অৰুন্ধতী দত্ত
অৱয়ব
অৰুন্ধতী দত্ত অসমৰ এগৰাকী লেখিকা, শিক্ষয়িত্ৰী। আকাশবাণী আৰু দূৰদৰ্শনত সুদীৰ্ঘ কাল বাতৰি পৰিৱেশন কৰা অৰুন্ধতী দত্তই গণ-মাধ্যমৰ ক্ষেত্ৰখনত পথিকৃত দ্য পায়নীয়াৰৰ জৰিয়তে শিক্ষাদান কৰিছিল। দুৰাৰোগ্য ৰোগ এটাৰ সৈতে আৰম্ভণিৰ পৰা শেষলৈকে যুঁজি জয় হোৱা তেওঁৰ বাস্তৱ অভিজ্ঞতাৰ আধাৰত লিখিত গ্ৰন্থখন হৈছে সুখ-অসুখৰ যুগলবন্দী। ইয়াৰ লগতে তেওঁ অন্ধকাৰত জোনাকী মন, ঈশ্বৰৰ পৃথিৱীত আদম আৰু ঈভ্, বালিৰ কেনভাছত এটোপাল সেউজ আদি উপন্যাসকে ধৰি কেইবাখনো প্ৰবন্ধ সংকলন, শিশু গ্ৰন্থ, ভ্ৰমণ কাহিনী, গল্প সংকলন আদি ৰচনা কৰিছে। উল্লেখযোগ্য যে তেওঁ বিশিষ্ট অসমীয়া শিক্ষাবিদ দেৱেন দত্তৰ সহধৰ্মিনী। [১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]সুখ-অসুখৰ যুগলবন্দী
[সম্পাদনা কৰক | উৎস সম্পাদনা]- গৃহস্থ স্থিতপ্ৰজ্ঞ মানুহ। সুখতো-দুখতো মুখমণ্ডলত ভাৱৰ অত্যধিক প্ৰকাশ নঘটে। কিন্তু অত বছৰৰ দাম্পত্য জীৱনত নিচেই কাষৰজন হৈ থকাৰ বাবে আৱেগৰ সৰু সৰু দুই-এটা ঢৌ মই চিনিব পাৰোঁ। [১]
- বিপদ-বিঘিনিবোৰ যিমানলৈকে পাৰি নিজে চম্ভালি ল'ব পাৰিলে ভাল; কিন্তু আপোনজনৰ পৰা সহায় বিচৰাটোও স্বাভাৱিক কথা। সেইদৰে কাৰোবাক অযথা মনত কষ্ট নিদিয়াকৈ ৰাখিব পৰাটোও ভাল কথা।[১]
- সন্তানৰ ক্ষেত্ৰত পিতৃ-মাতৃ বিচলিত নোহোৱাকৈ থাকিব নোৱাৰে।[১]
- অসুখীয়া মানুহক হতাশাৰ কৱলৰ পৰা বচাই ৰাখিবলৈ লগ-ভাগ আৰু মৰম-চেনেহৰ খুবেই প্ৰয়োজন। কিন্তু কোনো কথাই মাত্ৰাধিক হ'ব নালাগে।[১]
- জীৱনটো আৰু আপোনজনৰ প্ৰতি থকা ভালপোৱাই সকলো সম্ভৱ কৰি তোলে।[১]