অসম বুৰঞ্জী
অৱয়ব
বুৰঞ্জী শব্দটো মূলতে টাই ভাষাৰ শব্দ। অসমত ছশ বছৰ ৰাজত্ব কৰা আহোমসকলৰ বুৰঞ্জী ৰচনাৰ পৰম্পৰা আছিল। মধ্যযুগত শ শ বুৰঞ্জী লিখা হৈছিল। প্ৰথম অৱস্থাৰ বুৰঞ্জী টাই ভাষাত লিখা হ’লেও পাছলৈ অসমীয়া ভাষাত লিখা হয়। বুৰঞ্জীসমূহত সকলো ৰাজকীয় ঘটনা সন্নিবিষ্ট হোৱাৰ উপৰিও ইবিলাক সাহিত্যিক গুণেৰেও সমৃদ্ধ।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- বঙহে মঙহ খায়, বঙহ নহ’লে পেলনি যায়।
- সৰু হৈ যা, ল’ৰা লোৱাদি ল’ব; বৰ নহ’বি চিলা উৰুৱাদি উৰুৱাব।[১]
- শামুকতো মাণিক, কদলীতো কপূৰ; আত তই সংশয় নকৰিবি। সুৱৰ্ণপুৰী লংকাতো ৰাক্ষসে ভোগ কৰে; ক'ত শুনিছা, খুন্তৰাৰ বচন লৰে।[১]
- লাও তল যাব, শিল উপঙিব, কোৱা বগা হ'ব, বগা ক'লা হ'ব; ব্ৰহ্মপুত্ৰে উভটি গতি কৰিব, তেবে কি মোৰ কবুল ছাৰিবে।[১]
- আমি বঙ্গালৰ জেওৰা হৈ আছোঁ। এতেকে তুমি। বা নাপাইছা। আমি যদি বঙ্গালৰ জেওৰা ভাঙিলো, তোমাৰ গড়গাঁও হাৰীৰ পেৰা, ধোবাৰ পাট হ'ব।[১]
- মূৰৰ চুলি দুই-এডাল পকিলে, তাক কাঢ়িলে শোভা দেখি। সকল যদি পকিল, তাক কাঢ়িলে আপোনাৰ মূৰত দুখ পাবলৈহে আছে।[১]
- কাঠৰ গড় বান্ধিম পচিব, মাটিৰ গড় বান্ধিম খহিব, মই কথাৰ গড় বান্ধি দিছোঁ, প্ৰাণ পৰিভুগী হ’ব।