ইন্দু মলহোত্ৰা

ৱিকিউদ্ধৃতিৰ পৰা
ইন্দু মলহোত্ৰাৰ আলোকচিত্ৰ

ইন্দু মলহোত্ৰা (ইংৰাজী: Indu Malhotra; জন্ম: ১৪ মাৰ্চ, ১৯৫৬) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ। তেওঁ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ আগতে উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা হিচাপে কৰ্মৰত আছিল। ২০০৭ চনত উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তাৰ স্বীকৃতি লাভ কৰা দ্বিতীয় মহিলা ইন্দু মলহোত্ৰায়ে সুদীৰ্ঘ ৩০ বছৰ কাল উচ্চতম ন্যায়ালয়ত অধিবক্তা আছিল। তেওঁ মধ্যস্থতাৰ যোগেদি নিষ্পত্তি আইনৰ বিশেষ পাৰদৰ্শী। তেওঁ ঘৰুৱা আৰু আন্তৰ্জাতিক বাণিজ্যৰ বহু বিবাদত মধ্যস্থতা কৰিছে। ২০১৬ চনৰ ডিচেম্বৰ মাহত তেওঁ ভাৰত চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰণালয়ে ভাৰতত মধ্যস্থতাৰ কাৰ্যপ্ৰণালীৰ পুনৰীক্ষণ কৰিবলৈ গঠন কৰা উচ্চ স্তৰৰ কমিটিৰ সদস্য নিযুক্ত কৰা হৈছিল। পিছলৈ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰয়ে অধ্যক্ষতা কৰা কলেজিয়ায়ে তেওঁক সৰ্বসন্মতি ক্ৰমে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তিৰ বাবে চৰকাৰলৈ পৰামৰ্শ আগবঢ়াইছিল। ২০১৮ চনৰ ২৬ এপ্ৰিল তাৰিখে তেওঁক ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত কৰে। অধিবক্তা হিচাপে বাৰৰ পৰা পোনে পোনে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা তেওঁ প্ৰথম ভাৰতীয় মহিলা।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ইতিহাসে এই সম্প্ৰদায়ৰ (এলজিবিটি সম্প্ৰদায়ৰ) লোকসকল আৰু তেওঁলোকৰ পৰিয়ালৰ ওচৰত ক্ষমা খোজা উচিত। সমকামিতা মানৱ যৌন অভিমুখীতাৰ অন্যতম অংশ। ভাৰতৰ সকলো নাগৰিকৰ আত্মসন্মানেৰে জীয়াই থকাৰ অধিকাৰ আছে। পৰস্পৰৰ সহমতিৰ দ্বাৰা দুজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ ঘটা যৌন কাৰ্য অপৰাধ নহয়।[১]
  2. তেওঁলোকে (এলজিবিটি সম্প্ৰদায়ৰ লোকসকলে) শতিকাজুৰি সন্মুখীন হোৱা গ্লানি আৰু বৰ্জনৰ বাবে প্ৰতিকাৰ প্ৰদান কৰাত পলম হোৱাৰ বাবে ইতিহাসে এই সম্প্ৰদায়ৰ সদস্য সকল আৰু তেওঁলোকৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচৰা উচিত। এই সম্প্ৰদায়ৰ সদস্যসকলে প্ৰতিশোধ আৰু অত্যাচাৰৰ ভয়ত পৰিপূৰ্ণ জীৱন যাপন কৰিবলৈ বাধ্য হৈছিল। সমকামিতা এক সম্পূৰ্ণ স্বাভাৱিক অৱস্থা, মানৱ যৌনতাৰ এক পৰিসৰৰ অংশ বুলি স্বীকাৰ কৰাৰ বাবে ই সংখ্যাগৰিষ্ঠৰ অজ্ঞতাৰ বাবে আছিল।[২]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ভাৰতৰ আদালতে যুগান্তকাৰী ৰায়দানত সমকামী যৌনতাক বৈধতা প্ৰদান কৰিছে, বিবিচি নিউজ, ৮ ছেপ্টেম্বৰ ২০১৮
  2. নৱতেজ সিং জোহৰ আৰু অন্যান্য বনাম ভাৰত চৰকাৰ, আইন আৰু ন্যায় মন্ত্ৰালয়ৰ সচিব, ডব্লিউ.পি. (চি.আৰ.এল.) ২০১৬ চনৰ 76 নং (ভাৰতৰ উচ্চতম ন্যায়ালয়)

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w: