ইলু দেৱী বৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা

ইলু দেৱী বৰুৱা (ইংৰাজী: Elu Devi Baruah) এগৰাকী অসমীয়া সাহিত্যিক আৰু চিত্ৰশিল্পী | অসমৰ সকলো আগশাৰীৰ কাকত আলোচনীৰ তেখেত এজন নিয়মীয়া প্ৰবন্ধকাৰ | তেখেত বৃহত্তৰ অসমৰ (মেঘালয় সহ ) প্ৰথম গৰাকী মহিলা সহকাৰী কাৰাগাৰ অধীক্ষক আছিল। সেই সময়ৰ অভিজ্ঞতাৰ আলম লৈ লিখা ' কাৰাগাৰৰ ডায়েৰী' তেখেতৰ সৰ্বোত্তম জনপ্ৰিয় গ্ৰন্থ।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মানুহ মাত্ৰেই কুকৰ্মৰ পৰা আঁতৰি থাকিবলৈ বিচাৰে। লগতে স্বতঃস্ফূৰ্ত পাপ বুলি ভাবি লয়,যদিও এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হয় যে তেওঁ সমাজৰ প্ৰতিকূলৰ বিপৰীতে অপৰাধজনিত কৰাল গ্ৰাসত সোমাই পৰে আৰু পংকিলতাৰ পৰা ওলাই আহিব নোৱাৰা হয়।ই এখন মুক্ত সমাজৰ বিভীষিকাৰ স্ফুৰণ।[১]
  2. আধুনিক ৰূপকাৰসকলে গঢ় দিয়া নৈষ্ঠিক সমাজত ওভত-গোৰে নচা এচামে সৃষ্টি কৰা নৰকৰ আন্ধাৰৰ মাজতো কিছুমানে পোহৰৰ ৰেঙনি দেখা পায়।[২]
  3. বেয়া হম বুলিটো কোনেও বেয়া হ'ব নোৱাৰে। অৱস্থাত পৰিলে মানুহ বেয়া হয়।[৩]
  4. কাৰাগাৰালৈ সোমাওতেও দুখ আৰু ওলাবৰ সময়তো দুখকেই দেখা যায়। কাৰণ একেখন সমাজলৈ উভতি যাব যদিও নতুনকৈ খাপ খুৱাবলৈ যিখিনি মানসিক প্ৰস্তুতিৰ আৱশ্যক সেই দন্দ্বতেই হয়তো অস্থিৰ হৈ পৰে।[৪]
  5. স্মাগ্ লাৰ - এই শব্দটোহে মানুহৰ মনত থাকে। স্মাগ্ লাৰনো কেনেকুৱা,সেইটো মানুহৰ অগোচৰ বা আঁৰত থাকে।[৫]

মন্তব্য[সম্পাদনা কৰক | উৎস সম্পাদনা]

তথ্য সূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. বৰুৱা, ইলুদেৱী (২০০১)। কাৰাগাৰৰ ডায়েৰি। পুথি প্ৰকাশ (প্ৰেছ), পৃষ্ঠা:৪৬।
  2. বৰুৱা, ইলুদেৱী (২০০১)। কাৰাগাৰৰ ডায়েৰি। পুথি প্ৰকাশ (প্ৰেছ), পৃষ্ঠা:৭৭।
  3. বৰুৱা, ইলুদেৱী (২০০১)। কাৰাগাৰৰ ডায়েৰি। পুথি প্ৰকাশ (প্ৰেছ), পৃষ্ঠা:২১৩।
  4. বৰুৱা, ইলুদেৱী (২০০১)। কাৰাগাৰৰ ডায়েৰি। পুথি প্ৰকাশ (প্ৰেছ), পৃষ্ঠা:২৮৬।
  5. বৰুৱা, ইলুদেৱী (২০০১)। কাৰাগাৰৰ ডায়েৰি। পুথি প্ৰকাশ (প্ৰেছ), পৃষ্ঠা:৩২৫।