সমললৈ যাওক

উমাকান্ত শৰ্মা

ৱিকিউদ্ধৃতিৰ পৰা

উমাকান্ত শৰ্মা (ইংৰাজী: Umakanta Sarmah) এগৰাকী ঔপন্যাসিক, গল্পকাৰ, কবি, নাট্যকাৰ আৰু অনুবাদক আছিল। তেখেতে ১৯১৪ চনৰ ২৮ নৱেম্বৰত অসমৰ নলবাৰী জিলাৰ ককয়া গাঁৱত জন্মগ্ৰহণ কৰে। ২০০৫ চনৰ ১৪ এপ্ৰিলৰ দিনা তেওঁৰ দেহাৱসান ঘটে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. দুই-এক সাহিত্যকৰ্ম তৎকালিকভাবে জনপ্ৰিয় হয়, নাইবা হ'ব পাৰে। এই সাহিত্য এনেকুৱা পৰিস্থিতিৰ লগত জড়িত যি পৰিস্থিতিৰ উত্তাপে ইতিমধ্যে জনসাধাৰণক স্পৰ্শ কৰিছে। গতিকে কলাসৃষ্ট পৰিস্থিতি, পৰিচিত আৰু প্ৰত্যাশিত। আৰু এই প্ৰত্যাশিত পৰিস্থিতি সৃষ্টি কৰাৰ অৰ্হতাই এই সাহিত্যৰ সাৰ্থকতা।[১]
  2. মাজে সময়ে 'জনপ্ৰিয় সাহিত্য' কথাষাৰ অশ্ৰদ্ধাৰ সুৰত ব্যৱহাৰ কৰা শুনা যায় যেন ই কোনো এক বিশেষ ৰুচি সাপেক্ষ তৰল সাহিত্য।[২]
  3. সাহিত্য জীৱন-জিজ্ঞাসাত ব্ৰতী গভীৰ সাধনা৷[২]
  4. নিৰক্ষৰ আৰু সাধাৰণ মানুহৰ জনপ্ৰিয়তাৰ উৎস হ’ল আৱেগ অনুভূতি, যুক্তি বা সূক্ষ্ম ব্যঞ্জনা নহয়৷[৩]
  5. মই ভাবোঁ যে এজন সাৰ্থক সাহিত্যিক মুখ্যতঃ এজন চিন্তাশীল লোক৷ হ’ব পাৰে যে তেওঁ অলপ বেছি অনুভূতিপ্ৰৱণ আৰু সহৃদয়৷[৪]
  6. মই ভাবোঁ যে দৰ্শন-বিজ্ঞানৰ দৰে, সাহিত্যও সত্য-অন্বেষণৰ এটা পদ্ধতি৷[৫]
  7. সৰুৰে পৰা মই সমাজবাদী আদৰ্শৰ প্ৰতি ধাৱিত আছিলোঁ৷ কাৰণ মই এটা দৰিদ্ৰ পৰিয়ালত উপজিছিলোঁ৷ কাজেই আমাৰ সমাজত যি অন্যায়, অসমতা আছিল তাৰ প্ৰতি মোৰ আকৰ্ষণ আছিল৷ [৬]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক | উৎস সম্পাদনা]