সমললৈ যাওক

উইলিয়াম শ্বেইকছপীয়েৰ

ৱিকিউদ্ধৃতিৰ পৰা
উইলিয়াম শ্বেইকছপীয়েৰৰ প্ৰতিকৃতি

উইলিয়াম শ্বেইকছপীয়েৰ (২৬ এপ্ৰিল ১৫৬৪ – ২৩ এপ্ৰিল ১৬১৬) আছিল এক ইংৰাজ কবি আৰু নাট্যকাৰ যাক ইংৰাজী ভাষাৰ সৰ্বশ্ৰেষ্ঠ লেখক আৰু বিশ্বৰ এজন শ্ৰেষ্ঠ নাট্যকাৰ হিচাপে আখ্যা দিয়া হয়। তেওঁক প্ৰায়ে ইংলেণ্ডৰ জাতীয় কবি আৰু "এভনৰ চাৰণকবি" বুলি উল্লেখ কৰা হয়। তেওঁৰ সাহিত্য সম্ভাৰে ৩৮ খন নাটক, ১৫৪ টা চনেট, দুটা আখ্যানমূলক কবিতা, জন কম্ব আৰু এলিয়াছ জেমছ নামৰ মানুহ দুজনৰ কবৰৰ সমাধিবাণী (এপিটাফ) আৰু আন বহুতো কবিতাৰ এক বহুল পৰিসৰ সামৰি লয়। তেওঁৰ নাটক সমূহ পৃথিৱীৰ প্ৰায় প্ৰতিটো সভ্য জীৱিত ভাষালৈ অনূদিত হৈছে আৰু আন কোনো নাট্যকাৰতকৈ অধিকবাৰ মঞ্চস্থ হৈছে।

  1. সকলো উজ্জ্বল বস্তুই সোণ নহয়; প্ৰকৃত সত্যই জীৱনৰ উন্নতিৰ মূল।
  2. ভুলকৈ জনাতকৈ একো নজনাই ভাল।
  3. পাহাৰ বগাবলৈ হ'লে প্ৰথমে লাহে লাহে গতি কৰিব লাগিব।
  4. সাফল্যক যদিহে আমি এটি উজ্জ্বল বহুৰঙী ফুল বুলি ধৰি লওঁ, তেন্তে তাৰ উৎস পৰিবহণহে যাৰ অবিহনে সেই ফুল কেতিয়াও ফুলি নুঠে।
  5. সাধুতাৰ সমান ঐশ্বৰ্যশালী সম্পত্তি একো নাই।
  6. অতি দুখীয়া মানুহৰ বাবে আশাই ঔষধ।
  7. ডাঙৰ আৰু যথেষ্টসৎখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ’ব নোৱাৰে।
  8. পৃথিৱীত মই নিজৰ বাহিৰে আন কাকো সমালোচনা বা ভৰ্ৎসনা কৰিব নোখোজোঁ; কাৰণ মই নিজৰ দোষবোৰ যিমান ভালকৈ জানো, আন কাৰো দোষ সিমান ভালকৈ নাজানো।[]
  9. ঈশ্বৰকো যিজনে ছলনা কৰে তেৱেঁই ৰাজনীতিজ্ঞ৷
  10. তুমি বৰফৰ নিচিনা শুভ্ৰ নিস্কলংক হলেও কেতিয়াও নিন্দাৰ পৰা হাত সাৰিব নোৱাৰা।[]
  11. অনিষ্টই আঘাটৰহে সম্ভেদ দিয়ে,ইয়াৰপৰা কোনো লাভ বা মুনাফা নহয়।[]
  12. লোকৰ দোষ ধৰাটো বুদ্ধিমানৰ কাম। কিন্তু নিজকে পবিত্ৰ কৰাটো তাতোকৈ বুদ্ধিমানৰ কাম।[]
  13. জীৱনত কৰি যোৱা কামবোৰ সুচাৰুৰূপে কৰাটোৱেই কামবোৰৰ পুৰষ্কাৰ।[]
  14. নিজৰ ভুল সংশোধন কৰা, বুলটো স্থায়ী কৰিবলৈ অভিনয় নকৰিবা।[]
  15. ভগবানে আমাৰ শৰীৰটো স্থায়ী সম্পত্তি হিচাপে দিয়া নাই, কমত খটাবলৈহে দিছে।[]
  16. সংক্ষেপত কোৱাটেৱেই বুদ্ধিৰ চিনাকী।[]
  17. বহুত আৰু বিৰাট ভুলৰ মাজেদি নহাকৈ কোনো মানুহ এই পৃথিৱীত ভাল আৰু মহান হব নোৱাৰে।[]
  18. আমি কি কৰিব খোজো সেইটো ঠিৰাং কৰাৰ ক্ষমতা আমাৰ মাজতেই আছে। আমাৰ শৰীৰ হল এখন বাগিছা,তাৰ মালী হ'ল আমাৰ ইচ্ছাশক্তি।[]
  19. “মহানতাক লৈ ভয় নকৰিবা। কিছুমান মানুহ জন্মগতভাৱে মহান হয়, কিছুমানে নিজৰ প্ৰচেষ্টা আৰু সাধনাৰে মহানতা অৰ্জন কৰে, আৰু আন কিছুমানৰ ওপৰত পৰিস্থিতিয়ে মহানতা আৰোপ কৰে।”[]
  20. “যিসকল ভয় কৰে, তেওঁলোকে বহুবাৰ মৰে; সাহসীয়ে কেৱল এবাৰেই মৃত্যুৰ স্বাদ লয়।”[]
  21. “নামত কি আছে? গুলাপ ফুলক যিকোনো নামেৰে মাতিলেও একে সুগন্ধ পায়।”[]
  22. “গোটেই পৃথিৱীখন এখন মঞ্চ, আৰু সকলো মানুহ ইয়াৰ ভৱৰীয়া।”[]
  23. “সকলোকে ভাল পাওক, মাত্ৰ কেইজনমানক বিশ্বাস কৰক, আৰু কাৰো প্ৰতি অন্যায় নকৰিব।”[]
  24. “সময়ে সকলো কথা উন্মোচন কৰে।”[]
  25. “জীয়াই থাকিম নে নাথাকোঁ—সেইটোৱেই হৈছে মূল প্ৰশ্ন।”[]
  1. শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ ২.৬ ২.৭ ২.৮ মহৎ লোকৰ বাণী, কুবেৰ পাব্লিকেচন
  3. Twelfth Night (Act 2, Scene 5)
  4. Julius Caesar (প্ৰায় ১৫৯৯)
  5. Romeo and Juliet (প্ৰায় ১৫৯৭)
  6. As You Like It (Act 2, Scene 7).
  7. Romeo and Juliet (প্ৰায় ১৫৯৭)
  8. King Lear (প্ৰায় ১৬০৬)
  9. Hamlet (Act 3, Scene 1)