আত্মানুসন্ধান (গ্ৰন্থ)
অৱয়ব
আত্মানুসন্ধান অসমীয়া ভাষাত লিখা ড° হোমেন বৰগোহাঞিৰ এখন গ্ৰন্থ।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- গৰ্ভৱতী তিৰোতাৰ যেতিয়া প্ৰসৱৰ সময় হয় তেতিয়া তেওঁ যন্ত্ৰণাৰ ভয়ত সন্তানৰ জন্মক বাধা দি ৰাখিব নোৱাৰে। সকলো লিখকৰে শ্ৰম-কষ্ট গৰ্ভিনীৰ জন্ম-যন্ত্ৰণাৰ লগতে তুলনীয়। কিন্তু এই সত্য প্ৰযোজ্য কেৱল সেইসকল লিখকৰ ক্ষেত্ৰতহে— যিসকলৰ প্ৰকৃত সৃষ্টিৰ শক্তি আছে।[১]
- যি মৃত্যুৱে জীৱনৰ সমষ্ট উদ্যম, সাধনা আৰু বাসনাৰ আচম্বিতে অন্ত পেলাই দি জীৱনটোক অৰ্থহীন কৰি তোলে, মানুহে সেই মৃত্যুৰ ৰহস্য কেতিয়াও উদ্ঘাটন কৰিব নোৱাৰিব।[২]
- যি সকল লোকে ভালপোৱাতকৈ শ্ৰদ্ধাক বেছি মূল্য দিয়ে তেওঁলোকেই সমাজৰ প্ৰকৃত মঙ্গল সাধন কৰে।[৩]
- ডাঙৰ লাইব্ৰেৰী হ’ল একোটা বিৰাট মহিমামণ্ডিত প্ৰতীক। একোটা বিশাল মন্দিৰে, একোটা অত্যুন্নত গিৰিশৃঙ্গই বা এখন উৰ্মিমুখৰ সাগৰে আমাৰ মনত যি ধৰণৰ বিপুল আৱেগ সৃষ্টি কৰে, ঠিক একে ধৰণৰ আৱেগ সৃষ্টি কৰে একোটা বিশাল লাইব্ৰেৰীয়ে। যুগ যুগৰ সাধনাৰ দ্বাৰা মানুহে কেনেকৈ ধীৰ মন্থৰ কিন্তু অবিচল পদক্ষেপেৰে পৰোৎকৰ্ষৰ পথত আগবাঢ়িছে সেই কথাই আমাক মনত পেলাই দিয়ে লাইব্ৰেৰীত শাৰীবদ্ধ হৈ থকা নীৰৱ কিন্তু প্ৰাণৱন্ত কিতাপবোৰে। কিতাপ নপঢ়িলেও কিতাপবোৰৰ মাজত গৈ এবাৰ থিয় হ'লে মানৱ জীৱনৰ এক গভীৰ তাৎপৰ্য অনুভৱ কৰিব পাৰি।[৪]
- যিসকল লেখকে গল্পকাৰ বা ঔপন্যাসিক হ’বলৈ বিচাৰে তেওঁলোকে খুব মনোযোগ দি পৃথিৱীৰ শ্ৰেষ্ঠ গল্প আৰু উপন্যাসবোৰ পঢ়িলেহে গল্প-উপন্যাস লেখাৰ উন্নত কৌশল কিছুদূৰ আয়ত্ত কৰিবলৈ আশা কৰিব পাৰে।[৫]
- জীৱন মানে মই বুজোঁ কাম। যাৰ যি কাম। যি মানুহে কাম নকৰে তেনে মানুহৰ কোনো জীৱন থাকিব পাৰে বুলি মই বিশ্বাস নকৰোঁ। সেয়েহে মোৰ চকুত আটাইতকৈ ঘৃণনীয় জীৱন হ’ল নিষ্কৰ্মা সন্ন্যাসীৰ জীৱন। একমাত্ৰ কামেই মানুহৰ জীৱনটো নিত্য-নৱ-ৰূপত গঢ়ি থাকে। একমাত্ৰ কামৰ দ্বাৰাই মানুহে প্ৰাগৈতিহাসিক কালৰ সেই আদিম বৰ্বৰ অৱস্থাৰ পৰা ক্ৰমাৎ উন্নতি কৰি কৰি আজিৰ অৱস্থা পাইছেহি। কামেই হ'ল জীৱনৰ শ্ৰেষ্ঠতম উপাসনা।[৬]
- মানুহে কেৱল মনতে ভাবি-গুণি বা দুশ্চিন্তা কৰি থাকি দুৰ্ভাগ্য বা বিপৰ্যয়ৰ পৰা নিস্তাৰ পাব নোৱাৰে। পৰিশ্ৰমেই হ’ল মানুহৰ একমাত্ৰ পৰিত্ৰাণ। যি মানুহে নিজে বাছি লোৱা কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব পাৰে,সেই মানুহৰ মনলৈ আত্মবিশ্বাস আপোনা-আপুনি আহে। নিষ্কৰ্মাৰ দুশ্চিন্তাই জীৱনৰ প্ৰতি নেতিবাচক মনোভাৱৰ জন্ম দিয়ে। তেনে মানুহ নিৰাশাবাদী আৰু পলায়নবাদী হয়। আনহাতে যি মানুহে পৰিশ্ৰম কৰিবলৈ ভয় নকৰে তেনে মানুহৰ চকুত জীৱনটো বিশেষ অৰ্থপূৰ্ণ হৈ দেখা দিয়ে। তেনে মানুহ আশাবাদী হয়। দুশ্চিন্তা কৰি অলস জীৱন কটোৱা মানুহে মৰণাৰ গৰুৰ নিচিনাকৈ একেঠাইতে ঘূৰি ফুৰে; তেওঁৰ জীৱনৰ একো লক্ষ্য নাথাকে। আনহাতে কাম বা পৰিশ্ৰম কেতিয়াও লক্ষ্যহীন হ'ব নোৱাৰে। সেই কাৰণে পৰিশ্ৰমী মানুহৰ চকুৰ আগত সদায় জীৱনৰ লক্ষ্য থাকে। মই পৰিশ্ৰম কৰি ভাল পাওঁ। সেই কাৰণে মই সদায় আশাবাদী আৰু আত্মবিশ্বাসী।[৭]
- এখন অৰণ্যৰ সৃষ্টি হ’বলৈ মাত্ৰ কেইজোপামান বিশাল বনস্পতিয়েই যথেষ্ট নহয়। সৰু-বৰ অসংখ্য বৃক্ষ, লতা-গুল্ম আৰু তৃণপুঞ্জ লৈ যি বিচিত্ৰ ৰহস্যময় অৰণ্য সৃষ্টি হয়, সিহে আমাৰ অন্তহীন আনন্দ আৰু বিস্ময়ৰ উৎস।[৮]