আত্ম দীপো ভৱ (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

আত্ম দীপো ভৱ হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। ইয়াত মুঠ ২০ টা প্ৰবন্ধ আছে। ১৯৯৬ চনৰ ডিচেম্বৰ মাহত গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ হয়। প্ৰকাশনগোষ্ঠী হৈছে ষ্টুডেণ্ট ষ্ট'ৰচ। ইয়াৰ দ্বিতীয় আৰু তৃতীয় সংস্কৰণ প্ৰকাশ পায় ক্ৰমে ১৯৯৮ চনৰ আগষ্টত আৰু ২০০৪ চনৰ অক্টোবৰত। ২০১৬ চনলৈকে গ্ৰন্থখনৰ পাঁচটা সংস্কৰণৰ প্ৰকাশ হয়।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মানুহে যেতিয়া কেৱল জ্ঞানলাভৰ আনন্দৰ কাৰণেই জ্ঞান বিচাৰে আৰু তাৰ বিনিময়ত একো পাৰ্থিৱ প্ৰতিদান নিবিচাৰে, তেতিয়া মানুহে জ্ঞানৰ অন্বেষণৰ পথত কেতিয়াও থমকি ৰ’বলগা নহয়।[১]
  2. মানুহে সকলো সময়তে কিবা নহয় কিবা এটা কামত ব্যস্ত হৈ থাকিব লাগে- কাৰণ একমাত্ৰ কামেইহে মানুহৰ জীৱনটোক অৰ্থপূৰ্ণ কৰি ৰাখিব পাৰে।[২]
  3. নৈৰ সোঁতে যেনেকৈ তাৰ বুকুত পৰি থকা শিলবোৰক অকণ অকণকৈ মিহি কৰে বা সেইবোৰক নতুন ৰূপ দিয়ে, সেইদৰে চামে চামে মানুহে অবিৰাম ব্যৱহাৰৰ দ্বাৰা তেওঁলোকৰ ভাষাৰ শব্দবোৰক মিহি কৰে বা সেইবোৰক ন ন ৰূপ দিয়ে।[৩]

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. পৃষ্ঠা?
  2. পৃষ্ঠা?
  3. পৃষ্ঠা?

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]