সমললৈ যাওক

অৰুণলোচন দাস

ৱিকিউদ্ধৃতিৰ পৰা

অৰুণলোচন দাস(ইংৰাজী: Arunlochan Das) হৈছে অসম, ভাৰতৰ এগৰাকী চিত্ৰ-সাংবাদিক আৰু সমালোচক৷১৯৭৬ চনতে কৰ্মজীৱনৰ পাতনি মেলা অৰুণলোচন দাসে পৰৱৰ্তী সময়ত অসমৰ বহুতসংখ্যক কাকত-আলোচনীত চলচ্চিত্ৰ সম্পৰ্কীয় ভালেমান লেখা-মেলা কৰে৷ 'অৱকাশ', 'কাদম্বৰী', 'চিত্ৰ সংবাদ' আদি একাধিক কাকত-আলোচনীৰ সম্পাদনাৰ লগতো তেখেত জড়িত আছিল৷

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ছবি এখনৰ নিৰ্মাণত কলা-কুশলীসকলৰ যে কিমান অৰিহণা থাকে সেয়া শ্বুটিং স্পটত নাথাকিলে উমান পোৱা নাযায়। ভীষণ কষ্ট কৰে এওঁলোকে ৰ’দত যেতিয়া ৰিফ্লেক্টৰৰ কাম কৰে বা ট্ৰলীৰ বাবে ট্ৰেক পাতি ট্ৰলী চলায় তেতিয়া তেওঁলোকৰ দেহৰ পৰা নিগৰি নিগৰি সৰে ঘামৰ টোপালবোৰ। হয়তো সেই দৃশ্যটো পৰ্দাত স্থায়ী হয় কেইছেকেণ্ডমান বা আধামিনিট। আকৌ পিছৰ এটি দৃশ্যৰ বাবে সেইবোৰ অইন ঠাইলৈ কঢ়িয়াই নিব লাগে। তেওঁলোকে কিন্তু এইবোৰ কাম খুব নিষ্ঠাসহকাৰে কৰে কাৰণ কাৰিকৰী দিশত নিষ্ঠা নহ’লেই বিপদ। ইমান নিষ্ঠাৰে কাম কৰিও তেওঁলোকে পোহৰলৈ আহিবলৈ সুযোগ নাপায়। ছবিৰ মুক্তিৰ পিছত কেৱল পৰিচালক আৰু শিল্পীসকলকহে দৰ্শকে চিনি পায় কলা-কুশলীসকল পৰি থাকে আন্ধাৰত।[১]
  2. 'বোৱাৰী'ৰ চিত্ৰনাট্যখন বেচ নিটোল হৈছিল মুনীন বৰুৱাৰ নিষ্ঠাৰ বাবেই। অত্যন্ত ছিৰিয়াছ এইজনা ব্যক্তিয়ে কৰা 'ঘৰ-সংসাৰ'ৰ চিত্ৰনাট্যখনৰ প্ৰতিও আমাৰ গভীৰ আস্থা আছে বুলি তেওঁক জনালো। কোঠালীটোৰ একোণত নুৰুল হকক। গীতিকাৰ হিচাপে ইতিমধ্যে সকলোৰে মাজত পৰিচিত। সেই তাহানিখনৰ ছবি ৰঙা পুলিচ'কে আদি কৰি কেইবাখনো ছবিৰ সহকাৰী পৰিচালক হিচাপেও কাম কৰিছে। সৌ সিদিনা 'মেঘ'লৈকে বহু ছবিৰ গীত লিখিছে। কামত যে অত্যন্ত ছিৰিয়াছ সেইটো পিছৰ দৃশ্যগ্ৰহণৰ সময়তে লক্ষ্য কৰিছিলো।[২]
  3. আমাৰ ছবিবোৰত কেতিয়াবা য'ত যি বস্তুৰ সঠিক প্ৰয়োজন তাক হয়তো সঠিকভাৱে উপস্থাপন কৰা নহয়।ফলত শিল্পীয়ে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়।ধৰা হ'ল এটি দৃশ্যত ছবিৰ নায়কৰ পায়জামা-পাঞ্জাৱী এযোৰৰ প্ৰয়োজন।কিন্তু শ্বট লোৱাৰ সময়ত দেখা গ'ল পাঞ্জাৱীটো আছে, পায়জামা নাই।অনুৰূপ ঘটনা ঘটিছিল ঘৰ সংসাৰৰ এটি দৃশ্যত। বিজু বিছনাত। কিন্তু পায়জামাৰ অভাৱত পিন্ধি থকা পেণ্টটো ঢাকিবলৈ ঢকধকীয়া বগা পায়জামা-পাঞ্জাৱীয়ে বিজুক আৰু অধিক শুৱাই তুলিলেহেঁতেন। ব্লেংকেটখনে সেই পৰিবেশৰ কোমলতাখিনি নষ্ট কৰি পেলালে। বিজুৱে কৈছিল 'এইবোৰ অসুবিধাও আমি কেতিয়াবা 'ফেচ' কৰিব লাগে।সম্পূৰ্ণ 'পাৰফেকশ্যন' থাকিলে আমাৰ অভিনয় কৰাত যথেষ্ট সুবিধা হয়।[৩]
  4. প্ৰেছৰ মানুহৰ সৈতে নিপ বৰুৱাৰ সম্পৰ্ক পিছে মধুৰ নহয়।তেওঁৰ বিষয়ে বা তেওঁৰ ছবিৰ বিষয়ে নিলিখিলেও চলিব বুলি নিপ বৰুৱাই ভাবে। বৰ নীৰৱে তেওঁ নিজৰ কাম কৰে।শিল্পীসকলৰ লগতো তেওঁৰ হলিগলি কম। এনেবোৰ কাৰণতে তেওঁৰ সৈতে বিশেষ একো পাতিব পৰা নগ'ল। মাথোঁ ইলা কাকতি কিয় নাথাকিল বুলি সোধাত ক'লে যে যিদৰে ইলা শকত হৈছে ছবিত এতিয়া নমাব পৰা নাযায়। ছবিৰ সহকাৰী পৰিচালক নীৰেন বৰুৱাকো ককায়েকৰ পথকে কিছু পৰিমাণে অনুসৰণ কৰা যেন লাগিল। তেৱোঁ নীৰৱে কাম কৰি গৈছে।[৪]
  5. এজন শিল্পীক জন্ম দিলেই নহ'ব, প্ৰতিস্থিত কৰিবও লাগিব। প্ৰতিস্থিত কৰাৰ দায়িত্ব পৰিচালকৰ। সেয়েহে নিপ বৰুৱা প্ৰশংসাৰ পাত্ৰ।[৪]
  6. দেবী হালদাৰ বাংলা ছবিৰ প্ৰথম শ্ৰেণীৰ মেকআপমেন। মৃণাল সেনৰ প্ৰায়বোৰ ছবিতে তেওঁ কাম কৰিছে। সেইদৰে কৰিছে নিপ বৰুৱাৰ প্ৰায়খিনি ছবিতে। ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ সন্ধ্যাৰাগ আৰু 'অনিৰ্বাণ'তো দেবী হালদাৰ মেকআপমেন আছিল।অসমীয়া ছবিত তেওঁ প্ৰথম কাম কৰে 'নিমিলা অঙ্ক'ত (১৯৫৫)। দেবী হালদাৰ অতি অল্পভাষী। থাকেও সাধাৰণভাৱে।[৪]

তথ্যসূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. দাস অৰুণলোচন (নৱেম্বৰ, ২০১১)। শ্বুটিং ৰিপ'ৰ্ট। গুৱাহাটী। জোনালী দাস, পৃষ্ঠা:১৩।
  2. দাস অৰুণলোচন (নৱেম্বৰ, ২০১১)। শ্বুটিং ৰিপ'ৰ্ট। গুৱাহাটী। জোনালী দাস, পৃষ্ঠা:১৫।
  3. দাস অৰুণলোচন (নৱেম্বৰ, ২০১১)। শ্বুটিং ৰিপ'ৰ্ট। গুৱাহাটী। জোনালী দাস, পৃষ্ঠা:২০।
  4. ৪.০ ৪.১ ৪.২ দাস অৰুণলোচন (নৱেম্বৰ, ২০১১)। শ্বুটিং ৰিপ'ৰ্ট। গুৱাহাটী। জোনালী দাস, পৃষ্ঠা:২৫-২৬।