আজান ফকীৰ

ৱিকিউদ্ধৃতিৰ পৰা

আজান ফকীৰ (ইংৰাজী: Ajan Fakir) এজন ইছলাম ধৰ্ম প্ৰচাৰক, সাধু আৰু কবি আছিল।[১] তেওঁৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মিলন। ইয়াৰ বাহিৰেও তেওঁক আজান পীৰ, ছাহ মীৰান আৰু আজান ফকীৰ নামেৰেও জনা যায়। তেওঁৰ জন্ম ১৬১০ চনৰ ওচৰে-পাঁজৰে ইৰাকৰ ৰাজধানী বাগদাদৰ এখন গাঁৱত হৈছিল। আনুমানিক খ্ৰীষ্টীয় সপ্তম-অষ্টম শতিকাত লগত লগত কেইজনমান জন ছূফী (পীৰ) লৈ আজমীৰৰ পৰা অসমলৈ আহিছিল।[২][৩]। তেওঁলোকে অসমৰ বিভিন্ন ঠাইত থাকিবলৈ লৈছিল। তেওঁলোকৰ বংশ বৃদ্ধিৰ লগতে কিছু থলুৱা লোকেও ইছলাম ধৰ্ম গ্ৰহণ কৰাত[৪] অসমত মুছলমান লোকৰ সংখ্যা বৃদ্ধি পাইছিল। ক্ৰমান্বয়ে তেওঁলোক অসমীয়া সমাজ আৰু সংস্কৃতিৰ অভিন্ন অংগ হৈ পৰিছিল।[৫] জনশ্ৰুতি মতে আজান পীৰেই পোনপ্ৰথমে অসমত 'আজান' দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। আজান ফকীৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল। অসম লৈ আহি তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীন হ'ব লগা হৈছিল। পিচত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি-বাৰি দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকীৰে ছকুৰি ভকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰে। তাতে আজান ফকীৰৰ মৃত্যু হয়।[৬]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মাছক লাগি বগুলাই জুপি আছে মনুৰাই
    ৰখে আছে কেমনে মৰদ হেই।
    পানী শুকাই যাব বগে ধৰি খাব
    কিমান পানীৰ তই মাছ হেই মনুৰাই॥
  2. হিন্দু কি মুছলমান
    একে আল্লাৰ ফৰমান
    মোৰ মনত ভেদভাৱ নাই
    অ’ আল্লাহ, মোৰ মনত
    মোৰ মনত ভেদভাব নাই।

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Sarma, Satyendranath (1989)। A Socio-economic & Cultural History of Medieval Assam, 1200 A.D.-1800 A.D.। Pratima Devi, পৃষ্ঠা:230। আহৰণ কৰা হৈছে: 2008-09-05
  2. গ্ৰন্থ: বিশ্ব-ঐতিহ্য, লেখক: শান্তনু কৌশিক বৰুৱা
  3. B. Datta-Ray, B. (1978)। Social and Economic Profile of North-east India। B. R. Pub. Corp., পৃষ্ঠা:343। আহৰণ কৰা হৈছে: 2008-09-05
  4. Barooah, Jeuti (1993)। Single Women in Assamese Hindu Society। Gyan Pub. House, পৃষ্ঠা:27। ISBN: 978-81-212-0416-3। আহৰণ কৰা হৈছে: 2008-09-05
  5. গ্ৰন্থ: এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া, লিখক:হেমন্ত কুমাৰ ভৰালী, পৃষ্ঠা নং- ৯৬, প্ৰকাশক: অনন্ত হাজৰিকা, সংস্কৰণ: জানুৱাৰী,২০১২
  6. অসমীয়া সাহিত্য চয়নিকা, পৃৃৃষ্ঠা ৬

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: