সমললৈ যাওক

আঁদ্ৰে মালৰো

ৱিকিউদ্ধৃতিৰ পৰা
আঁ‌ন্দ্ৰে মালৰো।

জৰ্জেছ আঁ‌ন্দ্ৰে মালৰো ডিএছঅ' (ইংৰাজী: André Georges Malraux; ৩ নৱেম্বৰ ১৯০১ – ২৩ নৱেম্বৰ ১৯৭৬) এজন ফৰাচী ঔপন্যাসিক, কলা তাত্ত্বিক আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আছিল। মালৰোৰ উপন্যাস লা কণ্ডিচন হুমাইনে (১৯৩৩) প্ৰিক্স গনকোৰ্ট বঁ‌টা জয় কৰিছিল। তেওঁক ৰাষ্ট্ৰপতি চাৰ্লছ ডি গলে তথ্য মন্ত্ৰী (১৯৪৫-৪৬) আৰু পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতি ডি গলৰ সময়ত (১৯৫৯-১৯৬৯) ফ্ৰান্সৰ প্ৰথম সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী হিচাপে নিযুক্ত কৰিছিল।

  1. মানুহ সেই শক্তি লৈ উপজিছে—যি শক্তিৰ দ্বাৰা তেওঁ জীৱনৰ চৰম দুৰ্ভাগ্যকো এটা অৰ্থপূৰ্ণ অভিজ্ঞতালৈ ৰূপান্তৰিত কৰিব পাৰে, আৰু তাকে তেওঁ কৰে সেই দুৰ্ভাগ্যৰ ওপৰলৈ আৰোহণ কৰি।[১]
  2. অতীতত মানুহৰ দৈনন্দিন জীৱনৰ যিবোৰ সৰু-সুৰা ঘটনা উপন্যাস বা কাহিনীবোৰৰ ৰহস্যৰ মূল আকৰ্ষণ আছিল, আজিকালি সেইবোৰ ঘটনাই বিভিন্ন প্ৰচাৰ মাধ্যমৰ দ্বাৰাই বহুলভাৱে প্ৰচাৰিত হৈ তাৰ সকলো আকৰ্ষণ হেৰুৱাই পেলাইছে।
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: