সমললৈ যাওক

অৰ্পণা কোঁৱৰ

ৱিকিউদ্ধৃতিৰ পৰা

অৰ্পণা কোঁৱৰ (ইংৰাজী: Arpana Konwar) অসমৰ এগৰাকী লেখিকা, ভাষা গৱেষক, অধ্যাপক। তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল৷[১] অসমৰ ভাষা বিষয়ক বহুকেইখন প্ৰাসংগিক গ্ৰন্থ ইতিমধ্যেই তেওঁ লিখি উলিয়াইছে৷ সেইদৰে অসমীয়া আৰু ইংৰাজী ভাষাত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইটা ভাষাৰ বিষয়ে তেওঁ গ্ৰন্থ প্ৰকাশ কৰিছে৷

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

প্ৰাচীন অসমীয়া গদ্যশৈলী

  1. অসমীয়া ভাষা অতি সমৃদ্ধিশালী ভাষা। এই ভাষাৰ প্ৰাচীন সাহিত্যৰাজিয়ে প্ৰথম অভিব্যক্তি লাভ কৰিছে ছন্দোবদ্ধ ৰূপত। কিন্তু পদ্য ৰচনাৰ দৰে গদ্য ৰচনায়ো ষোড়শ শতিকাৰ আদিভাগত শংকৰদেৱৰ অংকীয়া নাটৰ গদ্যৰ মাজেদি আত্মপ্ৰকাশ কৰি ভট্টদেৱৰ হাতত সম্পূৰ্ণৰূপে বিকশিত হৈ উঠে।[২] (পৃ.আগকথা)
  2. ষোড়শ শতিকাৰ আদি ভাগৰ পৰা অষ্টাদশ শতিকালৈকে এই সময়ছোৱাক অসমীয়া গদ্য সাহিত্যৰ বিকাশৰ যুগ বুলি ধৰা হয়।[২] (পৃ.আগকথা)
  3. প্ৰকৃততে অসমীয়া লিখিত সাহিত্যৰ যুগ আৰম্ভ হৈছে চতুৰ্দশ শতিকাৰ পৰাহে।[২] (পৃ.আগকথা)
  4. 'গদ্য' বুলিলে সাধাৰণতে কথোপকথনৰ ভাষাৰ সাধাৰণ প্ৰয়োগৰ পৰা কিছু উন্নত পৰ্যায়লৈ উন্নীত হোৱা প্ৰকাশৰ মাধ্যমৰূপে সাহিত্যত ব্যৱহৃত এক ভাষিক ৰূপকে বুজা যায়।[২](পৃ.১)
  5. কথিত বা লিখিত উভয় ভাষাত ব্যৱহৃত প্ৰত্যক্ষ, স্পষ্ট আৰু অৰ্থযুক্ত শব্দৰ সমষ্টিক সাধাৰণতে 'গদ্য' বুলিব পাৰি।[২](পৃ.১)

লগতে চাওক[সম্পাদনা কৰক | উৎস সম্পাদনা]

তথ্যসূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. (২০১২) অৰ্পণা কোঁৱৰ। গুৱাহাটী। বনলতা।
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ অৰ্পণা কোঁৱৰ (২০১৪)। প্ৰাচীন অসমীয়া গদ্য শৈলী। বনলতা, পৃষ্ঠা:আগকথা।