সমললৈ যাওক

আইজাক এজিম’ভ

ৱিকিউদ্ধৃতিৰ পৰা
আইজাক এছিম’ভৰ আলোকচিত্ৰ

আইজাক এছিম’ভ (২ জানুৱাৰী ১৯২০ – ৬ এপ্ৰিল ১৯৯২) আছিল ৰাছিয়াত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান জৈৱ ৰসায়নবিদ যি কল্পকাহিনী আৰু অকল্পকাহিনী উভয়ৰে এক উৎকৃষ্ট লেখক আছিল। তেওঁৰ আটাইতকৈ বিখ্যাত ৰচনাসমূহৰ ভিতৰত ফাউণ্ডেশ্যন শৃংখলা আৰু আই, ৰবট অন্যতম।

  • এটা প্ৰকল্পক সৰলকৈ এটা অনুমান হিচাপে সংজ্ঞায়িত কৰিব পাৰি। এটা বৈজ্ঞানিক প্ৰকল্প হৈছে এটা বুদ্ধিমান অনুমান।[১]
  • বিজ্ঞানৰ বিষয়ে লিখা যিকোনো ব্যক্তিয়ে বিজ্ঞানৰ বিষয়ে জানিবই লাগিব, যাৰ ফলত প্ৰতিযোগিতা বহু পৰিমাণে কৰ্তন হয়।[২]
  • এজন বিজ্ঞানীয়ে পুঁজি সংগ্ৰহৰ চেষ্টাত ব্যয় কৰা প্ৰতি ঘণ্টাই গুৰুত্বপূৰ্ণ চিন্তা আৰু গৱেষণাৰ পৰা হেৰুৱাই পেলোৱা এঘণ্টা।[৩]
  • বৈজ্ঞানিক কৃতিত্বৰ সঠিক পথটো বৰ্ণনা কৰাটো কঠিন, কিন্তু এজন ভাল বিজ্ঞানীয়ে ভ্ৰমণ কৰোঁতে কেতিয়াও পথভ্ৰষ্ট নহয়।[৪]
  • পদাৰ্থ বিজ্ঞানেই হৈছে মূল বিজ্ঞান। আন সকলো বিজ্ঞান পদাৰ্থ বিজ্ঞানৰ বিশেষীকৃত দিশ বুলি সহজেই যুক্তি দিব পাৰি।[৫]
  • ধৰ্মই নৈতিকতাৰ ভিত্তিত বিজ্ঞানৰ প্ৰতিবাদ কৰিব নোৱাৰে। ধৰ্মীয় অসহিষ্ণুতাৰ ইতিহাসে ইয়াক নিষিদ্ধ কৰিছে।[৬]
  • বিজ্ঞানে আমাক সকলোকে আমোদ দিব পাৰে আৰু মোহিত কৰিব পাৰে, কিন্তু অভিযান্ত্ৰিকীয়েহে পৃথিৱীখন সলনি কৰিছে।[৭]
  • মানৱতাৰ সেৱাত বিজ্ঞান হৈছে প্ৰযুক্তি, কিন্তু প্ৰজ্ঞাৰ অভাৱে সেৱাটো ক্ষতিকাৰক কৰি তুলিব পাৰে।[৮]
  • এই মূহুৰ্তত জীৱনৰ আটাইতকৈ দুখজনক দিশটো হ’ল সমাজে প্ৰজ্ঞা সংগ্ৰহ কৰাৰ তুলনাত বিজ্ঞানে জ্ঞান সংগ্ৰহ বেছি দ্ৰুতগতিত কৰে।[৯]
  1. Isaac Asimov, Jason A. Shulman (ed.); Isaac Asimov’s Book of Science and Nature Quotations (1988), 114.
  2. Isaac Asimov, Jason A. Shulman (ed.); Isaac Asimov’s Book of Science and Nature Quotations (1988), 262.
  3. Isaac Asimov, Jason A. Shulman (ed.); Isaac Asimov’s Book of Science and Nature Quotations (1988), 287.
  4. Isaac Asimov, Jason A. Shulman (ed.); Isaac Asimov’s Book of Science and Nature Quotations (1988), 290.
  5. Isaac Asimov, Jason A. Shulman (ed.); Isaac Asimov’s Book of Science and Nature Quotations (1988), 210.
  6. Isaac Asimov, Jason A. Shulman (ed.); Isaac Asimov’s Book of Science and Nature Quotations (1988), 273.
  7. Isaac Asimov, Jason A. Shulman (ed.); Isaac Asimov’s Book of Science and Nature Quotations (1988), 78.
  8. Isaac Asimov, Jason A. Shulman (ed.); Isaac Asimov’s Book of Science and Nature Quotations (1988), 321.
  9. Isaac Asimov, Jason A. Shulman (ed.); Isaac Asimov’s Book of Science and Nature Quotations (1988), 281.
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: