উচ্চাকাংক্ষা

ৱিকিউদ্ধৃতিৰ পৰা
“আনৰ দুখ-যন্ত্ৰণাৰ ওপৰত ভৰ নিদিয়াকৈ আৰোহণ কৰিব বিচৰা সকলো উচ্চাকাংক্ষাই আদৰণীয়৷”যোচেফ কনৰাড

উচ্চাকাংক্ষা (ইংৰাজী: Ambition) হৈছে উন্নত মানৰ জীৱনশৈলী, সন্মান, ৰাজনৈতিক ক্ষমতা, খ্যাতি আদিৰ প্ৰতি প্ৰবল আকাংক্ষা বা সাধাৰণ প্ৰেৰণা। ই কোনো বিশেষ লক্ষ্যৰ সৈতে জড়িত হোৱাটো বাধ্যতামূলক নহয়।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • প্ৰত্যেক মানুহৰ জীৱনৰ লক্ষ্য হোৱা উচিত এটা নহয়—দুটা। প্ৰথমটো লক্ষ্য হ’ল নিজৰ সহজাত প্ৰতিভা আৰু অভিৰুচিৰ লগত সঙ্গতি ৰাখি এখন কৰ্মক্ষেত্ৰ বাছি লৈ তাত কৃতকাৰ্য হ’বলৈ চেষ্টা কৰা। দ্বিতীয়টো লক্ষ্য হ’ল নিজৰ সুকুমাৰ হৃদয়-বৃত্তি আৰু নৈতিক চৰিত্ৰৰ উৎকৰ্ষ সাধন কৰি জীৱনত সুখ, শান্তি আৰু আনন্দ পাবলৈ চেষ্টা কৰা। আমাৰ যেনেকৈ খোজ কাঢ়িবলৈ দুখন ভৰি, কাম কৰিবলৈ দুখন হাত, চাবলৈ দুটা চকু আৰু শুনিবলৈ দুখন কাণ আছে, চিন্তা কৰিবলৈ মগজ আৰু অনুভৱ কৰিবলৈ হৃদয় আছে, ঠিক তেনেকৈ জীৱনটো সৰ্বাঙ্গসুন্দৰ কৰিবলৈকো আমাৰ দুটা লক্ষ্য থকা উচিত।
  • উচ্চাকাংক্ষা মাৰ গ’লে জীৱনটোৱে নীৰস হৈ পৰে৷
  • দেখাত সৰল আৰু বিনম্ৰ লোকসকল সাধাৰণতে অতিশয় উচ্চাকাংক্ষী আৰু ঈৰ্ষাপৰায়ণ৷
    • স্পিনোজা[১]
  • বহুত ক্ষেত্ৰত আমাৰ আকাংক্ষাবোৰ পূৰণ হ’লে আমি অসুখীহে হওঁ৷
  • আনৰ দুখ-যন্ত্ৰণাৰ ওপৰত ভৰ নিদিয়াকৈ আৰোহণ কৰিব বিচৰা সকলো উচ্চাকাংক্ষাই আদৰণীয়৷
  • এজন প্ৰকৃত মানুহক উচ্চাকাংক্ষাৰ যন্ত্ৰণাৰ পৰা ৰক্ষা, উদ্ধাৰ কৰে তেওঁৰ উচ্চাকাংক্ষাই৷ তেওঁৰ আকাংক্ষা ইমান উচ্চ হয় যে যশ-খ্যাতি-ধন-ঐশ্বৰ্য আৰু সামাজিক মান-মৰ্যাদা আদি একোৱেই তেওঁক সন্তুষ্ট কৰিব নোৱাৰে৷
    • লাব্ৰুৱাৰ[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ৰক্তাভ জ্যোতি বৰা (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:৫০।