সমললৈ যাওক

আৰুণি কাশ্যপ

ৱিকিউদ্ধৃতিৰ পৰা

আৰুণি কাশ্যপ হৈছে এগৰাকী ভাৰতীয় লেখক আৰু অনুবাদক। [১] তেওঁৰ জন্ম হৈছিল অসমৰ গুৱাহাটীত। [২] সমালোচকৰ দ্বাৰা বহুলভাৱে প্ৰশংসিত 'The House With a Thousand Stories' শীৰ্ষক উপন্যাসখনৰ লেখক আৰুণি।[৩] এই উপন্যাসখনৰ জৰিয়তে লেখকে উত্তৰ-পূব ভাৰতৰ অসমত অব্যাহত থকা মানৱ অধিকাৰ উলংঘনৰ বিষয়টোৰ প্ৰতি দীৰ্ঘদিনীয়া ৰাষ্ট্ৰীয় মৌনতাৰ ওৰ পেলাবলৈ সক্ষম হয়।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. বহুত ঘাট-প্ৰতিঘাটৰ মাজেৰে এইখিনি পাইছোহি। মই সৰুৰে পৰাই ইংৰাজী অসমীয়া, দুয়োটা ভাষাতে পঢ়োঁ আৰু লেখা মেলাও কৰোঁ।[৩]
  2. দিল্লীত থকা সময়ত বিভিন্ন স্ব ৰচিত কবিতা পাঠৰ অনুষ্ঠানত কবিতা পাঠ কৰিছিলোঁ, আৰু সেই পৰিৱেশটো পোৱাৰ বাবে মই যথেষ্ঠ উৎসাহিত হ’লোঁ আৰু ইংৰাজীত বেছিকৈ লিখিবলৈ আৰম্ভ কৰিলোঁ। বহুতো লেখক গোট কিছুমানৰ লগত যোগাযোগ কৰিলোঁ- অপেন বৈঠক, ৰিয়াজ, কেফে ৰাতি এই গোটবিলাকত গৈ নিজৰ লেখাবোৰ ইজনে সিজনক দেখাত,তাৰ পৰা মই উৎসাহ পাইছিলো ইংৰাজীত লেখিবলৈ। এনে নহয় যে মই কেৱল ইংৰাজীত লিখিছিলোঁ, সাদিন, দৈনিক আমাৰ অসমতো লিখিছিলোঁ। [৩]
  3. আচলতে মই এজন দোভাষী লেখক, ইংৰাজী- অসমীয়া দুয়োটা ভাষাতেই লিখোঁ। এইটো ক’ব লাগিব যে মই ইংৰাজী ভাষাত লিখাৰ বাবে এখন বহল ক্ষেত্ৰ পাইছোঁ আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনীত লেখা প্ৰকাশ কৰিবলৈও সহজ হয়।[৩]
  4. মই ভাবোঁ যে অসমীয়া সাহিত্যৰ জগতখনক পাশ্চাত্যৰ সাহিত্য জগতৰ লগত তুলনা কৰাটো যুগুত নহয়। কাৰণ পাশ্চাত্য বুলি ক’লে আমি ইউৰোপৰ বহুতো দেশৰ কথা কওঁ, লেটিন আমেৰিকান দেশবিলাকৰ কথা কওঁ, গতিকে ইমানবোৰ দেশৰ সাহিত্যৰ সৈতে অসমৰ নিচিনা এখন ক্ষুদ্ৰ ৰাজ্যৰ সাহিত্যই কেনেকৈ ফেৰ মাৰিব।[৩]
  5. মই ভাবোঁ যে অসমীয়া সাহিত্যলৈ যদি বেছিকৈ অনুবাদ হয়, অনুবাদ হ’লে অসমীয়া সাহিত্যত আৰু বেছি পৰীক্ষা নিৰীক্ষা হ’ব। এখন নদীত যেতিয়া বিভিন্ন ধৰণৰ সৰু বৰ উপনৈ আহি পৰেহি তেতিয়া সেই নদীখন শক্তিশালী হৈ যায়। ঠিক তেনেদৰে অসমীয়া সাহিত্য শক্তিশালী হ’ব যেতিয়া জাৰ্মানৰপৰা,ফৰাচীৰপৰা, স্পেনিছৰপৰা, গ্ৰীকৰপৰা, ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰি সাহিত্য জগতখন সমৃদ্ধ কৰিব।[৩]
  6. অসমীয়া সাহিত্য জগতখনৰ উন্নতি তেতিয়া হ’ব যেতিয়া অসমীয়া প্ৰতিষ্ঠিত লেখক সকলে অসমত থকা সাহিত্য সভাৰ নিচিনা অনুষ্ঠানৰ লগ হৈ সকলো লেখকৰ অধিকাৰৰ বাবে মাৰ বান্ধি থিয় দিব আৰু প্ৰকাশক সকলেও এই ক্ষেত্ৰত হাত উজান দিব। যদি প্ৰকাশক আৰু অসমীয়া লেখক সকলে মিলি আৰু বেছি অনুবাদ কৰে,লগতে লেখকক যদি আৰু বেছি পাৰিশ্ৰমিক দিয়ে নিশ্চয় তেওঁলোকে আৰু ভাল ভাল কাম কৰিবলৈ সাহস পাব। মই নিজেই দেখিছোঁ অনুবাদকৰ অনুবাদ কৰি দিয়াৰ পাছত কোনো গুৰুত্বই নাথাকে,উপযুক্ত পাৰিশ্ৰমিকো নাপায়। এইটোও অসমীয়া সাহিত্যত দেখিছোঁ যে প্ৰকাশক কেৱল কিতাপ প্ৰকাশ কৰাতেই আৱদ্ধ, তেওঁলোকে ভালকৈ পাঠকক আকৰ্ষিত কৰিব পৰাকৈ প্ৰম’চন নকৰে। গতিকে এনেধৰণৰ অসূয়া বিলাক গুচিলেহে অসমীয়া সাহিত্য জগতৰ উন্নতি হ’ব। কেৱল আমি বৌদ্ধিক দিশটো চালেই নহ’ব, এনেদৰে আৰ্থিক দিশটোও চাব লাগিব। আচলতে আজিৰ প্ৰেক্ষাপটত অৰ্থনৈতিক কাৰকবোৰো অধিক প্ৰাসংগিক।[৩]
  7. মই সৰুৰে পৰাই বিশ্বাস কৰিছিলোঁ যে সাহিত্য এটা সন্মানীয় কলা, এইটোও বুজি উঠিছিলোঁ যে সাহিত্য হৈছে সমাজ সংস্কাৰৰ এক শক্তিশালী অস্ত্ৰ।[৩]
  8. মই যিমানবোৰ লেখা পঢ়িছোঁ সকলোবোৰৰ পৰাই প্ৰভাৱিত হৈছোঁ। [৩]
  9. মই এই কাৰণেও অনুবাদ কৰিছোঁ কাৰণ আমাৰ অসমৰ কাহিনীবোৰ বেলেগে কৈ আছে, যিবিলাক মানুহৰ অসমৰ বিষয়ে সম্যক জ্ঞানো নাই, তেওঁলোকে ইংৰাজীত যি এক পঢ়িছে তাৰ ওপৰত ভিত্তি কৰিয়েই ইংৰাজীত লেখা মেলা কৰিছে আৰু তাকেই মানুহে পঢ়িছে। ইয়াৰ ফলত বিশ্বৰ প্ৰেক্ষাপটত অসমীয়া মানুহৰ বিষয়ে বহু ভুল ধাৰণা লৈ আছে আৰু অসম বুলি মাথোঁ এমুঠি মান‌ মানুহৰ বিষয়েহে জানে।এই কথাবোৰক counter কৰিবৰ বাবেই সাহিত্যক মাধ্যম হিচাপে ব্যৱহাৰ কৰিব লাগে।আচলতে মই অসমৰ বিষয়ে থকা মানুহৰ ভুল ধাৰণা সমূহ নিৰ্মূল কৰিবলৈ অনুবাদ কৰোঁ লগতে অসমৰ প্ৰান্তীয় কণ্ঠসমূহো আনি কেন্দ্ৰত প্ৰতিষ্ঠা কৰিবৰ বাবে অনুবাদ কৰিছোঁ। এইটোও কম যে মই এজন সৃষ্টিশীল লেখক, মোৰ বাবে অনুবাদ কৰাটো কঠিন কাম তথাপিও মই আগ্ৰহেৰে এই প্ৰচেষ্টা অব্যাহত ৰখাৰ যত্ন কৰিছোঁ।[৩]
  10. সমাজৰ প্ৰান্তত থকা মানুহখিনিক সাহিত্যত,চিনেমাত বা সমাজৰ কেন্দ্ৰত স্থান দিয়াটো আমাৰ দায়িত্ব৷ কাৰণ সাহিত্যই Powerless মানুহৰ কথা কয়৷ যিবিলাক মানুহৰ কণ্ঠ নাই, তেওঁলোকৰ কণ্ঠ আমি সমাজৰ কেন্দ্ৰত স্থান দিয়াটো সাহিত্যৰ কৰ্তব্য৷[৩]
  11. এখন ৰামধেনুৰ যেনেদৰে সাতটা ৰং থাকে, মানুহৰ যৌনতাও বিভিন্ন ৰূপৰ থাকে৷ আচলতে কোনো মানুহ সম্পূৰ্ণ Straight, Gay বা Lesbian নহয়৷ গতিকে মানুহৰ যৌন যিটো স্পৃহা ৰামধেনুৰ দৰেই সাতোটা ধৰণৰ ৰং থাকে৷ ৰামধেনুৰ দৰেই আচলতে Spectrumত বহু যৌন ক্ষেত্ৰত মানুহৰ যিটো যৌন স্পৃহা সামাজিক পৰিস্থিতিৰ বাবেহে হয়৷ নাৰীক সমাজে সৃষ্টি কৰে৷ নাৰী জন্মগতভাৱেই নাৰী নহয় বা পুৰুষ জন্ম হিচাপে পুৰুষ নহয়৷ যৌনাংগৰ দ্বাৰা gender determine নহয়৷ সমাজে নিৰ্ধাৰণ কৰা আচাৰ-আচৰণ অনুসৰি আমাৰ সমাজত লিংগ নিৰ্ধাৰণ কৰা হয়৷[৩]
  12. মোৰ লেখাবিলাকত গণতান্ত্ৰিক প্ৰমূল্যসমূহক ফ’কাছ কৰিবৰ চেষ্টা কৰোঁ৷ সমাজৰ সকলো স্তৰতে conservative মানুহ থাকে আৰু উদাৰ মানুহো থাকে৷ কিন্তু মই ভাবোঁ যে সাহিত্যৰ জৰিয়তে এইখিনি কথা সলনি কৰিব পৰা যায়৷ যিমানে মানুহে এনেধৰণৰ কথা পঢ়িব সিমানে মানুহৰ মনবোৰ শুচিবায়ুগ্ৰস্ততাৰপৰা মুকলি হ’ব৷[৩]
  13. পৃথিৱীখন এটা ডাঙৰ বিপদৰ মাজেৰে গতি কৰি গৈ আছে৷ কিন্তু আমি মনত ৰখা উচিত কিতাপৰ জৰিয়তে আমি জীৱন সলাই দিব পাৰো৷ এইটোও সত্য আমি সকলো দুখবোধৰ মাজত ডুবি আছোঁ৷ আমাৰ জীৱন যিটো আছিল সেয়া সলনি হৈ গ’ল৷ কিন্তু তাৰ মাজতো আমি লাইব্ৰেৰীত গৈ কেইবাঘণ্টা কটাও আমাৰ জীৱন অথলে নাযাব৷[৩]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Aruni Kashyap. poemhunter.com. প্ৰকাশক: poemhunter.com. আহৰণ কৰা হৈছে: 28 August 2013.
  2. Aruni Kashyap. poemhunter.com. প্ৰকাশক: poemhunter.com. আহৰণ কৰা হৈছে: 28 August 2013.
  3. ৩.০০ ৩.০১ ৩.০২ ৩.০৩ ৩.০৪ ৩.০৫ ৩.০৬ ৩.০৭ ৩.০৮ ৩.০৯ ৩.১০ ৩.১১ ৩.১২ ৩.১৩ লেখক আৰুণি কাশ্যপৰ সাক্ষাৎকাৰ. সাক্ষাৎকাৰ. প্ৰকাশক: কিশলয়, বাৰ্ষিক আলোচনী, অসমীয়া বিভাগ, তেজপুৰ বিশ্ববিদ্যালয় (১ নৱেম্বৰ ২০২১). আহৰণ কৰা হৈছে: 28 মে' 2024.