সমললৈ যাওক

উৎপল দত্ত

ৱিকিউদ্ধৃতিৰ পৰা

উৎপল দত্ত (ইংৰাজী: Utpal Dutta) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ সমালোচক। তেওঁ বিনোদনধৰ্মী মাহেকীয়া আলোচনী 'বিস্ময়' আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম চলচ্চিত্ৰজগত বিষয়ক সাংস্কৃতিক আলোচনী 'ৰূপকাৰ'ৰ সৈতে চলচ্চিত্ৰ সাংবাদিক আৰু সমালোচক হিচাপে জড়িত আছিল। পিছলৈ তেওঁ ‘আকাশবাণী গুৱাহাটী’ত যোগদান কৰে। তেওঁৰ এখন গ্ৰন্থ '২৪ ফ্ৰেমছ' (২০০৮) অসমৰ আকাশবাণী গুৱাহাটীত অনুষ্ঠান হিচাপে প্ৰচাৰিত হৈছিল।[] তেওঁৰ কেইবাখনো গ্ৰন্থ প্ৰকাশিত হৈছে। তেওঁ চলচ্চিত্ৰম গোষ্ঠীৰ অধ্যক্ষ আৰু চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালক।

চলচ্চিত্ৰ

  1. নিৰ্বাক ছবিৰ যুগত ছবি প্ৰদৰ্শন কৰোঁতে প্ৰজেক্টৰৰ পৰা হোৱা শব্দ ঢাকি দিবলৈ প্ৰেক্ষাগৃহবোৰত বাদ্যযন্ত্ৰ পৰিবেশন কৰা স্থায়ী বাদ্যযন্ত্ৰ ৰখাৰ ব্যৱস্থা কৰা হৈছিল। সেই সংগীত ৰচনা ছবিৰ পৰিচালকৰ মতে হোৱা নাছিল, হৈছিল বাদকসকলৰ নিজস্ব ৰুচি-অভিৰুচি আৰু দক্ষতামতেহে। ফলত একোখন ছবিতেই বিভিন্ন প্ৰেক্ষাগৃহত বিভিন্ন সংগীতৰ সংযোজন ঘটিছিল।[] (পৃ.১)
  2. প্ৰখ্যাত গায়ক কিশোৰ কুমাৰে তেওঁৰ এখন ছবি ‘দুৰ বাদিয়ে মে কঁহী’ত নেপথ্যসংগীত একেবাৰেই বৰ্জন কৰিছিল। তাৰ সলনি প্ৰয়োগ কৰিছিল কেৱল পাৰিপাৰ্শ্বিক শব্দ।[] (পৃ.৬)
  3. বিদেশী বিতাৰণ আন্দোলনৰ ফলাফল যিয়েই নহওক কিয়, এই আন্দোলনে যে অসমীয়াৰ মনলৈ এটি সজাগতাৰ ভাব আনি দিছিল তাত কোনো সন্দেহ নাই। স্বভাৱসুলভ সংকোচ আৰু দ্বিধা এৰি অসমীয়াই মুখ খুলি স্পষ্ট কথা কোৱাৰ সাহস পাইছিল এই আন্দোলনৰ পৰাই।[] (পৃ.৪৬)
  4. ৮১-৯৩ চনত অসমৰ সমাজ জীৱন বিপৰ্যস্ত কৰি তোলা এবিধ উপাদান হ’ল ‘উপভোক্তাবাদ’ আৰু দুৰ্নীতি। উপভোক্তাবাদৰ আগ্ৰহী হাতোৰাই মধ্যবিত্তীয় জীৱন কেনেদৰে আঁকোৱালি লৈছে তাৰ সুন্দৰ প্ৰতিফলন ঘটিছে ডঃভবেন্দ্ৰনাথ শইকীয়াৰ ‘সাৰথি’ ছবিত।[] (পৃ.৫৬)
  5. বিগত তেৰ বছৰৰ অসমীয়া ছবিবোৰত কাহিনীৰ বৈচিত্ৰতা লক্ষ্য কৰা যায়, নতুন নতুন পৰিচালক, অভিনেতা-অভিনেত্ৰীৰ আগমনো চকুত পৰা দিশ। কিন্তু কাৰিকৰী দিশৰ লোকৰ সংখ্যা আনুপাতিক হাৰত বৃদ্ধি পোৱা নাই। চিনেমা বস্তুনিৰ্ভৰ কলা। ইয়াৰ ব্যৱসায়িক দিশটোও অতি গুৰুত্বপূৰ্ণ। এই দুয়োদিশৰ যোগ্য ব্যক্তিৰ সমাবেশেহে অসমীয়া ছবিক আগুৱাই নিব পাৰিব।[] (পৃ.৬০)
  1. AIR Guwahati to premier Utpal Datta's 24 Frames radioandmusic.com, 29 November 2008.
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ উৎপল দত্ত (১৯৯৬)। চলচ্চিত্ৰ। লয়াৰ্ছ বুক ষ্টল।