সমললৈ যাওক

ইমৰান শ্বাহ

ৱিকিউদ্ধৃতিৰ পৰা

ইমৰান শ্বাহ হৈছে অসমৰ এগৰাকী পণ্ডিত ব্যক্তি যি একধাৰে কবি, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু অনুবাদক। [] [] "ঈশান দত্ত", "অনামিকা বৰুৱা", "কুম্ভকৰ্ণ", "অনিমেষ বৰুৱা" আদি ছদ্মনামেৰে তেখেতে লিখামেলা কৰিছিল। তেওঁ ২০২১ বৰ্ষৰ পদ্মশ্ৰী বঁটা লাভ কৰিছিল।[]

  1. মই নিজকে অসাধাৰণ বা আনৰ পৰা কিবা বেলেগ বুলি নাভাবোঁ কিন্তু এটা কথা ঠিক মই সৰুৰে পৰা ঘৰত শাসনৰ মাজত ডাঙৰ হৈছিলোঁ, ঘৰৰ সৰু আছিলোঁ, গতিকে নিমাখিত আছিলোঁ।[]
  2. বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে যেতিয়া মই বিভিন্ন সময়ত আলোচনী আদিত গল্প আৰু কবিতা একেলগে লিখিব লগা হ’ল তেতিয়া মই কবিতাখিনি ঈশান দত্ত নামেৰে লিখিব ল’লোঁ। নামটো ভাল লগাত পাছলৈও এই নামেৰে লিখি থাকিলোঁ।[]
  3. খং ৰাগ, অভিমান এইবোৰো আধুনিক হ’ব পাৰে নেকি? মানে আগতে খং উঠিলে দাৰে কাটি দিব পাৰে আজিকালি নোৱাৰে! নহয়নে বাৰু? খং খঙেই, প্ৰেম প্ৰেমেই। প্ৰেম সলনি হোৱা নাই। সলনি হৈছে পৰিবেশ।[]
  4. মই যেতিয়া উল্লেখনীয় কিবা পুৰস্কাৰ বা স্বীকৃতি পাইছোঁ তেতিয়া মোৰ লেখক জীৱনৰ প্ৰায় শেষ অৱস্থা। গতিকে বঁটা বাহনে মোক বৰ বিশেষ প্ৰভাৱিত বা উৎসাহিত কৰিব পৰা নাই।[]
  5. মই সাহিত্য সভাৰ সভাপতি হোৱাৰ যিটো কাৰণ সেইটো অন্য মানুহ সভাপতি হোৱাৰ লগত একে নহয়। সভাৰ খুব জটিল সময় এছোৱাত মই ইয়াৰ দায়িত্ব ল’ব লগা হৈছিল। সমগ্ৰ অসমৰ মোৰ গুণমুগ্ধসকলে মোক খুব জোৰ দিয়াৰ স্বত্বেও মই প্ৰথমতে সন্মতি দিয়া নাছিলোঁ৷ মোৰ মনত এটা শংকা আছিল কাৰণ প্ৰশাসনিক দিশত মোৰ কোনো অভিজ্ঞতা নাছিল। তথাপি মই প্ৰায় উপায় নোহোৱাত ইয়াৰ দায়িত্ব লৈছিলোঁ আৰু ক’বলৈ গ’লে দুটা বছৰে মই সাহিত্য সভা নামৰ বাহনখনৰ ষ্টিয়াৰিংডাল পোনকৈ ধৰিহে আছিলোঁ যাতে খালত নপৰে। তাৰ বাদে সভাপতি হিচাপে বিশেষ কিবা কৰিব পাৰিছিলোঁ বুলি মোৰ মনে নকয়।[]
  6. সামাজিক মাধ্যম বৰ শক্তিশালী মাধ্যম।[]
  7. চমক সৃষ্টিৰ বাবে সাহিত্য চৰ্চা হ’ব নালাগে। ভাল সকলোতে ভাল।[]
  8. দিনৰ বাৰ বজাত মাছে মঙহে একাঁহী হেঁপাহ পলুৱাই খাই যিমান সুখ পাব আকৌ এক বজাত সেই কাঁহী দিলে সুখ পাব জানো? গতিকে ভোকটো তৈয়াৰ হ’ব লাগে, সকলোতে সুখ পাব।[]
  9. প্ৰতিভাই শেষ কথা নহয়। ইয়াৰ লগতে পৰিশ্ৰমৰো প্ৰয়োজন হয়। কষ্ট সহিষ্ণুতা লাগিব, কেৱল স্বীকৃতিৰ পিছত দৌৰিলে নহ’ব।[]
  10. মোৰ এই লিখা-লিখিৰ পৰিক্ৰমাৰ কথা লিখিবলৈ আটাইতকৈ অনুপযুক্ত মানুহজন আচলতে ময়েই। ৰঙা ৰঙো ভাল লাগে, বগাও। তেনেকৈ পৰিক্ৰমা হয় নেকি অনুক্ৰম নাথাকিলে। এতিয়া মোৰ বয়স সাত-সত্তৰ বছৰ। কেতিয়াৰপৰা আৰম্ভ হ'ল নাজানো। বোধকৰো একেবাৰে সৰু থকাৰপৰাই। মোৰ শৈশৱ কি শৈশৱ। কাৰো নহওক, কাৰো নহওক, বুলি প্ৰাৰ্থনা কৰিবলগীয়া। তাৰ কথা নকওঁ আজি।ৰুগ্ন শৰীৰে মনো কিজানি ৰুগ্ন কৰে।ৰুগ্ন অথবা অলপ বেলেগ ধৰণে 'কিবা'। এই কিবা ধৰণৰ মনটোক প্ৰশমিত কৰি ৰখাৰ একমাত্ৰ উপায় আছিল পঢ়া আৰু তাৰ পাছত লিখা। মোৰ লিখা যে 'কিবা' হ'ব, সেয়াটো ওলাই থকা কথা।[]
  11. অনাই-বনাই ফুৰা মোৰ মন। ক'লৈ যায় কি কৰে নাজানো। এই মনৰ কাৰণেই মানুহৰ কত কথা মই সৰুতেই জানিছিলোঁ। মানুহৰ মনৰ। মোৰ এটা আচহুৱা অভ্যাস আছে। যিকোনো মানুহৰ, যিকোনো পৰিস্থিতি, যিকোনো ঘটনাৰ ক্ষেত্ৰত, নিজকে সেই মানুহৰ ঠাইত থৈ লৈ অনুভৱ কৰিবলৈ যত্ন কৰোঁ। ছেকেণ্ড-হেণ্ড। কিন্তু মই কান্দি পাইছোঁ। হাঁহি পাইছোঁ। জ্বলি উঠি পাইছোঁ। কত কি। কি বিচিত্ৰ এই পৃথিৱী। জীৱন। পাৰ পাব নোৱাৰি। এটা সময়ত, কম বয়সতে মই জানি গৈছিলোঁ, জীৱনক, পৃথিৱীক, চাই যোৱাতে আনন্দ। জানি যাব খোজা পশুশ্ৰম। যাক জানিছোঁ যেন লাগে, তেৱেঁই যে আচলতে নিজক নাজানে।[]
  12. মোৰ জীৱনটোৱেই তেনেকুৱা।মানে মোৰ মনৰ জীৱনটো। একো লাভ নাই ব্যৱচ্ছেদৰ চেষ্টা কৰি। মই চূড়াত চকু ৰাখি পৰ্বত বগোৱাই নাই। মই অনাই-বনাই বগাই ফুৰিয়ে ভাল পাওঁ। সৰুতেও আৰু এতিয়াও। সঞ্জীৱনী আৰু কপালফুটাৰ গছ পাহাৰ-অৰণ্যত ওচৰা-উচৰিকৈয়ে থাকে। চূড়াত কি থাকে। ইয়াত কিমান কি! টেঙেচি টেঙা। দুলবন তিতা। গৰুখিচৰ সোৱাদটোৰ নামেই মই নাজানো। জেতুলিপকা। সেয়েই জীৱন। মনালিছাৰ ছবিখন দেখিলে মোৰ নীলা টুইলিপ কিতাপখনলৈ মনত পৰি যায়। কাৰ আছিল জানো সেইখন![]
  13. মোক কোনোবাই কবিতা-পগলা বুলি ক'লে মই ভালেই পাম। পগলাই। কিন্তু কি ভাল পাওঁ, মই একো ক'ব নোৱাৰোঁ। লিৰিচিজম্, হ'ব পাৰে। মাজে-মাজে চিকমিক কিবাকিবিৰ টুকুৰা। কাণত বাজি থাকিব। বুকুত বহি ল'ব। 'জল পৰে, পাতা নৰে।' অৰ্থ কেলৈ! অৰ্থ বৰ দেৰিকৈ হ'লেও হ'ল। তেতিয়াও, পালে পালোঁ, নাপালে নাই। দুৱাৰত মূৰ খুন্দিওৱাত নাই। আমাৰ দিনত দুৱাৰ বন্ধ ঘৰ মানুহে বেয়া পাইছিল। পাক ঘৰলৈকে গুপগুপাই সোমাই যাব পাৰিব লাগে। আজিকালি দুৱাৰ বন্ধৰ দিন। কোন সোমাব চোৰৰ বাহিৰে! ক্ৰিং-ক্ৰিং কলিং। এটা-এটা শব্দ কেতিয়াবা ইমান যে ধুনীয়া হৈ যায়। সুৰৰ মাজত। ছন্দৰ মাজত। অৰ্থৰো ভিতৰলৈকে দেখা মিঠা ৰঙৰ কাপোৰ।[]
  14. মানুহৰ কান্ধত এখন ভাৰ থাকে, দুফালে দুটা বিয়াগোম পাচিৰ। পাচিবোৰত অভিজ্ঞতাবোৰ গোট খায়। দিনৌ নতুন-নতুন। সৰু-ডাঙৰ। কিছুমান মানুহে সেইবোৰ বুদ্ধিদীপ্ততাৰে ব্যৱহাৰ কৰি কাম কৰি গৈ থাকে। আশী-নব্বৈতো সক্ৰিয় হৈ থাকিব পাৰে। কিছুমানে সেইবোৰ ব্যৱহাৰ কৰিব নাজানে। নোৱাৰে। পৃথিৱীখন দ্ৰুত সলনি হৈ গৈ থকা বাবে পুৰণা অভিজ্ঞতা কামত নাহে বুলি ধাৰণা কৰি লয়। শোৱা। বহা। মেল মৰা। বঙহ খাই ফুৰা, অথবা মৌনতা। অথবা বেমাৰৰ কথা। বেমাৰতকৈ ডাঙৰ বস্তু জীৱনত যেন আৰু একো নাই।

[]

  1. ময়ো ভাবিছোঁ,এতিয়া কি কৰা যায়। সিদ্ধান্ত হৈ গৈছে। অৱশ্যে ছাজেক্ট টু মডিফিকেশ্যন্। পিছে নকওঁ। কোৱাতকৈ কৰি দেখুওৱা ভাল। কোৱা কথাত বিশ্বাস নাই। কৰা কামত অবিশ্বাস নাই।[]
  1. Imran Shah. প্ৰকাশক: Assam info.com. আহৰণ কৰা হৈছে: 2012-11-25.
  2. সাহিত্যিক. শিক্ষক.... সভাপতি ইমৰান শ্বাহ, লেখক: ড॰ সব্যসাচী মহন্ত, গণ অধিকাৰ, পৃষ্ঠা নং ৭, তাৰিখ: ২৫ নৱেম্বৰ, ২০১২ (দেওবাৰ)
  3. ৩.০০ ৩.০১ ৩.০২ ৩.০৩ ৩.০৪ ৩.০৫ ৩.০৬ ৩.০৭ ৩.০৮ ৩.০৯ ইমৰাণ শ্বাহৰ সৈতে অন্তৰংগ আলাপ. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (১ আগষ্ট ২০২১). আহৰণ কৰা হৈছে: 21 মে' 2024.
  4. ইমৰান শ্বাহ ৰচনাৱলী ১,সম্পাদনা-ড° কৃষ্ণ কুমাৰ মিশ্ৰ,প্ৰথম প্ৰকাশ-২০১১,ISBN: 978-81-89148-03-4
  5. ইমৰান শ্বাহ ৰচনাৱলী ১,সম্পাদনা-ড° কৃষ্ণ কুমাৰ মিশ্ৰ,প্ৰথম প্ৰকাশ-২০১১,ISBN: 978-81-89148-03-4
  6. ইমৰান শ্বাহ ৰচনাৱলী ১,সম্পাদনা-ড° কৃষ্ণ কুমাৰ মিশ্ৰ,প্ৰথম প্ৰকাশ-২০১১,ISBN: 978-81-89148-03-4
  7. ইমৰান শ্বাহ ৰচনাৱলী ১,সম্পাদনা-ড° কৃষ্ণ কুমাৰ মিশ্ৰ,প্ৰথম প্ৰকাশ-২০১১,ISBN: 978-81-89148-03-4
  8. ইমৰান শ্বাহ ৰচনাৱলী ১,সম্পাদনা-ড° কৃষ্ণ কুমাৰ মিশ্ৰ,প্ৰথম প্ৰকাশ-২০১১,ISBN: 978-81-89148034
  9. ইমৰান শ্বাহ ৰচনাৱলী ১,সম্পাদনা-ড° কৃষ্ণ কুমাৰ মিশ্ৰ,প্ৰথম প্ৰকাশ-২০১১,ISBN: 978-81-89148-03-4