব্দ দুটাৰ প্ৰকৃতাৰ্থত অপব্যাখ্যা কৰা হৈছে। ভাৰতবৰ্ষৰ 'ধৰ্মনিৰপেক্ষতা'ৰ নীতি এতিয়া এক অৰ্থত কিছুমান ৰাজনৈতিক দলৰ বাবে ভোেট গোটোৱাৰ শ্ল'গানত পৰিণত হৈছে। 'ধৰ্মনিৰপেক্ষ' বুলি কোৱা শক্তিসমূহৰ একপক্ষীয় আচৰণ, কথা-বাৰ্তাই ভাৰতবৰ্ষৰ জনসাধাৰণক ক্ষুদ্ধ কৰি তুলিছে।[১]
- মই অনুভৱ কৰিছোঁ, বৰ্তমান সময়ত অসমীয়া জাতি এক জটিল সন্ধিক্ষণত উপনীত হৈছে। অনুপ্ৰৱেশে অসমৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন ঘটাইছে। অসমত অসমীয়াভাষীৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিছে, বৃদ্ধি পাইছে বাংলাভাষীৰ সংখ্যা। জনগাঁথনিৰ পৰিৱৰ্তন আৰু বাংলাভাষীৰ সংখ্যা বৃদ্ধিয়ে অসমৰ ৰাজনৈতিক ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাইছে।[১]
- ব্যক্তিগতভাৱে মোৰ কোনো ধৰ্মীয় বিদ্বেষ নাই। অৰ্থাৎ, কোনো ধৰ্মৰ প্ৰতি মোৰ সামান্যতমো বিদ্বেষ ভাব নাই। অৱশ্যে মোৰ জাতীয় স্বাভিমান আছে। সেইদৰে মই মোৰ নিজা ধৰ্মক লৈও স্বাভিমানী। কিন্তু ধৰ্মীয় স্বাভিমান মানে কেতিয়াও ধৰ্মীয় গোড়ামি নহয়। অন্যহাতে, মই আনৰ ধৰ্মীয় অনুভূতি অথবা স্বাভিমানত আঘাত হানিবও নিবিচাৰোঁ। প্ৰকৃতাৰ্থত প্ৰতিজন মানুহৰে ধৰ্মীয় চিন্তা-চৰ্চাক মই সন্মান কৰোঁ।[১]
- যদি আমি নিজা কৃষ্টি-সংস্কৃতিক লৈ সচেতন নহওঁ তেন্তে জাতিটো বাচি থাকিব কেনেকৈ? যিটো জাতিৰ সদস্যসকলে নিজা কৃষ্টি-সংস্কৃতি, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতিক ধৰি ৰখাত গুৰুত্ব নিদিয়ে, গৌৰৱবোধ নকৰে- সেই একেখিনি মানুহৰে জাতীয় বিষয়ত চৰকাৰক সমালোচনা কৰাৰ নৈতিক অধিকাৰ থাকিবনে?[১]
- 'নিজৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত জাতীয়তাবোধহে ডাঙৰ কথা- ধৰ্মটো ডাঙৰ কথা নহয়'[১]