সমললৈ যাওক

অসমিয়া লৰাৰ মিত্ৰ (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

অসমীয়া লৰাৰ মিত্ৰ আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা অসমীয়া ভাষাত ৰচিত এখন গ্ৰন্থ। আনন্দৰাম ঢেকিয়াল ফুকনে মুঠ তিনিটা ভাগত '''অসমীয়া লৰাৰ মিত্ৰ''' ৰচনা কৰা বুলিলে পোৱা যায় যদিও দ্বিতীয় আৰু তৃতীয় ভাগ দুটাহে উপলব্ধ। দ্বিতীয় ভাগৰ নাম '''বালকোপদেশ''' আৰু তৃতীয় ভাগৰ নাম '''ভূগোল পৰিচয়''। এই দুয়োখন গ্ৰন্থ ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ প্ৰথমচোৱাত তলৰ শ্ৰেণীৰ পাঠ্যপুথি ৰূপে প্ৰচলিত আছিল। ইয়াত অসমৰ যুৱচামক উদ্দ্যেশ্যি নীতি, ধৰ্ম আৰু নানা বিদ্যা বিষয়ক উপদেশ দিয়া হৈছে। গ্ৰন্থদুখনৰ ৰচনা কাল ১৮৪৬ যদিও প্ৰকাশ পায় ১৮৪৯ চনত।

  1. বিদ্যা সকলো সদ্গুণৰে মূল, তাৰ পৰা মনুষ্যৰ ইহ কালত আৰু পৰ কালতো অসীম উপকাৰ হয়, বিদ্যাৱন্ত মানুহ নিৰ্ধনী হলেও তেঁওক সকলোৱে মান সৎকাৰ কৰে, কিন্তু ধনৱন্ত মূৰ্খে জ্ঞানিৰ সমাজলৈ গলে তাক কেৱে নুসুধি পণ্ডিত -কহে আদৰ কৰিব। বিদ্যাৰ দ্বাৰা মনুষ্যৰ মন পোহৰ হয়, কিয়নো নানা শাস্ত্ৰ পঢ়িলে নানা কথা জনা জায়, বিদ্যা জানিলে এই পৃথিবী কেনে ইয়াত কিং আচে আৰু আকাশ নক্ষত্ৰ প্ৰভৃতি নৌ কেনে এই সকল সুন্দৰে জানি, কিন্তু যাৰ বিদ্যা নাই সি এই সকল একোকে নেজানে আৰু তাৰ মন গোটেই এন্ধাৰ হৈ থাকে। বিদ্যা জানিলে সময় ব্যয় কৰি বলৈ সুন্দৰ উপায় ওলায়, আৰু পণ্ডিতে সময় দিঘল হবলৈ অভিলাষ কৰে, কিন্তু মূৰ্খে সময় চুটি হয় মানে ভাল পায়; কিয়নো সি সময় যাপন কৰিবলৈ একো উপায় নাপায়। বিদ্যাৰ পৰা অৰ্থ লাভ, যশস্যা ইত্যাদি হয়, বিদ্যাক ভগন কৰিলে বাঢ়ে, আৰু একোৰে গুচাব নোৱাৰে; কিন্তু এই সকল গুণত কৈও বঢ়া গুণ আছে।[]
  2. এই পৃথিবীত জিয়াই থাকি আমি যি কৰ্ম কৰোঁ তাৰ ফল মৰিলে পাম, অৰ্থাৎ সুকৰ্ম কৰিলে পৰ কালত পুৰস্কাৰ পাম, কিন্তু অকৰ্ম কৰিলে দণ্ডনীয় হম।[]
  3. হে ল'ৰা বিলাক, তোমোলাক যদি অতি ধনৱন্তেই হোৱা তেও বিদ্যাক হেলা নকৰিবা, ধনৱন্ত হৈ বিদ্যাৱন্ত হব পাৰিলে অধিক সুখৰ হে কথা, কিন্তু ধন থাকি বিদ্যা না থাকিলে তাৰ সমান বিষম পাব লগা কথা আৰু নাই।[]
  4. আনৰ গুণক বিচাৰিবা, কিন্তু আপোনাৰ দোষ বিচাৰিবা।
  5. অহংকাৰী নহ'বা কিয়নো অহংকাৰক মনুষ্য আৰু ঈশ্বৰেও ঘৃণা কৰে৷[]
  6. তোমাৰ সময় সৎকৰ্মত ব্যয় কৰিবা। সময় এতিয়া আছে কিন্তু বতাহৰ নিচিনা উৰি শীঘ্ৰে জাবগৈ। সময় যদি এবেলি গল সি আকৌ উভতি নাহে আৰু এক তিলাৰ্দ্ধ সময়ো সোনৰ ভঁৰাল উবুৰিয়াই দিও কিনিব নোৱাৰি।[]
  7. ধনৱন্ত মানুহৰ ঐশ্বয্য দেখি অসন্তোষ নকৰিবা আৰু তোমাৰো তাৰ নিচিনা ধন নোহোৱাত চিন্তা নকৰিবা কিয়নো সকলো ধনৱন্ত, মানুহেই, সুখী নহয় আৰু সুন্দৰ বস্তুৰ পৰা শৰীৰৰ আৰোগ্যতা আৰু শান্তি পোৱা নেজাই।[]
  8. তোমাৰ পিতৃ মাতৃক মান্য কৰা। তোমালৈ জি ভাল তাক তেঁওবিলাকে তোমাতৈক অধিক জানে আৰু সিবিলাকে সদাই তুমি জ্ঞানী আৰু সুখি হবৰ বাঞ্ছা কৰে। (পৃ.৪৯)
  9. গোলাপ ফুলৰ পৰা নিয়ৰৰ টোপ মাটিত পৰিলে যেনে দেখিবলৈ সুন্দৰ মৰমিয়াল মানুহৰ চকুৰ পানি তাতকৈও সুন্দৰ।(পৃ.৮০)
  10. যি মানুহে আনক দয়া কৰে তাকো আনে দয়া কৰিব, কিন্তু যাৰ দয়া নাই তাক কোনোৱে দয়া নকৰে। (পৃ.৮০)
  11. কটুভাষীক কেৱে আদৰ নকৰে মিষ্টভাষীক সকলোৱে ভাল পায়।(পৃ.৩২)
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ আনন্দৰাম ঢেকিয়াল ফুকন. অসমিয়া লৰাৰ মিত্ৰ পৃষ্ঠা: ২. আহৰণ কৰা হৈছে: 1 এপ্ৰিল 2022.