আনিছ উজ্ জামান
অৱয়ব
আনিছ উজ্ জামান হৈছে অসমৰ এগৰাকী বিশিষ্ট কবি, গীতিকাৰ। অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰা আনিছ উজ্ জামানে মিৰ্জা আৰ বি হায়াৰচেকেণ্ডাৰীত শিক্ষকতা কৰিছিল। পাছলৈ অসম প্ৰশাসনিক আয়োগৰ সদস্য হয়৷ তেওঁৰ কেইখনমান প্ৰকাশিত কাব্য সংকলন হৈছে অজ্ঞাতে(১৯৮৯) , গধূলি(১৯৯৪) , সেউজীয়া জোন(১৯৯৯) , আনিছ উজ জামানেৰ কবিতা(২০১০) , এই বাটেদিয়েই(২০১৩) , দোকমোকালি(২০১৪) , নিৰ্বাচিত কবিতা(২০১৬), শ্ৰব্য কেছেট হৈছে ঢৌবোৰত বাজে দোতাৰা, নতুন নিয়ৰ।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আচলতে মানুহৰ লগত সম্পৰ্ক নাথাকিলে কোনো মহান হ’ব নোৱাৰে, সি লাগিলে যেনেকুৱাই নহওক। [১]
- মই যেতিয়া সভা সমিতিত অংশগ্ৰহণৰ বাবে গাঁওবোৰলৈ যাওঁ, মোৰ মানৱতাবোধৰ ওপৰত থকা বিশ্বাসৰ কাৰণেই শিক্ষিত হওক অশিক্ষিতে হওক সেই গাঁৱৰ মানুহবোৰৰ লগত বহি কথা পাতি মনৰ সংবাদ ল’ব বিচাৰোঁ। মই ভাবোঁ এগৰাকী কবিৰ সেই বোধটো থাকিব লাগে।[১]
- যিসকলে মানৱতাবোধক গুৰুত্ব দিব পাৰিছে তেওঁলোকেই মহান হৈছে।[১]
- যিদৰে নতুন জন্ম পোৱা সন্তানে মাকৰ গাত নিজৰ গাটো ঘঁহি থাকে ঠিক সেইদৰেই সমসাময়িক মানুহখিনিৰ লগত আমিও মনটো ঘঁহাই থাকিব লাগে।[১]
- বসন্তত ভুগি ইউনিভাৰ্ছিটিৰ হস্পিতালত পৰি থাকোঁতে, তেতিয়াৰ বুৰঞ্জীৰ অধ্যাপক শীলা বৰুৱা আৰু বিৰিঞ্চি ভট্টাচাৰ্য্য চাৰে মোৰ মংগলৰ কাৰণে কীৰ্ত্তনখন লৈ আঠুকাঢ়ি সেৱা কৰিছে, কাষত কমাৰ্চৰ নজিৰুল ইছলামে কোৰাণ পঢ়ি আছিল। দৃশ্যটো দেখি ৰবীন ডেকাই কান্দি দিছিল, এই দৃশ্যটো মোৰ বাবে সদায়েই স্মৰণীয় হৈ থাকিব। দুটা ভিন্ন শক্তিয়ে মোৰ মংগলৰ কাৰণে ক্ৰিয়া কৰিছে, ইয়াতকৈ সৌভাগ্য মোৰ বাবে কি হ’ব পাৰে।[১]
- আচলতে মোৰ গাঁওখনেই মোৰ প্ৰেৰণা। মই ভাবোঁ প্ৰতিজন লেখকৰে নেপথ্যত এখন গাঁও থকা উচিত। সেইটো ময়ো স্বীকাৰ কৰোঁ আৰু অন্যসকলেও স্বীকাৰ কৰে। অৱশ্যে নগৰীয়া সাহিত্যকো মই অৱজ্ঞা নকৰোঁ, নগৰটো গাঁৱৰ পৰাই সৃষ্টি হৈছে। কিন্তু গাঁওখনৰো এটা বেলেগ দিশ থাকে, সেয়া ভাষাৰ ক্ষেত্ৰত বা ভাৱনাবোধৰ ক্ষেত্ৰতে হওক। [১]
- মই নৱপ্ৰজন্মৰ কবিসকলক ক’ব বিচাৰোঁ যে সাহিত্যত কাৰো প্ৰতি বিদ্বেষভাৱ নাৰাখিবা। নতুন প্ৰজন্মক কওঁ যে তোমালোক ওলাই আহা, ভাষাৰ প্ৰতিষ্ঠা কৰা, লোকসাহিত্যৰ অধ্যয়ন কৰা। ভাষাটোক ৰাখিব পাৰিলে আমাৰ এটা সুকীয়া পৰিচয় থাকিব।[১]
- মানুহৰ আচলতে ঠাই নোহোৱা হৈছে। চিন্তাৰ ঠাই নোহোৱা হৈছে, থকাৰ ঠাই নোহোৱা হৈছে। এই ঠাই নথকাৰ বাবে বিভিন্ন ধৰণৰ চিন্তাবিলাক আহে। কিন্তু সন্ত্ৰাসবাদটো মই একেবাৰে স্বীকাৰ নকৰোঁ। কাৰণ হত্যা কৰাটো, কাৰোবাক মৰাটো মানি ল’ব নোৱাৰি। [১]
- গনতান্ত্ৰিক প্ৰক্ৰিয়াই যদি পৰিবৰ্তন আনিব পাৰে তেন্তে সন্ত্ৰাসবাদ কিয় কৰিব লাগে।
- অসমীয়া সদায় অসমীয়াই। মোক কোনোবাই যদি সোধে আপুনি ক’ৰ মানুহ? মই কওঁ মই অসমৰ মানুহ, মই অসমীয়া মানুহ। প্ৰথমে মই অসমীয়া, তাৰপিছত মই ভাৰতীয় তাৰপিছতহে মই মুছলমান বা ইছলাম ধৰ্মৰ। মই প্ৰথম অসমৰ অসমীয়া মানুহ। সেইটোৱেই আমাৰ পৰিচয়। আৰু সেই পৰিচয়টোৱে আমি মৃত্যুলৈকে পোৱাটো আমি বিচাৰোঁ।[১]
- আমি যি ভাষাই নকওঁ কিয়, মাতৃভাষাতেই সপোন দেখোঁ আৰু মনৰ ভাৱ প্ৰকাশ কৰোঁ। কৃষ্ণকান্ত সন্দিকৈ, বাণীকান্ত কাকতিয়ে বিভিন্ন ভাষাৰ বিশাৰদ আছিল, কিন্তু তেওঁলোকৰ যিখিনি অনুভূতি সেইখিনিটো নিজৰ মাতৃভাষাতেই প্ৰকাশ কৰিছিল। দুটা প্ৰজন্মৰ আগৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে মাতৃভাষাতে সাহিত্য চৰ্চা কৰিছিল।[১]
- মানুহ যিমানেই মহান নহওক, মাতৃভাষাৰ মাজেদিয়েই হ’ব। মাতৃভাষাক আমি অৱজ্ঞা কৰিব নোৱাৰোঁ। মাতৃভাষা থাকিবই, তাক কোনেও ধ্বংস কৰিব নোৱাৰে। [১]